পৃথক কমতাপুৰ আৰু জনজাতিৰ বাবে প্ৰয়োজনবশত হাতত বন্দুক তুলি ল’ব কোচ ৰাজবংশীয়ে : বিশ্বজিৎ ৰায়

পৃথক কমতাপুৰ আৰু জনজাতিৰ বাবে প্ৰয়োজনবশত হাতত বন্দুক তুলি ল’ব কোচ ৰাজবংশীয়ে : বিশ্বজিৎ ৰায়

ডিজিটেল সংবাদ কোকৰাঝাৰঃ কোচ ৰাজবংশী হ'ল চিলাৰায়ৰ বংশধৰ , ক্ষত্ৰিয় , এটা যুদ্ধ কৰা জাতি । ব্ৰিটিছেও কোচৰাজবংশীৰ ওচৰত শিৰনত কৰিছিল , ৬০০ বছৰ ৰাজত্ব কৰা আহোমেও কোচ ৰাজবংশীৰ ভেঁটি লৰাব পৰা নাছিল । তেনেক্ষেত্ৰত আমাৰ অধিকাৰ প্ৰাপ্তিত কোনে অসম ৰক্তাক্ত কৰিব ? এখন গণতান্ত্ৰিক ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ মুখত ৬ জনগোষ্ঠীক জনজাতিকৰণ কৰিলে অসম ৰক্তাক্ত হ'ব ধৰণৰ বক্তব্য শোভা নাপায় । এই মন্তব্য কৰিছে কোচ ৰাজবংশী জাতীয় পৰিষদৰ সম্পাদক বিশ্বজিৎ ৰায়ে ।

শুকুৰবাৰে আক্ৰাছুৰ ২১ তম কেন্দ্ৰীয় শ্বহীদ দিৱস আৰু ১১ তম দ্বিবাৰ্ষিক অধিবেশন উপলক্ষে কোকৰাঝাৰ ৰাসমেলা পথাৰত অনুষ্ঠিত হোৱা শ্বহীদ দিৱসৰ কাৰ্যসূচীত উপস্থিত থাকি কোচ ৰাজবংশী জাতীয় পৰিষদৰ সম্পাদক বিশ্বজিৎ ৰায়ে উক্ত মন্তব্য কৰিছে । পৃথক কমতাপুৰ আৰু জনজাতিকৰণ সন্দৰ্ভত বিজেপি চৰকাৰৰ হোঁহোকা -পিছলা নীতিত ক্ষুব্ধ হৈ বিশ্বজিৎ ৰায়ে কয় যে পৃথক কমতাপুৰ ৰাজ্য পুনৰগঠন আৰু কোচ ৰাজবংশীক জনজাতিকৰণ সন্দৰ্ভত চৰকাৰে অতি শীঘ্ৰে বাস্তৱ পদক্ষেপ নল'লে কোচ ৰাজবংশীয়ে প্ৰয়োজন সাপেক্ষে হাতত বন্দুক তুলি লবলৈ বাধ্য হ"ব ।

১৯৪৯ চনৰ ২৮ আগষ্টত তেতিয়াৰ গৃহমন্ত্ৰী চৰ্দাৰ বল্লভ ভাই পেটেল আৰু যোগানন্দ নাৰায়ন ভূপ বাহাদুৰৰ মাজত সম্পন্ন হোৱা শান্তি চুক্তি অনুসৰি কমতাপুৰ পুনৰগঠনৰ দাবী জনোৱাৰ লগতে অতি শীঘ্ৰে জনজাতিকৰণ কৰিবলৈও দাবী উত্থাপন কৰিছে । ২০০২ চনৰ ১৮ ডিচেম্বৰত সংসদত ১৪২ টা জনগোষ্ঠীক চৰকাৰে জনজাতিকৰণ কৰিলে যদিও কোচ ৰাজবংশীক জনজাতিকৰণ নকৰিলে আৰু বৰ্তমানলৈকে ৰাজ্য চৰকাৰে কেন্দ্ৰীয় চৰকাৰলৈ প্ৰতিবেদনেই প্ৰেৰণ নকৰিলে বুলি ক্ষোভ প্ৰকাশ কৰি বিশ্বজিৎ ৰায়ে কয় যে, হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীগোটৰ অধ্যক্ষ হৈ জনজাতিকৰণ সন্দৰ্ভত নিজেই সমাধান সূত্ৰ বাহিৰ কৰিছিল আৰু তাত সকলোৱে সহমত প্ৰকাশ কৰিছিল যদিও এতিয়া নিজেই অসম ৰক্তাক্ত হ'ব বুলি মন্তব্য কৰাটো শোভা নাপায় বুলি মন্তব্য কৰিছে বিশ্বজিৎ ৰায়ে ।

তদুপৰি পৃথক কমতাপুৰ বা জনজাতিৰ বিকল্প কমতাপুৰ স্বায়ত্বশাসিত পৰিষদ নহয় বুলি মন্তব্যৰে বিশ্বজিৎ ৰায়ে কয় যে, কোনো দপ্তৰ নথকা , বাজেট নথকা , কাৰ্যালয় নথকা এয়া কি পুতলা সদৃশ স্বায়ত্বশাসিত পৰিষদ বুলি প্ৰশ্ন উত্থাপন কৰিছে । কোচ ৰাজবংশীক অৱনমিত কৰি ৰখাৰ চৰকাৰী কৌশলক গৰিহণা দি শীঘ্ৰে পৃথক কমতাপুৰ ৰাজ্য পুনৰগঠন আৰু জনজাতিকৰন নকৰিলে কোচ ৰাজবংশীয়ে পুনৰাই হাতত বন্দুক তুলি ললে তাৰ বাবে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰ হে জগৰীয়া হ'ব বুলি স্পষ্ট কৰি দিয়ে বিশ্বজিৎ ৰায়ে ।

অনুষ্ঠানত আক্ৰাছুৰ সভাপতি দ্বীপেন ৰায়ে বিজেপি চৰকাৰৰ মিথ্যাচাৰক সমালোচনা কৰি বিজেপি চৰকাৰ শাসনাধিষ্ট হ'লে ছমাহৰ ভিতৰত জনজাতিকৰণ হ"ব বুলি নৰেন্দ্ৰ মোডীয়ে ঘোষণা কৰাৰ পিছতো জনজাতিকৰণ নোহোৱাত ক্ষোভ ব্যক্ত কৰে । তদুপৰি মুখ্যমন্ত্ৰীয়ে ৬ জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত কৰা বক্তব্যও দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰিছে ।

উল্লেখ্য যে ইয়াৰ পূৰ্বে আক্ৰাছুৰ শ্বহীদ দিৱস উপলক্ষে ৰাতিপুৱা আক্ৰাছুৰ পতাকা উত্তোলন কৰে সভাপতি দ্বীপেন ৰায়ে । ইয়াৰ পিছতেই চিলাৰায় সেনাৰ পতাকা উত্তোলন , জাতীয় গামোচা উত্তোলন , শ্বহীদ বেদীত মাল্যাৰ্পন আৰু বন্তি প্ৰজ্বলন কাৰ্যসূচী অনুষ্ঠিত হৈ যায় । প্ৰণিধানযোগ্যে যে আক্ৰাছুৰ কেন্দ্ৰীয় শ্বহীদ দিৱস ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি উদযাপন কৰা হৈছে । কোকৰাঝাৰৰ ৰাসমেলা পথাৰত অনুষ্ঠিত হোৱা শ্বহীদ দিৱসৰ কাৰ্যসূচীত পৃথক কমতাপুৰ আৰু জনজাতিকৰণৰ দাবীত ধৰ্ণা কাৰ্যসূচীও ৰূপায়ন কৰে আৰু নিজ দাবীৰ সমৰ্থনত বিভিন্ন শ্লোগানেৰে সদৰ চহৰৰ পৰিৱেশ মুখৰিত কৰি তোলে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in