শেহতীয়া খবৰ
দেহত কোভিডৰ লক্ষণ, চিকিৎসালয়ত ভৰ্তি বিজেপিৰ এজন ৰাষ্ট্ৰীয় মুখপাত্ৰ... • বন্তি শইকীয়াৰ সৈতে দিল্লীলৈ যোৱা কংকনজ্যোতি বৰাৰ কোৰোনা পৰীক্ষাৰ ফলাফল নিগেটিভ, কোৱাৰেন্টাইন কক্ষৰ পৰা উভতিল ঘৰলৈ • প্ৰৱজিত শ্ৰমিকৰ পৰা ৰে'লে ল'ব নোৱাৰিব ভাড়া, বিনামূলীয়াকৈ দিব লাগিব খাদ্য... • মৰ্মান্তিক ঘটনা! নুমলীগড়ত পুখুৰীত পৰি তিনি শিশুৰ সলিল সমাধি... • লকডাউনত বিপদত পৰা দৰিদ্ৰ লোকৰ কাষত সমাজকৰ্মী পৰীক্ষিত দত্ত, বানপানীয়ে ক্ষতি কৰা এলেকাত ৰাইজৰ বাবে পাৰিলে কঠিয়া • নেপালত কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা ১,০৪২ গৰাকীলৈ বৃদ্ধি... • অসমত নতুনকৈ ৩৩ জন লোকৰ দেহত কোৰোনা ভাইৰাছ, ৮৩১লৈ বৃদ্ধি আক্ৰান্তৰ সংখ্যা... • অৱশেষত আৰম্ভ হ'ল সোণতলীৰ আৰিকাটি বৰদিয়া নয়াপাৰা সংযোগী দলং মেৰামতিৰ কাম • বানপানীয়ে প্ৰাণ কাঢ়িলে নগৰবেৰাৰ এগৰাকী কৃষকৰ... • অসম চৰকাৰৰ কৰ্মচাৰীয়ে দৰমহা কেতিয়া পাব, কাটিব নেকি দৰমহাৰ শতাংশ...

নৱ শৰণীয়া নিজেই জেলৰ ভাত খোৱা মানুহ, তেওঁ আনক কি বুজনি দিবঃ বিশ্বজিত দৈমাৰী

বাক্সাৰ শালবাৰীত বিপিএফৰ নিৰ্বাচনী সভা

105

ডিজিটেল সংবাদ, শালবাৰীঃ “এবছু-এনডিএফবিয়ে যিমান আন্দোলন কৰি থাকিলেও ছয় জনগোষ্ঠীৰ জনজাতিকৰণ কৰাৰ ক্ষেত্ৰত তিলমানো বাধা দিব নোৱাৰে৷ আমি এইবেলি লোকসভা নিৰ্বাচনত ১০ ৰপৰা ১২ খন আসন পাম৷” এই মন্তব্য বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ৷ ৫ নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ বিজেপি-এজিপি আৰু বিপিএফ মিত্ৰজোঁটৰ এইবাৰৰ প্ৰাৰ্থী প্ৰমীলা ৰাণী ব্ৰহ্মৰ হৈ বাক্সাৰ শালবাৰীৰ এক নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি হাগ্ৰামা মহিলাৰীয়ে কয়- “এবছুৱে ৰাইজক মাটিৰ পাট্টা দিম বুলি চিঞৰি থাকে৷ এবছু-এনডিএফবি চৰকাৰৰ মানুহ নহয় যে মাটিৰ পাট্টা দিব পাৰিব৷ মাটিৰ পাট্টা আমি দিম৷ ফৰেষ্ট এৰিয়াত থকা সকলো লোককে আমি মাটিৰ পাট্টা দিম৷”

সন্মিলিত জনগোষ্ঠীয় ঐক্যমঞ্চৰ প্ৰাৰ্থী নৱ কুমাৰ শৰণীয়া আৰু ইউজি ব্ৰহ্মক তীব্ৰ ভাষাৰে সমালোচনা কৰা সভাখনত ৰাজ্যসভাৰ সাংসদ বিশ্বজিত দৈমাৰীয়ে ভাগ লৈ কয়- “নৱ কুমাৰ শৰণীয়াই বহুত লৰাক স্বাধীন অসমৰ সপোন দেখুৱাই লৈ গৈ ছহিদ কৰাইছিল, জেলৰ ভাত খুৱাইছিল৷ নৱ শৰণীয়াই নিজেই জেলত থখা মানুহ, তেওঁ আনক কি বুজনি দিব৷”

একেদৰে এবছু সমৰ্থিত ইউপিপিএলৰ প্ৰাৰ্থী ইউজি ব্ৰহ্মক সমালোচনা কৰি তেওঁ কয় যে, উৰ্খাই এবছুক বৰ্তমান নিজৰ পুতলা হিচাপে ব্যৱহাৰ কৰি আহিছে৷ উৰ্খাওৰ ট্ৰেক্টৰৰ তেল নাই গতিকে উৰ্খাই আৰু খুন্দা মাৰিব নোৱাৰে৷ শনিবাৰৰ সভাখনত বিপিএফৰ শালবাৰী জিলা সমিতিৰ সভাপতি মিলন বড়ো, প্ৰাক্তন এমচিএলএ ৰণজিৎ খেৰকটাৰী, নাৰায়ণী বসুমতাৰী, বীৰ সিং, মনোমোহন দাস আদিয়ে অংশগ্ৰহণ কৰে৷

উল্লেখ্য যে, প্ৰতিকুল বতৰৰ বাবে হাগ্ৰামা মহিলাৰীৰ হেলিকপ্তাৰ শনিবাৰে বহু সময় ধৰি শালবাৰীত আবদ্ধ হৈ থাকিবলগীয়া হয়৷ নিৰ্বাচনী সভাৰ পেণ্ডেলৰো বতাহ-বৰষুণৰ ফলত যথেষ্ট ক্ষতিসাধন হয়৷

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি