বিশ্বকৰ্মা পূজা আৰু দুৰ্গোৎসৱ আয়োজনত ১৪৪ ধাৰাৰ অধীনত গোৱালপাৰা জিলা প্ৰশাসনৰ কঠোৰ নীতি-নিৰ্দেশনা জাৰি…

বিশ্বকৰ্মা পূজা আৰু দুৰ্গোৎসৱ আয়োজনত ১৪৪ ধাৰাৰ অধীনত গোৱালপাৰা জিলা প্ৰশাসনৰ কঠোৰ নীতি-নিৰ্দেশনা জাৰি…

ডিজিটেল সংবাদ, গোৱালপাৰা: সমগ্ৰ বিশ্বতে ঘাটক কোৰোনা ভাইৰাছে সৃষ্টি কৰিছে বিভীষিকা।ইয়াৰ পৰা সাৰি যোৱা নাই দেশ তথা ৰাজ্য।সমগ্ৰ দেশত ৫০ লক্ষাধিক লোক এই ভাইৰাচত আক্ৰান্ত হোৱাৰ বিপৰীতে ৮০ হেজাৰোধিক লোক নিহত হৈছে। অসমতো কোৰোনা মহামাৰীয়ে ক্ৰমশ: তীব্ৰ ৰূপ ধাৰণ কৰিছে।

স্বাস্থ্য মন্ত্ৰীয়ে সদৰি কৰা মতে ইতিমধ্যেই ৰাজ্যখনত প্ৰায় ডেৰ লক্ষ লোক কোৰোনাত আক্ৰান্ত হৈছে।ইয়াৰে ৫১১জন লোক বুধবাৰৰ দিনলৈকে কৰুণ মৃত্যুক সাবতিছে।তথাপি একাংশ অবিবেচক লোকে চৰকাৰী নীতি-নিয়ম ভৰিৰে মোহাৰি কোভিড প্ৰটকল ভংগ কৰি এই মহামাৰিৰ প্ৰসাৰ ঘটাই আহিছে।আগন্তুক দিনত অৰ্থাৎ দুৰ্গোৎসৱৰ সময়ত এই মহামাৰিৰ সামাজিক সংক্ৰমণে ভয়াবহ ৰূপ লোৱাৰ আশংকা প্ৰকট হৈ পৰিছে।

সেয়েহে চৰকাৰী নিৰ্দেশ মৰ্মে বৃহস্পতিবাৰৰ খনিকৰ বিশ্বকৰ্মা পূজা আৰু আগন্তুক দুৰ্গোৎসৱৰ আশাংকিত মহামাৰিৰ সামাজিক সংক্ৰমনক ব্ৰেক ডাউন কৰিবলৈ গোৱালপাৰা জিলা প্ৰশাসনেও ১৪৪ ধাৰা চি আৰ, পি চিৰ অধীনত বৃহস্পতিবাৰৰ বিশ্বকৰ্মা আৰু আগন্তুক দুৰ্গা পূজা উদযাপনত কিছু কঠোৰ নীতি-নিৰ্দেশনা জাৰি কৰিছে।

বুধবাৰে নিশা দহ বজাত গোৱালপাৰা জিলা প্ৰশাসনৰ হৈ অতিৰিক্ত জিলা দণ্ডাধীশ প্ৰাঞ্জল চৌধুৰীয়ে জাৰি কৰা প্ৰশাসনীয় নিৰ্দেশনাটোত কোৱা হৈছে যে-বৃহস্পতি বাৰৰ বিশ্বকৰ্মা পূজা আৰু আগন্তুক দুৰ্গোৎসৱ উদযাপনৰ সময়ত পূজা মণ্ডপ বা ইয়াৰ আশে-পাশে কোনো ধৰণৰ মেলা আদিৰ আয়োজন কৰিব দিয়া নহ'ব। কোনো অস্থায়ী পেণ্ডল স্থাপন কৰিব নোৱাৰিব থিক সেইদৰে পথৰ কাষতো অস্থায়ী পেণ্ডেল পাতিব দিয়া নহ'ব।একে সময়ত পূজা মণ্ডপত আয়োজকসহ ৩০ জন লোকৰ সমাগম হোৱাৰ অনুমতি থাকিব।সৰ্বোচ্চ ২০জন ভক্তক একে সময়ত যি কোনো পূজা মণ্ডপত যথোচিত সামাজিক দূৰত্ব বজাই ৰাখি প্ৰৱেশৰ অনুমতি।

মাস্ক নিপিন্ধাকৈ আৰু হাত পৰিস্কাৰ নকৰাকৈ কোনো লোকক পূজা মণ্ডপত প্ৰৱেশ কৰিব দিব নোৱাৰিব আয়োজক সমিতিয়ে।আৰু ইয়াৰ বাবে যাবতীয় ব্যৱস্থা স্বয়ং আয়োজক সমতিয়ে কৰিব লাগিব।কোনো ভক্তিমূলক সমদল কৰাৰ অনুমতি নাথাকিব।প্ৰতিমা বিসৰ্জনৰ সময়ত মাত্ৰ পাঁচজন লোকৰ অনুমতি থাকিব।পূজা মণ্ডপত প্ৰৱেশ কৰাৰ সময়ত প্ৰতিজন ভক্তৰ স্কিনিং কৰাটো বাধ্যতামূলক।

কোনো ভক্তৰ গাত কোভিড-১৯ সম্পৰ্কীয় লক্ষণ থাকিলে পূজা মণ্ডপত প্ৰৱেশ কৰাত বাৰণ কৰিব লাগিব আয়োজক সমিতিয়ে।পূজা মণ্ডপ বা ইয়াৰ আশে-পাক্ষে কোনো লোকৰ গাত ক'ভিড-১৯ৰ লক্ষণ প্ৰত্যক্ষ কৰিলে ব্যক্তিজনৰ চিকিৎসাৰ বাবে ওচৰৰ কোৰোনা কেয়াৰ চেণ্টাৰলৈ খবৰ কৰাৰ দায়িত্ব থাকিব আয়োজক সমিতিৰ ওপৰত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in