চৌকত আলীৰ স্বাস্থ্যৰ বুজ ললে বিশ্বনাথৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকে

চৌকত আলীৰ স্বাস্থ্যৰ বুজ ললে বিশ্বনাথৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকে

ডিজিটেল সংবাদ, বিহালীঃ বিশ্বনাথ জিলাৰ উপায়ুক্ত পৱিত্ৰ ৰাম খাউণ্ড আৰু আৰক্ষী অধীক্ষক ৰাকেশ ৰোচনে বৃহস্পতিবাৰে দক্ষিণ চতিয়াৰ ভোজমাৰী গাঁও ভ্ৰমণ কৰি বিশ্বনাথ চাৰিআলিত অলপতে সংঘটিত অপ্ৰীতিকৰ ঘটনাৰ ভুক্তভোগী চৌকত আলীক সাক্ষাৎ কৰে আৰু তেওঁৰ স্বাস্থ্যৰ বুজ লয়। লোকগৰাকীৰ ঘৰত উপস্থিত হৈ উপায়ুক্তগৰাকীয়ে তেওঁৰ আশু আৰোগ্য কামনা কৰাৰ লগতে বিশ্বনাথ চাৰিআলিৰ মহকুমা চিকিৎসা আৰু স্বাস্থ্য বিষয়াগৰাকীক ফোনযোগে যোগাযোগ কৰি চৌকত আলীৰ চিকিৎসা ব্যৱস্থাৰ উপযুক্তভাৱে তদাৰক কৰাৰ নিৰ্দেশ দিয়ে।

ঘটনাৰ লগত জড়িত প্ৰায়সকল দুৰ্বৃত্তক ইতিমধ্যেই আটক কৰা হৈছে বুলি ভুক্তভোগীগৰাকীক অৱগত কৰি আৰক্ষী অধীক্ষকগৰাকীয়ে এইক্ষেত্ৰত আৰক্ষীৰ ফালৰ পৰা তেওঁক সম্পূৰ্ণ ন্যায় প্ৰদানৰ নিশ্চিতি দিয়ে। উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকগৰাকীয়ে চৌকত আলীক একোখনকৈ ফুলাম গামোচা পিন্ধাই ৰঙালী বিহুৰ শুভেচ্ছাও জ্ঞাপন কৰে। এই সাক্ষাৎকালত বিশ্বনাথৰ তথ্য আৰু জনসংযোগ বিষয়া প্ৰশান্ত কুমাৰ বৰাও উপস্থিত আছিল।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in