বিশ্বনাথত ব্যৱসায়ীক প্ৰতিষ্ঠানৰ ধন আত্মসাৎ কৰি ৰঙা ঘৰৰ আলহী হ’ল এজন যুৱক…

বিশ্বনাথত ব্যৱসায়ীক প্ৰতিষ্ঠানৰ ধন আত্মসাৎ কৰি ৰঙা ঘৰৰ আলহী হ’ল এজন যুৱক…

ডিজিটেল সংবাদ, বিশ্বনাথঃ অধিক বিশ্বাসেই কাল হ'ল এটা ব্যৱসায়ীক প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰীৰ ৷ বিশ্বাসত কৰ্মচাৰীক ধনৰ লেনদেন কৰিবলৈ দি এইবাৰ বিপদত পৰিল খোদ মালিক ৷ বিশ্বনাথ চাৰিআলিৰ এটা ড্ৰাগ ডিষ্টিবিউটৰৰ ৭.৫ লক্ষাধিক টকা আত্মসাৎ কৰি ধৰা পৰিল এটা চোৰ ৷ বিগত তিনিবছৰ ধৰি বিনায়ক ড্ৰাগ ডিষ্টিবিউটৰ নামৰ ব্যৱসায়ীক প্ৰতিষ্ঠানখনত কৰ্মচাৰী হিচাপে কৰ্মৰত হৈ আছিল বিশ্বনাথ চাৰিআলি বৰকুৰা গাঁৱৰ বিকাশ বিশ্বকৰ্মা নামৰ যুৱকজন ৷

ব্যৱসায় প্ৰতিষ্ঠানখনৰ ধনৰ লেনদেনৰ কাম কৰা যুৱকজনে পৰিকল্পনা কৰি মালিকে গ'ম নোপোৱাকৈ প্ৰতি দিনে আত্মসাৎ কৰি আহিছিল ধন ৷ শেহতীয়াকৈ ডিষ্টিবিউটৰটোৰ হিচাপ পৰীক্ষা কৰাৰ পিছতে পোহৰলৈ আহিছে বহু পৰিমানৰ ধনৰ বিত্তীয় খেলি মেলি ৷ দৈনিক ৰচিদ প্ৰদান কৰি ফাৰ্মাচী সমূহৰ পৰা সংগ্ৰহ কৰা ধনৰ পৰিমান আৰু ডিষ্টিবিউটৰৰ হিচাপৰ বহীত যুৱকজনে নিজে স্বাক্ষৰ কৰি স্বতাধিকাৰীক চমজাই দিয়া ধনৰ পৰিমানৰ মাজত ধৰা পৰিল পাৰ্থক্য ৷

এনেদৰেই প্ৰতি দিনেই মালিকৰ চকুত ধুলি দি যুৱকজনে ধন আত্মসাৎ কৰি প্ৰায় ৭.৫ লক্ষাধিক টকাৰ খেলি মেলি কৰাৰ অভিযোগ দাখিল কৰা হৈছে বিশ্বনাথ চাৰিআলি আৰক্ষী থানাত ৷ ড্ৰাগ ডিষ্টিবিউটৰটোৰ স্বতাধিকাৰীয়ে দাখিল কৰা অভিযোগৰ ভিত্তিত ৮৮/২০২১ নম্বৰৰ এটা গোচৰ ইউ/এছ ৪২০/৪০৬/৫০৬/৩৪ আই পি চি ধাৰাৰ অধীনত ৰুজু কৰিছে আৰক্ষীয়ে ৷

আনহাতে ঘটনাটো পোহৰলৈ অহাৰ পিছতে সমুদায় ধন ঘূৰাই দিম বুলি বিকাশ বিশ্বকৰ্মা নামৰ যুৱকজনে প্ৰতিশ্ৰুতি দিয়াত প্ৰথম অৱস্থাত বুজা পৰাৰ মাজতে বিষয়টো মীমাংসা কৰাৰ চেষ্টা কৰা হৈছিল যদিও যুৱকজনে ধন বিচাৰি ফোন যোগে যোগাযোগ কৰিলে আত্মহত্যা কৰিম বুলি ওলোটাই ব্লেকমেইলিং কৰিবলৈ আৰম্ভ কৰাত উপায়ন্তৰ হৈ ড্ৰাগ ডিষ্টিবিউটৰৰ স্বতাধিকাৰী গৰাকীয়ে বিশ্বনাথ চাৰিআলি আৰক্ষী থানাত গোচৰ তৰিবলৈ বাধ্য হয় ৷

আৰক্ষীয়ে বিকাশ বিশ্বকৰ্মা নামৰ যুৱকজনক কৰায়ত্ত কৰি আদালতত হাজিৰ কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে ৷ ইফালে আত্মসাৎ কৰা ধনৰে চাৰিচকীয়া বিলাসী বাহন ক্ৰয় কৰাৰো অভিযোগ উত্থাপিত হৈছে যুৱকজনৰ বিৰুদ্ধে ৷ এই ঘটনাই বিশ্বনাথ চাৰিআলিৰ ব্যৱসায়ীক মহলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in