মথুৰাপুৰৰ বিভিন্ন স্থানত অনুষ্টুপীয়াকৈ বিশ্বকৰ্মা পূজা…

মথুৰাপুৰৰ বিভিন্ন স্থানত অনুষ্টুপীয়াকৈ বিশ্বকৰ্মা পূজা…

ডিজিটেল সংবাদ,মথুৰাপুৰ : কোৰোনা মহামাৰী ভয়াবহতা প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ বিভিন্ন প্ৰান্তত লগতে চৰাইদেউ মথুৰাপুৰৰ বিভিন্ন স্থানত অনুষ্টুপীয়াকৈ পালন কৰা হৈছে বিশ্বকৰ্মা পূজা । এই উপলক্ষে বৃহস্পতিবাৰে পুৱাৰে পৰা অঞ্চলটোৰ ঠাই বিশেষ বিশ্বখনিকৰ বিশ্বকৰ্মাক আৰাধনা কৰা পৰিলক্ষিত হয়৷

উদ্যোগ,কলকাৰখানা,ব্যৱসায়ী প্ৰতিষ্ঠানৰ লগতে বহুলোকে নিজ গৃহতে পূজা-অৰ্চনা কৰি মাহ-প্ৰসাদ, ফল-মূলৰ নৈবেদ্য আগবঢ়াই দেৱতাৰ জনৰ চৰণত আৰ্শীবাদ লোৱা দেখা যায় ৷ ইফালে জিলা প্ৰশাসনৰ নীতিনিদেৰ্শনা মানি চৰাইদেউ জিলাৰ বিভিন্ন প্ৰান্তত বিশ্বকৰ্মা পূজা ভাগ নিয়াৰিকৈ সম্পন্ন কৰা পৰিলক্ষিত হয় ৷

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in