ওৰাঙত ৰাভা দিৱস উদযাপন…

ওৰাঙত ৰাভা দিৱস উদযাপন…

ডিজিটেল সংবাদ ,ওৰাংঃ আজি ৰাভা দিৱস । ৰাজ্যজুৰি কলাগুৰু বিষ্ণু ৰাভাক কৰা হৈছে স্মৰণ ।ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে আজি ওৰাঙতো সৈনিক শিল্পী কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ ৫০ সংখ্যক মৃত্যু দিৱসটি ৰাভা দিৱস হিচাপে উদযাপন কৰা হয়।

ওৰাঙৰ কলাগুৰু বিষ্ণু ৰাভাৰ নামত উৎসৰ্গিত মহাবিদ্যালয় কলাগুৰু বিষ্ণু ৰাভা স্নাতক মহাবিদ্যালয় অনুষ্ঠিত হয় ৰাভা দিৱস । মহাবিদ্যালয়ৰ অধ্যক্ষ, কৰ্মচাৰী ছাত্ৰ- ছাত্ৰী সকলে উদযাপন কৰে ৫০ সংখ্যাক ৰাভা দিৱসটি।পতাকা উত্তোলন আৰু শ্ৰদ্ধাঞ্জলী জ্ঞাপন আৰু মহাবিদ্যালয় খনতে থকা বিষ্ণু ৰাভাৰ প্ৰতিমূৰ্তিত মাল্যৰ্পনেৰে অনুষ্ঠিত বিভিন্ন কাৰ্যসূচী।

লগতে ওৰাং সাহিত্য সভা ভৱনতো দিনযোৰা বিভিন্ন কাৰ্যসূচীৰে অনুস্থিত কৰা হয় ৫০ সংখ্যাক ৰাভা দিৱস । ওৰাং সাহিত্য সভা ভবনত ওৰাঙৰ জ্যোষ্ঠ শিক্ষক জিতেন্দ্ৰ নাথ ডেকাৰ "সাগৰ তলিত মানিক" নামৰ এখন কবিতা পুথি উন্মোচন কৰা হয় ।

উন্মোচন কৰে ওদালগুৰি জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি মানিক শৰ্মাই। লগতে অনুষ্ঠিত হয় ৰাভা সংগীত প্ৰতিযোগিতা । চৰকাৰে দীৰ্ঘদিন ধৰি প্ৰতিশ্ৰুতি দি অহা তেজপুৰত থকা বিষ্ণু ৰাভাৰ বাসগৃহৰ সংৰক্ষণ কৰাৰ বাবে আহ্বান জনাই কলাগুৰু বিষ্ণু ৰাভা স্নাতক মহাবিদ্যালয় ছাত্ৰ ছাত্ৰী সকলে । ইয়াৰ উপৰিও কলাগুৰু বিষ্ণু ৰাভাৰ সৃষ্টি ৰাজিক সংৰক্ষণ কৰিলৈ চৰকাৰক আহ্বান জনাই ওৰাং শাখা সাহিত্য সভাই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in