দুৰ্গা প্ৰতিমা বিসৰ্জন UPDATES

দুৰ্গা প্ৰতিমা বিসৰ্জন UPDATES

দুপৰীয়া ১২.৪৩ বজাতঃ চানমাৰিৰ ৰাজপথত দেৱীৰ মূৰ্তি বিসৰ্জনৰ বাবে লৈ যোৱা এক দৃশ্য-

দুপৰীয়া ১২.৪০ বজাতঃ বিসৰ্জনস্থলীত মূৰ্তি বিসৰ্জন দিয়া এক মুহূৰ্ত।

দুপৰীয়া ১২.৩৫ বজাতঃ দশমীৰ আনন্দ-উলাহৰ মাজেৰে দেৱীৰ প্ৰতিমা বিসৰ্জন দিবলৈ যোৱা ভক্তসকল।

দুপৰীয়া ১২.০০ বজাতঃ বিসৰ্জনস্থলীত আহি উপস্থিত হৈছে ইখনৰ পাছত সিখনকৈ পূজা মণ্ডপৰ প্ৰতিমূৰ্তি কঢ়িওৱা বাহনসমূহ। অতি শৃংখলাবদ্ধভাৱে সম্পন্ন কৰা হৈছে বিসৰ্জন।

পুৱা ১১.৪০ বজাতঃ বিসৰ্জনলৈ নিয়াৰ পূৰ্বে মহানগৰীৰ নিউ গুৱাহাটী আঞ্চলিক পূজা মণ্ডপত দেৱীক বিদায় প্ৰণাম জনোৱা এক দৃশ্য।

পুৱা ১১.৩৫ বজাতঃ এটা এটাকৈ ব্ৰহ্মপুত্ৰৰ বুকুত বিসৰ্জন দিয়া হৈছে দুৰ্গা পূজাৰ প্ৰতিমূৰ্তি।

পুৱা ১১.২০বজাতঃ দুৰ্গা পূজাৰ প্ৰতিমূৰ্তি বিসৰ্জন আৰম্ভ। বিসৰ্জনৰ বাবে পূৰ্বৰে পৰা সাজু আছিল প্ৰশাসন। অতি শৃংখলাৱদ্ধভাৱে বিসৰ্জনস্থলীলৈ নিয়া হৈছে প্ৰতিমূৰ্তি।

পুৱা ১১.০০ বজাতঃ কোনো লোকক মূৰ্তি বিসৰ্জনৰ বাবে নদীৰ কাষলৈ দিয়া নাই প্ৰশাসনে। ইয়াৰ বাবে সাজু কৰি ৰাখিছে প্ৰায় ১৫০ কৰ্মী।

পুৱা ১১.০০বজাতঃ বিসৰ্জনস্থলীত এক উৎসৱমুখৰ পৰিৱেশ।

পুৱা ১০.৪৫ বজাতঃ আৰক্ষীয়ে স্থাপন কৰিছে নিয়ন্ত্ৰণ কক্ষ আৰু চিচি টিভি কেমেৰা।

পুৱা ১০.৪০বজাতঃ বিসৰ্জনস্থলীত আছে এছ ডি আৰ এফ, এন ডি আৰ এফৰ দল।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in