অজয় সিং কেনেকৈ হ’ল যোগী আদিত্যনাথ…

অজয় সিং কেনেকৈ হ’ল যোগী আদিত্যনাথ…

ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে বুধবাৰে ভৰি দিলে ৪৭ বছৰ বয়সত। কম বয়সতে যোগী আদিত্যনাথৰ ৰাজনৈতিক ক্ষেত্ৰখনত যি উত্থান , সেয়া সচাকৈয়ে ঈৰ্ষনীয়। উত্তৰাখণ্ডৰ ৰাজপুত পৰিয়ালৰ জন্ম যোগী আদিত্যনাথৰ আচল নাম অজয় সিং।

গোৰখপুৰৰ পৰা ধাৰাবাহিকভাৱে ৫ বাৰকৈ বিজেপি সাংসদ হিচাপে নিৰ্বাচিত হৈছে যোগী। ১৯৯৮ চনত লোকসভালৈ প্ৰথম নিৰ্বাচিত হোৱাৰ সময়ত তেওৰ বয়স আছিল ২৬ বছৰ। আদিত্যনাথৰ এখন ধাৰ্মিক সংগঠনো আছে, নাম হিন্দু যুৱা বাহিনী।

১৯৭২ চনৰ ৫ জুনত জন্ম হোৱা আদিত্যনাথ ১৯৯০ চনত গণিত বিষয়ত অনাৰ্চ লৈ স্নাতক পৰীক্ষা পাছ কৰে। লোকসভালৈ নিৰ্বাচিত হোৱা কম বয়সৰ সাংসদৰ তালিকাত যোগী আদিত্যনাথৰ নামো সন্নিৱিষ্ট আছে। ২০১৭ চনৰ ১৯ মাৰ্চত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ আসনত বহে যোগী আদিত্যনাথ।

যোগী আদিত্যনাথৰ জন্মদিনত তেওৰ অগণন গুণমুগ্ধই জনালে শুভকামনা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও টুইটাৰযোগে জনালে জন্মদিনৰ শুভেচ্ছা

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in