প্ৰয়াত বিশ্বখ্যাত কথক নৃত্য পণ্ডিত বিৰ্জু মহাৰাজৰ শেষ শ্ৰদ্ধাঞ্জলি…

প্ৰয়াত বিশ্বখ্যাত কথক নৃত্য পণ্ডিত বিৰ্জু মহাৰাজৰ শেষ শ্ৰদ্ধাঞ্জলি…

ডিজিটেল সংবাদ, লামডিংঃ বিশ্বখ্যাত নৃত্য কলা কথক নৃত্যৰ পণ্ডিত বিৰ্জু মোহন নাথ মিশ্ৰাৰ যোৱা কালি পৰলোক প্ৰাপ্তি হোৱা ঘটনাই সমগ্ৰ দেশজুৰি শোকৰ ছাঁ পেলাইছে ৷ সংস্কৃতি জগতখনৰ পৰা আৰু এজন নক্ষত্ৰ হেৰাই গ'ল ৷ সমগ্ৰ দেশৰ তথা অসমৰ লগত লামডিঙতো তেওঁৰ শেষ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে ৷ গুৰু শিষ্যৰ সম্পৰ্ক থকা লামডিঙৰ সুবিখ্যাত নিত্যৃকাৰ চন্দন দেৱৰয়ৰ নিজ বাস ভৱনত আয়োজন কৰে শ্ৰদ্ধাঞ্জলি তথা শোকসভা ।

লামডিঙৰ সাংস্কৃতিক মাধ্যমত জড়িত থকা সকলো নৃত্যশীল্পি উপস্থিত থকাৰ লগতে উক্ত অনুষ্ঠানত উপস্থিত থাকে লামডিং সমষ্টিৰ বিধায়কৰ পত্নী মীৰা মিশ্ৰ আৰু বিশিষ্ট ব্যক্তি উপস্থিত হৈ সমবেদনা জ্ঞাপন কৰিছে ৷ আজি শিল্পী দিৱসত অসমৰ গৌৰৱ মহান শিল্পী জ্যোতি প্ৰসাদ আগৰৱালা দেৱকো সোৱৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে লামডিঙৰ নৃত্য শিল্পী চন্দন দেৱৰয় আৰু মীৰা মিশ্ৰাই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in