দৌলাশালত ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাক স্মৰণ বিৰিণা গোষ্ঠী অসমৰ…

দৌলাশালত ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাক স্মৰণ বিৰিণা গোষ্ঠী অসমৰ…

ডিজিটেল সংবাদ চেঙাঃ অসমৰ এটি অন্যতম সাহিত্য-সাংস্কৃতিক অনুষ্ঠান বিৰিণা গোষ্ঠী অসমে নলবাৰী জিলাৰ দৌলাশালস্থিত জলসম্পদ বিভাগৰ পৰিদৰ্শন বঙলাত বৃহস্পতিবাৰে সন্ধিয়া গোষ্ঠীটোৰ অক্টোবৰ মাহৰ সাহিত্য আলাপ "বিৰিণা বৈভৱ" আৰু অসমীয়া সাহিত্যৰ কাণ্ডাৰী "ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা"ৰ জন্মদিন পালন কৰে। ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ জন্মদিন উপলক্ষ্যে স্মৃতিচাৰণ সভাও অনুষ্ঠিত কৰে গোষ্ঠীটোৱে ।

বিৰিণা গোষ্ঠী অসমৰ সভাপতি লীলাধৰ পাঠকৰ সভাপতিত্বত অনুষ্ঠিত "বিৰিণা বৈভৱ" আৰু "স্মৃতিচাৰণ সভা"খনত ৰসৰাজৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে গোষ্ঠীটোৰ উপদেষ্টা ৰোহিণী কুমাৰ দাস আৰু ৰসৰাজৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে বিশিষ্ট কবি জিয়াউৰ ৰহমানে। উদ্দেশ্য ব্যাখ্যা কৰে গোষ্ঠীটোৰ সম্পাদক তফিকুৰ ৰহমানে।

বিৰিণা বৈভৱ অনুষ্ঠানটোত ৰমনী নাথ, আতিকুৰ ৰহমান, খঞ্জনজ্যোতি পাঠক, ছাহজাহান আলী, জেহেৰুল ইছলাম, জয়ন্ত ডেকা, দেৱজিৎ নাথ, ছাহনুৰ আলী, ছেলিম মালিক, মুকিবুল ইছলাম আদিয়ে কথা-কবিতাৰে অনুষ্ঠানটো জীপাল কৰাৰ লগতে গোষ্ঠীটোৰ উপদেষ্টা ৰোহিণী কুমাৰ দাস আৰু বিশিষ্ট কবি জিয়াউৰ ৰহমানে ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ জীৱন-দৰ্শন আৰু সাহিত্যৰাজিৰ বিষয়ে বক্তব্য প্ৰদান কৰে। অসম সংগীত পৰিবেশনেৰে অনুষ্ঠানৰ সামৰণি পৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in