বনাঞ্চললৈ সংক্ৰমিত হৈছে বাৰ্ড ফ্লু, বিলুপ্তপ্ৰায় প্ৰজাতিলৈ ভাবুকি….

বনাঞ্চললৈ সংক্ৰমিত হৈছে বাৰ্ড ফ্লু, বিলুপ্তপ্ৰায় প্ৰজাতিলৈ ভাবুকি….

ডিজিটেল ডেস্ক : দেশত কোৰোনা মহামাৰীৰ মাজতে বৃদ্ধি হৈছে বাৰ্ড ফ্লুৰ সংক্ৰমণ ।দেশৰ প্ৰায় ১০ খন ৰাজ্যত সংক্ৰমিত হৈছে বাৰ্ড ফ্লু । ইপিনে সংৰক্ষিত বনাঞ্চল, আভয়াৰন্য আদিত থকা চৰাইলৈও সংক্ৰমিত হৈছে বাৰ্ড ফ্লু ।

কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰালয়ে কয় যে বাৰ্ড ফ্লুৰ হিমাচল প্ৰদেশ,গুজৰাট,কেৰেলাত থকা জংঘল তথা সৰক্ষিত বনাঞ্চল সমূহতো পোৱা গৈছে ।প্ৰব্ৰজনকাৰী বহু চৰাই এই ৰোগত আক্ৰান্ত হৈছে । আনহাতে বাৰ্ড ফ্লুৱে দেশৰ ৰাজ্য সমূহতো প্ৰভাবিত কৰিব । বনাঞ্চল সমূহত এই বাৰ্ড ফ্লুৰ বাবে বিলুপ্ত প্ৰায় প্ৰজাতি সমূহৰ বাবে এক ভাবুকিৰ সৃষ্টি কৰিছে ।

কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰালয়ৰ অতিৰিক্ত সচিব সৌমিত্ৰ দাসগুপ্তাই কয় যে – বাৰ্ড ফ্লুৰ প্ৰথমটো সংক্ৰমন হিমাচল প্ৰদেশত পোৱা গৈছিল । ইয়াৰ পিছতে কেৰেলা আৰু গুজৰাটৰ বনাঞ্চলত থকা প্ৰব্ৰজনকাৰী চৰাই সমূহ আক্ৰান্ত হয় । মন্ত্ৰালয়ে বাৰ্ড ফ্লুৰ সংক্ৰমন ৰোধৰ বাবে বিভিন্ন সংস্থাৰ সহায় লৈছে । তেও লগতে কয় যে – কোনটো প্ৰজাতিৰ পক্ষী বাৰ্ড ফ্লুত সংক্ৰমিত হৈছে তাক চাব লাগিব ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in