শেহতীয়া খবৰ
যুৱ লেখক, প্ৰবক্তা দুৰ্লভ বৰাৰ সাফল্য...  •  যুৱ লেখক, প্ৰবক্তা দুৰ্লভ বৰাৰ সাফল্য...  •  বঙাইগাঁও-গোৱালপাৰা সংযোগী ৰাষ্ট্ৰীয় ঘাইপথেৰে বন্ধ কৰি দিলে গধূৰ যান-বাহনৰ চলাচল...  •  কংগ্ৰেছলৈ উভতি আহিছে বিধায়ক ৰামালিংগা ৰেড্ডী  •  বৃহস্পতিবাৰে বিধানসভাত বিশ্বাস ভোটত অবতীৰ্ণ হ’ব কৰ্ণাটকৰ মুখ্যমন্ত্ৰী কুমাৰস্বামীঃ বিসম্বাদী বিধায়কক দলৰ বিৰুদ্ধে নাযাবলৈ সকিয়নী  •  অভয়াপুৰী মালেগড়ত পানীৰ সোঁতে উটুৱাই নিলে এজনক  •  শিলচৰ চিকিৎসা মহাবিদ্যালয়ত পুনৰ সক্ৰিয় দালাল চক্ৰ , দুদিনৰ ভিতৰত ২ বাৰ ৰক্তদান কৰি গ্ৰেপ্তাৰ দালাল...  •  বান-গৰাখহনীয়া সমস্যা ৰোধ কৰিবৰ বাবে নতুনকৈ ৩০ কোটি টকাৰ আচঁনি ঘোষণা, চামগুৰিৰ লাওখোৱাত জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত...  •  মোৰ বিশ্বাস, কুলভূষণ যাদৱে ন্যায় লাভ কৰিবঃ প্ৰধানমন্ত্ৰী মোডী  •  অবৈধ নাগৰিক বাহিৰ হ’ব লাগিব দেশৰ পৰাঃ ৰাজ্যসভাত অমিত শ্বাহৰ ঘোষণা

প্ৰধানমন্ত্ৰীৰ ৫৬ ইঞ্চিৰ বুকুক উপহাস! মোডীক লৈ নিৰ্মাণ হ’ব লাগে কমেডী চিনেমা, কাৰ মন্তব্য এয়া…

440

ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ৫৬ ইঞ্চিৰ বুকু এতিয়া বিৰোধীৰ বাবে এক ৰসাত্মক বিষয় হৈ পৰিছে। যিয়েই সুযোগ পাইছে, সিয়েই প্ৰধানমন্ত্ৰী মোডীক তেওঁৰ ৫৬ ইঞ্চিৰ বুকুক লৈ কটাক্ষ কৰিছে। শেহতীয়াকৈ এই কটাক্ষ অভিযানত চামিল হ’ল ন কংগ্ৰেছী প্ৰাৰ্থী তথা অভিনেত্ৰী উৰ্মিলা মাতোণ্ডকাৰো।

বৃহস্পতিবাৰে এক টুইট কৰি কংগ্ৰেছ প্ৰাৰ্থী তথা অভিনেত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰী মোডীক আক্ৰমণৰ লক্ষ্য কৰি লয়। মোডীৰ জীৱনৰ ওপৰত নিৰ্মাণ হোৱা ‘পিএম নৰেন্দ্ৰ মোডী’ নামৰ ছবিখনে প্ৰধানমন্ত্ৰীগৰাকীকেই উপহাস কৰা বুলি মন্তব্য কৰি উৰ্মিলাই কয়, ‘যোৱা ৫টা বছৰত মোডীয়ে একো প্ৰতিশ্ৰুতিয়েই পূৰণ কৰিবলৈ সক্ষম নহ’ল। তেওঁ ৫৬ ইঞ্চিৰ বুকু থপৰিয়াই কোৱা প্ৰতিটো কথা আজি মিছা প্ৰমাণিত হৈছে। তেওঁৰ জীৱনৰ ওপৰত নিৰ্মাণ কৰা ছবিখনে কেৱল তেওঁৰেই নহয়, এক সুস্থ গণতন্ত্ৰ, দৰিদ্ৰতা আৰু ভাৰতৰ সংবিধানকে উপহাস কৰিছে।’

কেৱল এয়াই নহয়, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অসম্পূৰ্ণ প্ৰতিশ্ৰুতিক লৈ এখন হাস্যৰসাত্মক ছবিহে নিৰ্মাণ হ’ব লাগে বুলিও টিপ্পনী কৰে উৰ্মিলাই। উল্লেখ্য যে, অভিনেতা বিবেক অবেৰয় অভিনীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বায়’পিক ‘পিএম নৰেন্দ্ৰ মোডী’ পূৰ্বে ১১ এপ্ৰিলত মুক্তি লাভ কৰাৰ কথা আছিল যদিও নিৰ্বাচন আয়োগে নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ছবিখনৰ মুক্তিত নিষেধাজ্ঞা জাৰি কৰে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি