শেহতীয়া খবৰ
ৰাজ্যত আকৌ ২৫৯৫জনৰ দেহত কোভিড পজিটিভ, আক্ৰান্তৰ সংখ্যা ১৫৫৪৫৩জনলৈ পাইছে বৃদ্ধি...  •  আইপিএল-২০২০ৰ প্রথমখন মেচত জয়ী চেন্নাই ছুপাৰ কিংছ...  •  আইপিএল-২০২০ৰ প্রথমখন মেচত জয়ী চেন্নাই ছুপাৰ কিংছ...  •  এইমছৰ পৰা ঘৰলৈ উভতিল অমিত শ্বাহ...  •  সঁচা কথা লুকাই নাথাকে! দিল্লীলৈ দৌৰিলে হিমন্ত-সৰ্বানন্দ...  •  গোৱালপাৰাত আৰক্ষী বিষয়াৰ গুণ্ডাৰাজ! গহণা চুৰিৰ সন্দেহত নিৰীহ যুৱকক পাশৱিক নিৰ্যাতন...  •  প্ৰধানমন্ত্ৰীৰ জন্মদিনৰে সংগতি ৰাখি "সেৱা সপ্তাহ" উপলক্ষে বটদ্ৰৱাত স্বচ্ছতা অভিযান...  •  ভাৰত-নাগা সংঘাতৰ মিমাংসাত অন্তৰ্ভূক্ত হ’ব লাগিব নগাৰ পতাকা আৰু সংবিধানৰ বিষয়: এন এছ চি এন (আই এম)  •  নগাঁৱৰ হয়বৰগাঁৱত কেঁকো সাপসহ ৫ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ...  •  অৰুণাচলত জলপ্ৰলয়! পাহাৰ খহি পৰিল নদীত... VIDEO

অৱসৰপ্রাপ্ত প্ৰধান শিক্ষক বিনয়চন্দ্র গগৈৰ পৰলোকপ্রাপ্তি, নামতিত শোকৰ ছাঁ…

141

ডিজিটেল সংবাদ, নামতিঃ শিৱসাগৰ জিলাৰ নামতি চাৰিআলি উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্রাপ্ত প্ৰধান শিক্ষক বিনয়চন্দ্ৰ গগৈ (৮১) ৰ আজি শিৱসাগৰ অসামৰিক চিকিৎসালয়ত পৰলোকপ্ৰাপ্তি ঘটে । জানিব পৰা মতে, দীর্ঘদিন ধৰি হৃদৰোগত আক্রান্ত হৈ থকা ব্যক্তিজন আজি পুৱা নামতি চাৰিআলি গণক গাঁৱৰ নিজা বাসগৃহতে হঠাৎ বেছিকৈ অসুস্থ হৈ পৰাত পৰিয়ালৰ লোকে ততাতৈয়াকৈ জয়সাগৰস্থিত শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে ।

ইফালে, শিক্ষকতাৰ লগতে বিভিন্ন সমাজিক অনুষ্ঠান-প্রতিষ্ঠানৰ লগত উতঃপ্রোত ভাৱে জড়িত থকা বিনয়চন্দ্ৰ গগৈ এজন সক্রিয় কংগ্রেছ কর্মীও আছিল । ১৯৯৯ চনত অৱসৰ গ্রহণ কৰি তেওঁ ২০০২ চনৰ পৰা ২০০৭ চনলৈ বৰুৱাপুখুৰী পঞ্চায়তৰ সভাপতি হিচাপে দায়িত্ব পালন কৰিছিল । আজি অমায়িক স্বভাৱৰ ব্যক্তিজনৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে বৃহত্তৰ নামতি অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰে ।

তদুপৰি তেওঁৰ মৃত্যুত আমগুৰি সমষ্ঠিৰ কংগ্রেছী নেত্রী তথা প্রদেশ কংগ্রেছৰ সম্পাদিকা অংকিতা দত্ত, চাৰিআলি উচ্চ মাধ্যমিক বিদ্যালয় শিক্ষক গোট আৰু বিদ্যালয়খনৰ প্রাক্তন ছাত্র-ছাত্রী সকলৰ লগতে নামতি প্ৰেছ গীল্ড, নামতি চাৰিআলি যুৱ সমাজ, নামতি চাৰিআলি জাতীয় বিদ্যা নিকেটন, নামতি ছহিদ পিয়লি ফুকন মহাবিদ্যালয়, নামতি বালক উচ্চতৰ মাধ্যমিক বিদ্যালৰ, উজনি অসম হজৰত আজান পীৰ চিনিয়ৰ মাদ্রাছা, মৰিনামদাং প্রাথমিক বিদ্যালয়,আটাছুৰ নামতি আৰু বৰুৱা পুখুৰী আঞ্চলিক সমিতি,নামতি আঞ্চলিক ছাত্ৰ সন্থা, ঐক্য সেনা নামতি আঞ্চলিক সমিতি ,নামতি চাৰিআলি সন্মিলিত মুছলিম যুৱ সমাজ, এপল’ ক্লাৱ, আদৰ্শ গাঁও যুৱ সমাজ, বৰুৱা পুখুৰী মণ্ডল যুৱ কংগ্ৰেছ, এন এচ ইউ আই বৰুৱা পুখুৰী আঞ্চলিক সমিতিকে আদি কৰি বহু দল সংগঠন তথা অনুষ্ঠান -প্ৰতিষ্ঠানে গভীৰ শোক প্ৰকাশ কৰিছে । মৃত্যুৰ সময়ত তেওঁ তিনিজন পুত্ৰ আৰু জী-জোঁৱাইৰ লগতে বহু আত্মীয়ক ইহ-সংসাৰত এৰি থৈ গৈছে ।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি