বিমলা প্ৰসাদ চলিহা মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস পালনঃ সোণালী জয়ন্তী বৰ্ষ উদযাপন অনুষ্ঠানৰ আৰম্ভণি…

বিমলা প্ৰসাদ চলিহা মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস পালনঃ সোণালী জয়ন্তী বৰ্ষ উদযাপন অনুষ্ঠানৰ আৰম্ভণি…

ডিজিটেল সংবাদ নগৰবেৰাঃ কামৰূপ জিলাৰ বকো সমষ্টিৰ অন্তৰ্গত বৃহত্তৰ নগৰবেৰাৰ অগ্ৰণী উচ্চ শিক্ষানুষ্ঠান বিমলা প্ৰসাদ চলিহা মহাবিদ্যালয়ৰ ৫০ সংখ্যক প্ৰতিষ্ঠা দিৱস ও সোণালী জয়ন্তী বৰ্ষ উদযাপনৰ আৰম্ভণি অনুষ্ঠান বৃহস্পতিবাৰে দিনজোৰা কাৰ্যসূচীৰে মহাবিদ্যালয়ৰ প্ৰাংগণত অনুষ্ঠিত হয়। এই উপলক্ষে ৰাতিপুৱা ৯ঃ৩০ বজাত মহাবিদ্যালয়খনৰ অধ্যক্ষ ড০ বিভূতি ভূষণ পাণ্ডাই পতাকা উত্তোলন কৰি কাৰ্যসূচীৰ শুভাৰম্ভ কৰে।

পুৱা ১০ বজাত অৱসৰপ্ৰাপ্ত অধ্যাপক শ্যামাচৰণ ঠাকুৰীয়াই ছহীদ তৰ্পন কৰাৰ পিছত অধ্যাপক আতোৱাৰ ৰহমানৰ পৰিচালনাত বৃক্ষৰোপন কৰে ক্ৰমে মহাবিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতি লক্ষীকান্ত শৰ্মা, অৱসৰপ্ৰাপ্ত অধ্যক্ষ মদন পাঠক,আব্দুল মজিদ, অৱসৰপ্ৰাপ্ত গ্ৰন্থাগাৰিক ধীৰেণ চন্দ্ৰ তালুকদাৰ, অৱসৰপ্ৰাপ্ত শিক্ষক আনন্দ দাস, শিক্ষক গোটৰ সভাপতি নুৰ আলম, কৰ্মচাৰী গোটৰ সভাপতি সত্যজিৎ কলিতাকে প্ৰমুখ্য বিশিষ্ট ব্যক্তিসকলে।

পুৱা এঘাৰ বজাত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান উদ্বোধন কৰে নগৰবেৰা মৌজা কমিটীৰ সভাপতি উদয় শংকৰ মেধিয়ে। আয়োজক সমিতিৰ আহ্বায়ক শ্বাহ জামাল মোল্লা আৰু অধ্যাপিকা ভূমিজা বৰ্মনে আঁতধৰা
অনুষ্ঠানটিত স্থানীয় বিধায়িকা নন্দিতা দাসৰ লগতে নগৰবেৰা মৌজা কমিটীৰ প্ৰতিনিধি সকল, মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি, সদস্য সকল, শিক্ষক-শিক্ষয়িত্ৰী, কৰ্মচাৰী, প্ৰাক্তন শিক্ষক,প্ৰাক্তন ছাত্ৰ-ছাত্ৰী, মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা বৰ্ষৰ কেইবাজনো ছাত্ৰৰ লগতে বহু সংখ্যক লোক উপস্থিত থাকি মহাবিদ্যালয়খনৰ প্ৰতিষ্ঠাতা সকলক শ্ৰদ্ধাৰে সোঁৱৰণ কৰাৰ লগতে প্ৰয়াত মহান ব্যক্তি সকলৰ আত্মাৰ চিৰ শান্তি কামনা কৰে।

ইয়াৰ পিছত মহাবিদ্যালয়খনৰ অধ্যক্ষ ড০ বিভূতি ভূষণ পাণ্ডা আৰু অৱসৰপ্ৰাপ্ত শিক্ষক দীনবন্ধু ঠাকুৰীয়াই আনুষ্ঠনিকভাৱে নাৰিকল ভাঙি সোণালী জয়ন্তী বৰ্ষ সমাৰোহ উদযাপনৰ আৰম্ভণি অনুষ্ঠান মুকলি কৰে। তদুপৰি প্ৰতিষ্ঠা দিৱস উপলক্ষে সন্ধিয়া পাঁচ বজাত ভাৰ্ছুৱেলী অনুষ্ঠিত হোৱা এক সভাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ড০ মৃদুল হাজৰিকাই "ৰাষ্ট্ৰীয় শিক্ষা নীতি -২০২০ঃ অসমৰ উচ্চ শিক্ষাৰ প্ৰেক্ষাপটত ইয়াৰ সুযোগ আৰু প্ৰত্যাহ্বান "শীৰ্ষ বিষয়ৰ ওপৰত বক্তৃতা প্ৰদান কৰে। সন্ধিয়া মহাবিদ্যালয়ৰ পৰিয়ালৰ দ্বাৰা বন্তি প্ৰজ্বলন কৰা হয়।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in