শেহতীয়া খবৰ
কোভিডত আক্ৰান্ত হৈ শিঙিমাৰী কোভিড কেয়াৰ হস্পিতালত এজনৰ মৃত্যু...  •  ড০ হিমন্ত বিশ্ব শৰ্মা লৈ অভিনন্দন অসম প্ৰদেশ কংগ্ৰেছৰ...  •  সোমবাৰে মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহন কৰিব হিমন্ত বিশ্ব শৰ্মাই...  •  সোমবাৰে মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহন কৰিব হিমন্ত বিশ্ব শৰ্মাই...  •  নৱ নিৰ্বাচিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আদৰণি…  •  বিহপুৰীয়াত কোভিড আক্ৰান্ত মহিলাৰ মৃত্যু...  •  সৰ্বানন্দ সোণোৱাল আমাৰ নেতা আছিল,অনাগত দিনতো আমাৰ নেতা হৈ থাকিব : হিমন্ত বিশ্ব শৰ্মা  •  কাজিৰঙাৰ বুঢ়া পাহাৰত ভয়ংকৰ পথ দুৰ্ঘটনা : শিশু মহিলাসহ ১১ জন আহত...  •  হিমন্ত বিশ্ব শৰ্মা...  •  হিমন্ত বিশ্ব শৰ্মা...

বিবাহৰ ২৭ বছৰ পিছত বিবাহ বিচ্ছেদ বিশ্বৰ ধনবাদ ব্যক্তি বিল গেটছ আৰু মেলিণ্ডা গেটছৰ…

4,808

ডিজিটেল ডেস্ক : বিবাহৰ ২৭ বছৰ পিছত বিবাহ বিচ্ছেদৰ সিদ্ধান্ত বিশ্বৰ অন্যতম ধনবান ব্যক্তি তথা মাইক্ৰছফটৰ সংস্থাপক বিল গেটছ আৰু পত্নী মেলিণ্ডা গেটছৰ । টুইটাৰ যোগে এই কথা সদৰি কৰে বিশ্বৰ ধনী ব্যক্তি গৰাকীৰ লগতে গেটছৰ পত্নীয়ে । ১৯৯৪ চনত বিবাহ পাশত আবদ্ধ হৈছিল দুয়ো ।সোমবাৰে এই কথা সদৰি কৰে গেটছে ।

টুইটত তেওঁলোকে কয় যে – আমাৰ সম্পৰ্ক সন্দৰ্ভত যথেষ্ট চিন্তা আৰু যথেষ্ট কাম কৰাৰ পিছত, আমি আমাৰ বিবাহ বিচ্ছেদৰ সিদ্ধান্ত লৈছো। আমি তিনিটা শিশুক ডাঙৰ-দীঘল কৰিছো । আমি এটা ভেটি গঢ়ি তুলিছো যি সকলো লোকক স্বাস্থ্যৱান, উৎপাদনশীল জীৱন যাপন কৰিবলৈ সক্ষম কৰাৰ বাবে সমগ্ৰ বিশ্বতে কাম কৰে ।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি