বিল্বেশ্বৰৰ গোপাল চন্দ্ৰ একাডেমীত মেধাবী শিক্ষাৰ্থীক সম্বৰ্ধনা

বিল্বেশ্বৰৰ গোপাল চন্দ্ৰ একাডেমীত মেধাবী শিক্ষাৰ্থীক সম্বৰ্ধনা

ডিজিটেল সংবাদ, বৰনৰ্দ্দীঃ সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ ১২ গৰাকী মেধাৱী শিক্ষাৰ্থীক সম্বৰ্ধনা জনোৱা হয়। এই উপলক্ষে সোমবাৰে নলবাৰী জিলাৰ ব্যক্তিগত খণ্ডৰ আগশাৰীৰ শিক্ষানুষ্ঠান বেলশৰ-বিল্বেশ্বৰৰ গোপাল চন্দ্ৰ একাডেমীৰ সভাগৃহত এক অভিনন্দন অনুষ্ঠানৰ আয়োজন কৰা হয়।

শিক্ষানুষ্ঠানখনৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ শূশীল ডেকাই আঁত ধৰা অনুষ্ঠানটোত পৰিচালন সঞ্চালক প্ৰতুল পাটোৱাৰীয়ে মেধাবী শিক্ষাৰ্থী সকলক অনাগত ভবিষ্যতৰ পৰীক্ষাৰ ফলাফল সমূহত আৰু অধিক সফলতা অৰ্জন কৰিবলৈ উৎসাহ যোগায়। উল্লেখ্য যে, ২০১২ চনত ইংৰাজী মাধ্যমৰ শাখাৰে আৰম্ভ হোৱা গোপাল চন্দ্ৰ একাডেমীত পৰৱৰ্তী সময়ত সংলগ্ন হয় অসমীয়া মাধ্যমটি।

প্ৰথমবাৰ ২০১৯ বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত মুঠ ১৪ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হয়। ইয়াৰ ভিতৰত তিনি কৃতী শিক্ষাৰ্থীয়ে ডিষ্টিংচন, চাৰি কৃতী শিক্ষাৰ্থীয়ে ষ্টাৰ নম্বৰ, পাচ গৰাকীয়ে প্ৰথম বিভাগত আৰু দুগৰাকী শিক্ষাৰ্থীয়ে দ্বিতীয় বিভাগ লাভ কৰিবলৈ সক্ষম হয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in