জানুৱাৰীৰ জাৰতো অন্তৰ্ৱাস পিন্ধি পাহাৰ বগাবলৈ যোৱাৰ চখে প্ৰাণ ল’লে যুৱতীৰ

জানুৱাৰীৰ জাৰতো অন্তৰ্ৱাস পিন্ধি পাহাৰ বগাবলৈ যোৱাৰ চখে প্ৰাণ ল’লে যুৱতীৰ

ডিজিটেল ডেস্কঃ কিবা এটা নতু্ন কৰাৰ চখ সকলোৰে থাকে৷ যিটো আনে নকৰে, তেনে কিবা এটা কৰি নিজক সমাজৰ সন্মুখত প্ৰতিষ্ঠা কৰাৰ দুৰ্বাৰ হেঁপাহেৰেই সাগৰৰ বুকুত বিবাহ পাশত আবদ্ধ হৈছিল ব্ৰিটেইনৰ চান্দ্ৰা আৰু টম নামৰ প্ৰেমিক যুগলে৷ ঠিক তেনেদৰেই কিবা এটা নতুন কৰাৰ বাসনাই সৃষ্টি কৰিছে অলেখ অভিলেখৰো৷

কিন্তু এনে নতুনত্ব বিচাৰিয়েই প্ৰাণ হেৰুৱাবলগা হ'ল টাইবানৰ এগৰাকী যুৱতীয়ে৷ শীতৰ ঋতুকো আওকান কৰি গিগী ৱু নামৰ যুৱতীগৰাকীয়ে কেৱল অন্তৰ্বাস পৰিধান কৰি পাহাৰ বগাবলৈ গৈ মৃত্যুক আঁকোৱালি ল'ব লগা হ'ল৷

জানিব পৰা মতে, টাইবানৰ ৩৪ বৰ্ষীয় যুৱতী গিগী ৱুৰ চখ আছিল পৰ্বতাৰোহন কৰা৷ তেওঁ সময় উলিয়াই প্ৰায়ে পাহাৰ বগাবলৈ গৈছিল৷ অন্তৰ্ৱাস পিন্ধি পাহাৰৰ শিখৰত চেল্ফি লোৱাটোও আছিল তেওঁ চখ৷ যোৱা ১১ জানুৱাৰীত তেওঁ অকলেই পৰ্বতাৰোহণ যাত্ৰা আৰম্ভ কৰে যদিও কোনেও জনা নাছিল যে সেই পৰ্বতাৰোহণে হ'ব গিগী ৱুৰ শেষটো যাত্ৰা৷

গিগী ৱুৰ বন্ধু মহলৰ পৰা জানিব পৰা মতে, ১৯ জানুৱাৰীত এজন বন্ধুলৈ চেটেলাইট ফোন কৰি তেওঁ জনায় যে তেওঁ গুৰুতৰভাৱে আঘাত পাইছে৷ ইয়াৰ পিছতে নেশ্যনেল এয়াৰবৰ্ণ চাৰ্ভিছে গিগী ৱুৰ উদ্ধাৰৰ বাবে তিনিবাৰকৈ উদ্ধাৰকাৰী দল প্ৰেৰণ কৰে যদিও বেয়া বতৰ আৰু প্ৰচণ্ড শীতৰ বাবে উদ্ধাৰকাৰী দলে গিগী ৱুৰ সম্ভেদ উলিওৱাত সফল নহয়৷

ইফালে ঘটনাক লৈ চাঞ্চল্য বৃদ্ধি পোৱাত নেশ্যনেল এয়াৰবৰ্ণ চাৰ্ভিছে পুনৰ এটা উদ্ধাৰকাৰী দলক গিগী ৱুৰ সম্ভেদ বিচাৰি প্ৰেৰণ কৰাত টাইবানৰ নেশ্যনেল পাৰ্কৰ সমীপত যুৱতীগৰাকীৰ দেহ বৰফৰে ঢকা অৱস্থাত উদ্ধাৰ হয়৷

মৰোণত্তৰ পৰীক্ষাৰ পিছত চিকিৎসকে জানিবলৈ দিয়া মতে, অত্যাধিক শীতৰ বাবেই গিগী ৱুৰ মৃত্যু ঘটে৷ পাহাৰ যাত্ৰাৰ সময়ত তেওঁ দেহত সামান্য আঘাত পাইছিল, কিন্তু জাৰৰ বাবে সেই আঘাত বৃদ্ধি পায়৷ আনহাতে কেৱল অন্তৰ্ৱাস পিন্ধিয়েই শীতক নেওচি পাহাৰ বগাবলৈ কৰা চেষ্টাৰ ফলতে গিগী ৱুয়ে প্ৰাণ হেৰুৱাব লগা হয় বুলি চিকিৎসকে জানিবলৈ দিয়ে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in