বিশেষ অফাৰ! ১০ টকাৰো কমত বিমানযোগে বিদেশ ভ্ৰমণ…

বিশেষ অফাৰ! ১০ টকাৰো কমত বিমানযোগে বিদেশ ভ্ৰমণ…

ডিজিটেল ডেস্কঃ বিমানযোগে ভ্ৰমণ কৰিবলৈ বহু ধন দিব লগা হয়। বিমানত যাত্ৰা কৰাটো দুখীয়া আৰু মধ্যবিত্ত পৰিয়ালৰ লোকৰ বাবে প্ৰায় সম্ভৱ হৈ পৰে। কিয়নো বিমানৰ টিকট ক্ৰয় কৰিবলৈ পৰিশোধ কৰিব লাগে ভালে পৰিমানৰ ধন। কিন্তু এটা বিমান এয়াৰলাইন্সে ভাৰতীয় সকলৰ বাবে আগবঢ়াইছে এক বিশেষ অফাৰ।

এই অফাৰত মাত্ৰ ৯ টকাতে কৰিব পাৰিববিমানযোগে যাত্ৰা। হয়, মাত্ৰ ৯ টকাত কৰিব পাৰিব ভাৰতৰ নাগৰিকে যাত্ৰা।ভিয়েটনামৰভিয়েটজেট এয়াৰলাইন্সে ভাৰতীয় সকলৰ বাবে লৈ আহিছে এক আকৰ্ষণীয় অফাৰ। আৰু এইএয়াৰলাইন্সৰ বিমানৰ টিকটৰ দাম আৰম্ভ হ'ব মাত্ৰ ৯টকাৰ পৰা। এই এয়াৰলাইন্সে ভাৰত আৰুভিয়েটনামলৈ পোনপটীয়া বিমান সেৱা আৰম্ভ কৰিবলৈ ওলাইছে। আৰু ইয়াৰ প্ৰতি লক্ষ্য ৰাখিএই অফাৰ দিয়াৰ কথা ভাবিছে এয়াৰলাইন্সটোৱে।

উল্লেখ্য যে, এই বিমান সেৱা ভিয়েটনামৰমিনহ চহৰ আৰু হন'ইৰ পৰা নতুন দিল্লীলৈ পোনপটীয়াকৈ আগবঢ়োৱা হ'ব। আৰু এই বিমানতযাত্ৰাৰ বাবে তিনি দিনৰ টিকট বুকিং ছিষ্টেম কৰা হৈছে। আৰু এই অফাৰৰ নাম ৰখা হৈছেছুপাৰ ছেভিং টিকট। যদি আপুনি ২০, ২১ আৰু ২২ আগষ্টৰ ভিতৰত টিকট বুক কৰে তেন্তে কমেও৯ টকাৰ পৰা আৰম্ভ হ'ব টিকটৰ দাম।আনহাতে, এইঅফাৰৰ অবিহনে দিল্লীৰ পৰা মিনহ চহৰলৈ এই এয়াৰলাইন্সটোৰ বিমানৰ টিকটৰ দাম ৪২০০ টকা।

কেনেকৈ বুক কৰিব টিকটঃ বিমানৰ টিকট বুক কৰিবলৈ অফিচিয়েল ৱেবছাইট www.vietjetair.com অথবা m.vietjetair.com খুলিব লাগিব। য'ত ওৱান ৱে' অথবা ৰাউণ্ডট্ৰিপৰ সুবিধা আছে। তাৰপাছত নিজৰ বিষয়ে তাত লিখিব লাগিব। আৰু অৱশেষত ধন পৰিশোধৰ অপশ্যন থাকিব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in