কোৰোনাৰ নহয়, এইবাৰ ওলাইছে কেটৰিনা-বিকি কৌশলৰ বিয়াৰ এছ অ’ পি…

কোৰোনাৰ নহয়, এইবাৰ  ওলাইছে কেটৰিনা-বিকি কৌশলৰ বিয়াৰ এছ অ’ পি…

ডিজিটেল ডেস্কঃ বলিউড জগতখনত এতিয়া ভীষণ ব্যস্ততা। বছৰটোৰ আটাইতকৈ চৰ্চিত বিয়াখনলৈ মাজত মাত্ৰ কেইটামান দিন। চাৰিওফালে এতিয়া কেৱল গুঞ্জন – কেটৰিনা কাইফ আৰু বিকি কৌশলৰ বিয়াৰ বিষয়টো। ৯ ডিচেম্বৰত অনুষ্ঠিত হ'ব দুই তাৰকাৰ বহু চৰ্চিত বিবাহ।

বিকি-কেটৰ বিবাহৰ চুইট, নিৰাপত্তা, হোটেল বুকিং, গাড়ী ভাড়া, আৰু অতিথিৰ তালিকা সম্পৰ্কে বহুতো বিৱৰণ ইতিমধ্যে প্ৰকাশ পাইছে। ইয়াৰ মাজতে এতিয়া আকৌ চৰ্চা হৈছে আন এক বিষয়। এইবাৰ বিকি-কেটৰ বিয়াক কেন্দ্ৰ প্ৰকাশ হৈছে এখন এছ অ'পি। বিয়ালৈ নিমন্ত্ৰিত অতিথিৰ বাবে প্ৰকাশ কৰিছে এখন বিশষ এছ অ' পি।

সেই এছ অ'পি অনুসৰি বিকি-কেটৰ বিয়াত বিবাহৰ উপস্থিতি সম্পৰ্কে প্ৰকাশ কৰিব নোৱাৰিব। কোনো অভ্যাগতই ফটো তুলিব নোৱাৰিব। ফটোগ্ৰাফী সম্পূৰ্ণৰূপে বন্ধ। সামাজিক মাধ্যমত ফটো আৰু বিয়াৰ অৱস্থান সম্পৰ্কে শ্বেয়াৰ কৰাৰ অনুমতি নাই।অতিথিসকলে অনুষ্ঠানস্থলী এৰি নোযোৱালৈকে বাহিৰৰ পৃথিৱীৰ সৈতে কোনো সম্পৰ্ক ৰাখিব নোৱাৰিব। বিবাহ পৰিকল্পনাকাৰীসকলৰ অনুমোদনৰ পিছতহে ফটোবোৰ শ্বেয়াৰ কৰিব পাৰিব। বিয়াৰ স্থানত ৰিল আৰু ভিডিঅ' বনাব নোৱাৰিব।

এক সূত্ৰই প্ৰকাশ কৰা মতে কৰোনাভাইৰাছৰ নতুন প্ৰকাৰ অমিক্ৰনে বিকি-কেটৰ উদ্বেগৰ সৃষ্টি কৰিছে। সেয়েহে দুয়োৱে অভ্যাগতৰ তালিকা হ্ৰাস কৰিব বিচাৰিছে। ইতিমধ্যে নিমন্ত্ৰণ লাভ কৰা বহু বলিউড তাৰকা বহু চৰ্চিত এই বিয়াৰ পৰা বঞ্চিত হোৱাৰ আশংকাও কৰা হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in