নতুন সংশোধিত যান-বাহন আইনৰ জৰিমনাৰ পৰা বাচিবলৈ এজন বাইক আৰোহীয়ে কৰিলে কি… VIDEO

নতুন সংশোধিত যান-বাহন আইনৰ জৰিমনাৰ পৰা বাচিবলৈ এজন বাইক আৰোহীয়ে কৰিলে কি… VIDEO

ডিজিটেল ডেস্কঃ সংশোধিত নতুন যান-বাহন আইনে যান-বাহন চলাওঁতে নিয়ম নমনা চালকৰ টোপনি হৰিছে। যান-বাহনৰ মূল্যতকৈ অধিক ধন জৰিমনা দিব লগা হৈছে যান-বাহন নিয়ন্ত্ৰণ আইন ভংগ কৰা চালকে। আৰক্ষীয়ে নিয়ম ভংগ কৰা চালকৰ বিৰুদ্ধে যোৱা কিছুদিনত কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা গ্ৰহণেৰে এই নতুন যান-বাহন সংশোধিত আইনৰ আধাৰত এখনৰ পাছত আনখনকৈ জৰিমনাৰ চালান কটা খবৰে সংবাদমাধ্যমৰো শিৰোনাম হৈছে।

পিছে এই নতুন সংশোধিত যান-বাহন আইনৰ পৰা হাত সাৰিবলৈ এজন চালকে নতুন ফৰ্মুলাৰে গাড়ী চলোৱাৰ দৃশ্য ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ভিডিঅ'টোত দেখা পোৱা গৈছে- এখন বাইকৰ পিছফালে এই আৰোহীগৰাকী দুয়োখন ভৰি এফালে কৰি বহি বাইক চলাইছে।

চালকৰ আসন শূন্য কৰি মূৰত হেলমেট নিপিন্ধাকৈ বাইক চলোৱা এই দৃশ্য ছ'চিয়েল মিডিয়াত ৰাজহুৱা কৰি ব্যক্তিজনে নতুন যান-বাহন সংশোধিত আইনক প্ৰত্যাহ্বান জনাইছে।

এই ভিডিঅ' 'তাৰক মেহটাকা ওলটা চচমা'ৰ পৰিচালক অচিত কুমাৰ মোডীয়েও শ্বেয়াৰ কৰিছে। ভিডিঅ'টো ছ'চিয়েল মিডিয়াত ৰাজহুৱা কৰি অচিত কুমাৰে লিখিছে- 'এয়া নতুন ষ্টাইল। কিন্তু চালান কেনেকৈ আৰু কাৰ কাটিব?' এয়া বাইক চলোৱাৰ আটাইতকৈ বিপজ্জনক ষ্টান্ট বুলিও উল্লেখ কৰিছে কিছুৱে। কিন্তু এই ভিডিঅ' প্ৰত্যক্ষ কৰি ভিডিঅ'টোত এইদৰে বাইক চলোৱা লোকজনলৈ লক্ষ্য কৰি আন একাংশই লিখিছে- 'যেতিয়া তলত পৰিবি, তেতিয়া জীৱনৰে চালান কটা যাব।'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in