জম্মু কাশ্মীৰলৈ মটৰ চাইকেলেৰে একক যাত্ৰা অসম কন্যা নিৰ্মালীৰ …

জম্মু কাশ্মীৰলৈ মটৰ চাইকেলেৰে একক যাত্ৰা অসম কন্যা নিৰ্মালীৰ …

ডিজিটেল সংবাদ, বৰপেটাঃ এই মুহুৰ্তত জম্মু কাশ্মীৰৰ পৰিস্থিতিক লৈ সকলো দেশবাসী উগ্বিগ্ন ৷ ৰাজ্যখনৰ পৰা ৩৭০ ধাৰা প্ৰত্যাহাৰৰ লগতে জম্মু কাশ্ৰীৰক পৃথক কৰাৰ কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্তৰ পিচতে ৰাজ্যখনৰ আইন শৃংখলা পৰিস্থিতিৰ অবনতি ঘটা কথাতো সকলোৰে জ্ঞাত ৷ এনে এক পৰিস্থিতিৰ মাজতেই জম্মু কাশ্মীৰকে ধৰি সমগ্ৰ হিমালয় পাৰ্বত্য অঞ্চল ভ্ৰমনলৈ ওলাইছে এগৰাকী অসম কন্যাই ৷

গুৱাহাটীৰ নুনমাটিৰ ভূমিধৰ নাথ আৰু বাসন্তী নাথৰ কন্যা নিৰ্মালীয়ে বুধবাৰে গুৱাহাটীৰ পৰা হিমালয় পাৰ্বত্য অঞ্চল ভ্ৰমনৰ উদ্যেশ্যে যাত্ৰা আৰম্ভ কৰিছে ৷ এখন এনফিল্ড মটৰ চাইকেলেৰে হিমালয় পাৰ্বত্য অঞ্চল ভ্ৰমনৰ বাবে পিতৃ মাতৃৰ আশীৰ্বাদ গ্ৰহন কৰি যাত্ৰা আৰম্ভ কৰে নিৰ্মালীয়ে ৷ ঘৰৰ পৰা যাত্ৰা আৰম্ভ কৰাৰ পিচতেই অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত উপস্থিত হৈ যাৱতীয় কাম কাজ সম্পূৰ্ণ কৰাৰ পিচতে নিশা গুৱাহাটীৰ পৰা আহি বৰপেটাত উপস্থিত হয় ৷ উল্লেখ্য যে নিৰ্মালী নাথক প্ৰথমবাৰৰ বাবে ৰাজ্য চৰকাৰে স্পনচৰ আগবঢ়াইছে ৷

সমগ্ৰ ভাৰততে এগৰাকী আগশাৰীৰ বাইক ৰাইডাৰ্চ হিচাপে পৰিচিত নিৰ্মালী নাথে এইবাৰৰ এই ভ্ৰমনৰ জৰিয়তে অসমৰ পৰ্যটন উদ্যোগৰ বিকাশৰ বাবে চেষ্টা চলাব ৷ তাৰবাবে ৰাজ্যৰ পৰ্যটন উন্নয়ন নিগমৰ লগতে ৰাজ্যৰ ছাত্ৰ আৰু যুৱ কল্যান বিভাগৰ ৰাজ্যিক উপদেষ্টা সমিতিয়ে ( State Level Advisory Committee for Students and Youth Welfare, Govt. of Assam and Assam Tourism Development Corporation) অৰ্থ সাহায্য আগবঢ়াইছে ৷ নিৰ্মালী নাথে অসমৰ পৰা যাত্ৰা আৰম্ভ কৰি পশ্তিমবংগ, বিহাৰ, উত্তৰপ্ৰদেশ, দিল্লী হৈ জম্মু আৰু কাশ্মীৰৰ হিমালয় পাৰ্বত্য অঞ্চলত উপস্থিত হব ৷ গুৰুত্বপূৰ্ণভাবে নিৰ্মালীয়ে এই যাত্ৰাৰ সময়ত কাৰ্গিলতো গৈ উপস্থিত হব অসমীয়া যুৱতীগৰাকী ৷

কাৰ্গিলত উপস্থিত হোৱাৰ পিচতে দেশ ৰক্ষাৰ কামত নিয়োজিত হৈ থকা কাৰ্গিলৰ সেনা শিবিৰত উপস্থিত হৈ অসমবাসীৰ হৈ জোৱানসকলক ধন্যবাদ জ্ঞাপন কৰিব ৷ অসমীয়া যুৱতীগৰাকীৰ এই ভ্ৰমনে জম্মু, কাশ্মীৰ, হিমাচল, উত্তৰাখণ্ড, চিক্কিম আৰু অসম, অৰুণাচলৰ লগতে নেপাল আৰু ভূটানকো সামৰি লব ৷ হিমালয়ৰ পাদদেশৰ বিভিন্ন ৰাজ্য আৰু দুখনকৈ বিদেশী ৰাষ্ট্ৰ ভ্ৰমনলৈ ওলোৱা এই ভ্ৰমনক নিৰ্মালীয়ে নিজেই অতিশয় জটিল, কষ্টকৰ আৰু প্ৰত্যাহ্বানমূলক বুলি অভিহিত কৰিছে ৷ নিৰ্মালীয়ে জানিবলৈ দিয়ামতে, সমগ্ৰ হিমালয়ৱৰ্তী অঞ্চলটো ভ্ৰমনৰ বাবে প্ৰায় চাৰি মাহ সময়ৰ প্ৰয়োজন হব ৷

নিশ্চিতভাৱে এই চাৰি মাহৰ ভ্ৰমনৰ জৰিয়তে অসমৰ পৰ্যটনৰ প্ৰতি দেশ বিদেশৰ পৰ্যটকক আগ্ৰহী কৰি তুলিবলৈ সক্ষম হোৱাৰ লগতে নিশ্চিতভাৱে এই যাত্ৰাৰ জৰিয়তে দেশ বিদেশে অসমীয়া যুৱতীৰ সাহসী গাঠা প্ৰচাৰিত কৰিবলৈ সক্ষম হব ৷ উল্লেখ্য যে গুৱাহাটীৰ নিৰ্মালী নাথে ইয়াৰ পূৰ্বেও মটৰ চাইকেলেৰে লাডাখ ভ্ৰমন কৰাৰ লগতে অৰুনাচলৰ অতি দূৰ্গম আৰু ভিতৰুৱা অঞ্চলসমুহতো মটৰ চাইকেলেৰে যাত্ৰা কৰিছিল ৷ আনকি বিগত বৰ্ষৰ ৬ অক্টোবৰত গুৱাহাটীৰ পৰা অকলেই মটৰ চাইকেলেৰে গুজৰাটলৈ যাত্ৰা কৰা নিৰ্মালীয়ে আনকি শ্ৰীলংকাতো গৈ উপস্থিত হৈছিল ৷

তিনি মাহত প্ৰায় ১৭ হাজাৰ ৪০০ কিলোমিটাৰ পথ অতিক্ৰম কৰিবলৈ সক্ষম হোৱা নিৰ্মালীয়ে এই যাত্ৰাত দাৰ্জিলিং, কালিংপুং, গেংটক আদি অতি দূৰ্গম পথ অতিক্ৰমি চিক্কিম, শিলিগুৰি, পশ্চিমবংগ, ওৰিশ্যা, অন্ধ্ৰপ্ৰদেশ, তামিলনাডু, পণ্ডিচেৰী, কন্যাকুমাৰী, কেৰেলা হৈ গুজৰাটত উপস্থিত হোৱাৰ লগতে দক্ষিণ ভাৰতৰ সাগৰীয় চহৰসমুহকো সামৰি লৈছিল ৷ ৰাজ্যৰ পৰ্যটনৰ উন্নয়নৰ লগতে অসমীয়া যুৱতীৰ সাহস ভাৰতবৰ্ষৰ মানুহৰ মনত ৰোপন কৰিবলৈ আৰু নাৰী সবলীকৰনক মুলমন্ত্ৰ হিচাপে লৈ নিৰ্মালীয়ে আৰম্ভ কৰা এই যাত্ৰা সফল হোৱাৰ কামনা কৰিছো ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in