চলিত বাইকত অগ্নিকাণ্ড, কথমপি প্ৰাণৰক্ষা পিতৃ-মাতৃ আৰু সন্তানৰ… চাওঁক VIDEO

চলিত বাইকত অগ্নিকাণ্ড, কথমপি প্ৰাণৰক্ষা পিতৃ-মাতৃ আৰু সন্তানৰ… চাওঁক VIDEO

ডিজিটেল ডেস্কঃ সাৱধানতা অলৱম্বন নকৰাৰ ফলত প্ৰায়ে অঘটন সংঘটিত হোৱা শুনা বা দেখিবলৈ পোৱা যায়। কিন্তু অসাৱধানৰ ফলত কেতিয়াবা আপুনি চলাই গৈ থকা মটৰচাইকেলখনত অগ্নিসংযোগ হোৱা দেখিছেনে? উত্তৰপ্ৰদেশত সংঘটিত হয় এনে এক ভয়ংকৰ ঘটনা।

উত্তৰপ্ৰদেশৰ ইটাৱাৰ সমীপত এক্সপ্ৰেছ হাইৱেত এখন পাইক এহাল দম্পতী কথমপি ৰক্ষা পৰে। উত্তৰপ্ৰদেশ আৰক্ষীৰ ফলতহে ভয়ংকৰ দুৰ্ধটনাৰ পৰা ৰক্ষা পৰে দম্পতীহাল। তদুপৰি যেতিয়া মটৰচাইকেলখনত অগ্নিসংযোগ হৈছিল তেতিয়া বাইকখনত আছিল তেওঁলোকৰ সন্তানটিও।

দৰেচলতে বজাৰৰ পৰা ঘৰ অভিমুখে ঘাইপথটোৰে গৈ থকা সময়ত বাইকখনত পিতৃ-মাতৃ আৰু সন্তানটি গৈ আছিল। বাইকখনৰ সোঁফালৰ পিছৰ হেণ্ডবাৰডালত বজাৰৰ বেগবোৰ ওলমাই লৈ এক বিপদজনক অৱস্থাত তেওঁলোক পথেৰে গৈ আছিল। সেই সময়তে বাইকখনৰ পিছৰ অংশৰ পৰা জুই ওলাই থকা পৰিলক্ষিত কৰে পথটোৰে গৈ থকা আৰক্ষীয়ে। তাৰপাছতেই আৰক্ষীয়ে মটৰচাইকেলখন ৰখোৱা হয় আৰু সকলোক এক মটৰচাইকেলখনৰ পৰা নিৰাপদ দূৰত্বলৈ লৈ যোৱা হয়।

আৰক্ষীয়ে সন্দেহ কৰে যে, বাইকখনত থকা বেগবোৰ আৰু চকাৰ মাজত সৃষ্টি হোৱা ঘৰ্ষণৰ ফলতেই এই অগ্নিকাণ্ড সংঘটিত হয়। কিন্তু সৌভাগ্য কৰ্মে এই ভয়ংকৰ ঘটনা সংঘটিত হোৱাৰ পৰা ৰক্ষা পৰে পৰিয়ালটো। আগন্তুক সময়লৈ আৰক্ষীয়ে মটৰচাইকেল চলোৱা সময়ত অধিক সাৱধান হ'বলৈও কয় বাইক আৰোহীজনক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in