ফাঁচী হ’ব লগা বিকাশ ডুবেৰ এনকাউন্টাৰত মৃত্যু হ’ল কিয়?

ফাঁচী হ’ব লগা বিকাশ ডুবেৰ এনকাউন্টাৰত মৃত্যু হ’ল কিয়?

ৰাজনৈতিক নেতা আৰু প্ৰশাসনীয় মুৰব্বীৰ সৈতে থকা সম্পৰ্কৰ তথ্য লুকুৱাবলৈকে আত্মসমৰ্পণৰ পিছতো আদালতৰ মজিয়ালৈ নপঠিয়াই জেৰা কৰিব নাপাওঁতেই কুখ্যাত অপৰাধী বিকাশ ডুবেক এনকাউন্টাৰত হত্যা কৰা হ'ল নেকি? কেনেকৈ তেওঁৰ পত্নী এতিয়াও জিলা পৰিষদৰ সদস্য? সেয়ে মধ্যপ্ৰদেশত বহুতে বিচাৰিছে বিকাশ ডুবে এনকাউন্টাৰৰ উচ্চস্তৰীয় তদন্ত। তাৰ ওপৰতে যুগুতোৱা এক প্ৰতিবেদন…

উত্তৰ প্ৰদেশৰ কানপুৰত ৮ আৰক্ষী হত্যাকাৰী বিকাশ ডুবে অৱশেষত আৰক্ষীৰ হাতত ধৰাশায়ী হ'ল। আৰক্ষীৰ সূত্ৰত প্ৰকাশ পোৱা অনুসৰি উত্তৰপ্ৰদেশ আৰক্ষীয়ে কাণপুৰলৈ তদন্তৰ বাবে আনিছিল গেংষ্টাৰ বিকাশ ডুবেক। তীব্ৰ বেগত বিকাশ ডুবেক আনি থকা এছ টি এফ বাহিনীৰ গাড়ী এটা পথ দুৰ্ঘটনাত পতিত হোৱাৰ পাছতে আৰক্ষীৰ এটা পিষ্টল কাঢ়ি লৈ পলায়ন কৰিবলৈ চেষ্টা কৰিছিল কুখ্যাত গেংষ্টাৰ বিকাশ ডুবেই।

দুৰ্ঘটনাৰ পাছত প্ৰায় ৭-৮ কিঃমিঃ পথ পলাই সাৰিবলৈও সক্ষম হৈছিল বিকাশ ডুবে। তাৰ পাছতেই আৰক্ষীৰ হাতত ধৰাশায়ী হয় কুখ্যাত গেংষ্টাৰজন। প্ৰথম অৱস্থাত গেংষ্টাৰ ডুবেক আত্মমসৰ্পণৰ সুবিধা দিছিল উত্তৰ প্ৰদেশ আৰক্ষীয়ে। কিন্তু আৰক্ষীৰ নিৰ্দেশক অমান্য কৰি আৰক্ষীলৈ লক্ষ্য কৰি গুলীছালনা কৰিছিল তেওঁ। প্ৰত্যুত্তৰত পুলিছে গুলী কৰাত মৃত্যু হয় ডুবেৰ।

শুকুৰবাৰে পুৱা ৭.১৫ মিনিটৰ পৰা ৭.৩৫ মিনিটৰ ভিতৰত সংঘটিত হৈছিল এই ঘটনা। আন এক সূত্ৰত প্ৰকাশ পোৱা অনুসৰি বিকাশ ডুবেক কাণপুৰলৈ নি থকা উত্তৰ প্ৰদেশ আৰক্ষীৰ বাহনৰ লগত আছিল কেইবাটাও স্থানীয় সংবাদ প্ৰতিষ্ঠানৰ গাড়ী। কিন্তু মিডিয়াৰ গাড়ী পুৱা ৬.৩০ বজাৰ পৰা ৭.৩০ বজালৈকে আদবাটতে ৰাখি থোৱা হৈছিল। আৰু তাৰ পাছতেই গেংষ্টাৰ বিকাশ ডুবেৰ এনকাউন্টাৰত মৃত্যুৰ খবৰ পোহৰলৈ আহে।

কোন আছিল গেংষ্টাৰ বিকাশ ডুবেঃ

এসময়ত বিকাশ পণ্ডিত নামেৰে জনাজাত আছিল গেংষ্টাৰ বিকাশ ডুবে। পণ্ডিতৰ পৰা বিকাশ ডুবে কিদৰে পৰৱৰ্তী সময়ত গেংষ্টাৰ হ'ল আৰু শেহতীয়াকৈ ২৮জন আৰক্ষী হত্যাকাণ্ড সংঘটিত কৰিবলৈ পালে তাৰ বহু খবৰ ইতিমধ্যে প্ৰকাশ পাইছে। প্ৰথম অৱস্থাত ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছিল বিকাশে। পৰৱৰ্তী পৰ্যায়ত বহুজন সমাজবাদী পাৰ্টীত যোগদান কৰিছিল বিকাশে। ১৯৯৫-৯৬ চনত ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰা বিকাশে জিলা পৰ্যায়ৰ নিৰ্বাচনত জয়ী হ'বলৈ সক্ষম হৈছিল। ১৯৯৭ চনত পলুৱাই বিবাহ কৰাইছিল ৰিচা ডুবেইক।

বৰ্তমান বিকাশৰ পত্নী ৰিচা উত্তৰপ্ৰদেশৰ ধিমউ জিলা পঞ্চায়তৰ সদস্যা। বিকাশে ২০০১ চনত ভাৰতীয় জনতা পাৰ্টীৰ শক্তিশালী নেতা আৰু সেইসময়ৰ উত্তৰ প্ৰদেশৰ ৰাজ্যিক মন্ত্ৰী সন্তোষ শুক্লাক আৰক্ষী থানাৰ ভিতৰতে গুলীয়াই হত্যা কৰা অন্যতম অপৰাধী আছিল। তাৰ পাছতেই বিকাশক গ্ৰেপ্তাৰ কৰা হয় যদিও ৰাজনৈতিক হেচাৰ ফলত মুক্ত কৰি দিবলৈ বাধ্য হয় উত্তৰ প্ৰদেশ আৰক্ষী। ভাৰতীয় জনতা পাৰ্টীত পাঁচটা বছৰ অতিক্ৰম কৰা গেংষ্টাৰ বিকাশ ডুবে ১৫ বছৰ বহুজন সমাজবাদী পাৰ্টীত সক্ৰীয় ভাৱে জড়িত হৈ আছিল। আৰু ৰাজনৈতিৰ প্ৰভাৱ খটুৱাই ইটোৰ পাছত সিটোকৈ হত্যা আৰু অপৰাধ সংঘটিত কৰি গৈছিল বিকাশে।

২০২০ চনৰ ৩ জুলাইত বিকাশ ডুবেক কৰায়ত্ত কৰিবলৈ অহা এজন ডি. এছ. পিৰ লগতে আঠ আৰক্ষী লোকক হত্যা কৰিছিল তেওঁ। কাণপুৰ আৰক্ষীৰ সূত্ৰত প্ৰকাশ পোৱা অনুসৰি প্ৰায় ৫০-৬০ জনীয়া দুৰ্বৃত্তই দলবদ্ধভাৱে আক্ৰমন কৰি হত্যা কৰিছিল আৰক্ষীৰ দলটোক। আৰু তাৰ পাছৰ পৰাই পলাতক অৱস্থাত আছিল বিকাশ। প্ৰথম অৱস্থাত বিকাশে এটা ব্যক্তিগত টি.ভি চেনেলৰ জড়িয়তে আত্মসমৰ্পণৰ চেষ্টা চলাইছিল যদিও তাত সফল হ'ব নোৱাৰিলে। অৱশেষত পুলিচৰ এনকাউন্টাৰৰ পৰা বাচিবলৈ মধ্য প্ৰদেশৰ উজ্জয়নৰ মহাকাল মন্দিৰত ৯ জুলাই তাৰিখে আত্মসমৰ্পণ কৰে।

৯ জুলাইত আত্মসমৰ্পণ কৰা বিকাশ পণ্ডিতৰ ১০ জুলাইত এনকাউন্টাৰত মৃত্যুও এক সাঁথৰঃ

উজ্জয়নৰ মহাকাল মন্দিৰত আত্মসমৰ্পণ কৰা ম'ষ্ট ৱান্টেড গেংষ্টাৰ বিকাশ ডুবেৰ এদিন পাছতেই এনকাউন্টাৰৰ মৃত্যুৰ পাছতেই বিভিন্ন প্ৰশ্নৰ উত্থাপন হৈছে। পৰিকল্পিতভাৱে হত্যা কৰা হ'ল নেকি বিকাশ ডুবেক, এই প্ৰশ্নও উঠিছে। কিয়নো এই গৰাকী গেংষ্টাৰৰ শীৰ্ষ ৰাজনৈতিক নেতাৰ পৰা প্ৰশাষনৰ বিভিন্ন স্তৰৰ মূৰব্বীলৈ আছিল সুসম্পৰ্ক। সেয়েহে আত্মসমৰ্পণৰ পিছত তেওঁক জেৰা কৰিলে বহু বিস্ফোৰক খবৰ প্ৰকাশ পাব বুলি বিভিন্ন মহলত চৰ্চা চলিছিল।

এনে পৰিপ্ৰেক্ষিততে উচ্চ স্তৰৰ তদন্তৰো আশা কৰিছিল সকলোৱে। কিয়নো গেংষ্টাৰ বিকাশৰ সপক্ষত ভালেকেইজন উচ্চপদস্থ আৰক্ষী বিষয়া আৰু প্ৰভাৱশালী ৰাজৈনতিক নেতা থকাৰ কথা পোহৰলৈ আহিছিল। যাৰ প্ৰমাণ পোৱা গৈছিল বিজেপি নেতা শন্তোষ শুক্লাক হত্যা কৰাৰ ঘটনাক কেন্দ্ৰ কৰি। শন্তোষ শুক্লাক হত্যা কৰাৰ পাছত অভিযুক্ত বিকাশক নিম্ন আদালতে শাস্তি বিহিবলৈকো বহু বাধাৰ সন্মুখীন হৈছিল। প্ৰথম অৱস্থাত সাক্ষী প্ৰমাণৰ অভাৱ হৈছিল।

অথচ শুক্লাক হত্যা কৰাৰ সয়মত বহু আৰক্ষী আৰু ৰাজনৈতিক নেতা সেই সময়ত উপস্থিত আছিল। পৰৱৰ্তী সময়ত নিম্ন আদালতে তেওঁক আজীৱন কাৰাদণ্ডৰে দণ্ডিত কৰে যদিও অতি সহজেই তেওঁ উচ্চ ন্যায়ালয়ৰ পৰা তেওঁ জামিন লাভ কৰে। সেয়েহে শুকুৰবাৰৰ বিকাশ ডুবেৰ এনকাউন্টাৰৰ পাছতেই সন্দেহ ঘণীভূত হৈছে সচেতন মহলৰ মাজত। বিকাশৰ বিৰুদ্ধে উচ্চস্তৰীয় তদন্ত হ'লে তেওঁৰ সৈতে সম্পৰ্ক ৰখা ৰাজনৈতিক আৰু প্ৰশাসনীয় ক্ষেত্ৰৰ বহু ৰৌ বৰালীৰ মুখা খোল খালেহেতেন বুলিও বিভিন্নজনে মন্তব্য কৰিছে। এনে প্ৰেক্ষাপততে এনকাউন্টাৰৰ পটভূমিৰ সন্দৰ্ভত এক উচ্চস্তৰীয় তদন্তৰ দাবী জনাইছে সচেতন মহলে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in