মহানায়ক বিজু ফুকন বিহীন তিনিটা বছৰ পাৰ হ’ল…

মহানায়ক বিজু ফুকন বিহীন তিনিটা বছৰ পাৰ হ’ল…

ডিজিটেল ডেস্কঃ অসমীয়া ছবিজগতক মহানায়ক বিজু ফুকন বিহীন তিনিটা বছৰ পাৰ হল। সহস্ৰজন অনুৰাগীক শোকসাগৰত পেলাই ২২ নৱেম্বৰ, ২০১৭ত আতঁৰি গৈছিল বিজু ফুকন। ৭০ বছৰ বয়সত মৃত্যু হোৱা বিজু ফুকনৰ দেহৱসানৰ খবৰ পাই সেইদিনটোত এপল' হস্পিটেল, গুৱাহাটীৰ চৌহদত হাহাঁকাৰ কৰিছিল গুণমুগ্ধসকলে।

খ্যাতনামা অসমীয়া কথাচলচ্চিত্ৰ ডাঃ বেজবৰুৱাত এটা তেনেই সৰু চৰিত্ৰত প্ৰথমে ভূমুকি কৰা এই গৰাকী অভিনেতাই প্ৰথমে বৰুৱাৰ সংসাৰ চলচ্চিত্ৰত নায়কৰ ৰূপত অভিনয় কৰে আৰু পাছলৈ অসমীয়া চলচ্চিত্ৰৰ এগৰাকী জনপ্ৰিয় নায়কত পৰিণত হয়। বিজু ফুকনে অভিনয় কৰা আজলী নবৌবোৱাৰী আদি সৰ্বকালৰ সফল অসমীয়া চলচ্চিত্ৰ বুলি পৰিগণিত।

মূলতঃ ব্যৱসায়িক চলচ্চিত্ৰৰ জড়িত হ'লেও বিজু ফুকনে কেবাখনো সমান্তৰাল চলচ্চিত্ৰতো অভিনয় কৰিছে। ভবেন্দ্ৰনাথ শইকীয়াজাহ্নু বৰুৱাৰ চলচ্চিত্ৰত অভিনয় কৰাৰ উপৰিও এখেতে অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰটো অভিনয় কৰিছে। আৱাহন থিয়েটাৰ আৰু ভাগ্যদেৱী থিয়েটাৰত এখেতে অভিনয় কৰিছিল।

অভিনয়েই নহয় ৰাজনীতিতো ভৰি থৈছিল বিজু ফুকনে। ১৯৯৯ চনৰ লোকসভা নিৰ্বাচনত অসম গণ পৰিষদ দলৰ টিকটত ডিব্ৰুগড় লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিল। কিন্তু এই নিৰ্বাচনত তেখেত পৰাজিত হৈছিল।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in