বিজু গগৈক মৃত্যুদণ্ড দিয়া হোৱা নাই ! আলফাই প্ৰেৰণ কৰিলে আত্মহত্যৰ টোকা…

বিজু গগৈক মৃত্যুদণ্ড দিয়া হোৱা নাই ! আলফাই প্ৰেৰণ কৰিলে আত্মহত্যৰ টোকা…

ডিজিটেল ডেস্কঃ নাগৰিকত্ব সংশোধনি আইন আন্দোলনৰ সময়তে সংযুক্ত মুক্তি বাহিনী অসম চমুকৈ আলফাত যোগদান কৰা তিনিচুকীয়াৰ বৰডুমচাৰ আছু নেতা বিজু গগৈক আলফাই মৃত্যুদণ্ড বিহা নাই। বিজু গগৈ ওৰফে লেন্স কৰ্পৰেল ভাগ্য অসমে ২১ ফেব্ৰুৱাৰীৰ নিশা ১২-১৫ বজাত নিজৰ শুৱা কোঠাত লগত থকা বন্দুকেৰে মূৰত গুলীয়াই আত্মহত্যা কৰিছিল। আলফা (স্বাধীন) এ প্ৰেৰণ কৰা এক বিবৃতিত এই কথা প্ৰকাশ কৰিছে সংগঠনটোৰ প্ৰচাৰ বিভাগৰ সদস্য কেপ্তেইন ৰুমেল অসমে। এই সন্দৰ্ভত বিজু গগৈয়ে আত্মহত্যাৰ পূৰ্বে লিখি থৈ যোৱা এক টোকাও প্ৰেৰণ কৰিছে।

বিবৃতিত প্ৰকাশ কৰা হৈছে যে, বিজু গগৈয়ে একমাত্ৰ নৈতিকভাৱে পতিত হৈ হীনমন্যতাত ভূগি আত্মহত্যা কৰিছে। তেওঁ সকলোৰে মৰমৰ, অমায়িক, মেধা সম্পন্ন আৰু সংগঠনৰ প্ৰতি আনুগত্যশীল সহযোদ্ধা আছিল। বিজু গগৈৰ মৃত্যুত আলফা দুঃখিত আৰু মৰ্মাহত হোৱাৰ লগতে পৰিয়ালবৰ্গলৈ সমবেদনা জনাইছে।

তিনিচুকীয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা সন্তোষ লামাই আৰক্ষীৰ আগত বুধবাৰে প্ৰকাশ কৰিছিল কেতবোৰ বিস্ফোৰক মন্তব্য। সন্তোষ লামাই প্ৰকাশ কৰা অনুসৰি আলফাই বিজু গগৈ ওৰফে ৰুমেল অসমক মৃত্যুদণ্ড দিছে। ইয়াৰ উপৰিও সংগঠনটোৱে এক ডজনৰো অধিক যুৱক মৃত্যুদণ্ড দিছে। এই সন্দৰ্ভত তেওঁ কেইবাজনোৰ নাম প্ৰকাশ কৰিছিল।

এই খবৰ বিয়পি পৰাৰ লগে লগে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ লগতে কেইদিনমান পূৰ্বে দুজনকৈ যুৱকক চোৱাংচোৱাগিৰি কৰা অপৰাধত মৃত্যুদণ্ড দিয়াকলৈ আলফাক ৰাজ্যজুৰি সমালোচনা আৰু ধিক্কাৰ দিয়াৰ সময়তে এই ঘটনাই পুনৰ আলফাৰ প্ৰতি মানুহৰ ধাৰণা সলনি কৰিলে। সমান্তৰালকৈ সামাজিক মাধ্যমৰ লগতে বিভিন্ন স্তৰত আলফাক সাধাৰণ ৰাইজে চোকা সমালোচনা কৰিছে।

এই পৰিস্থিতিৰ মাজাতে আলফাই প্ৰেৰণ কৰা বিবৃতিত উল্লেখ থকা অনুসৰি তিনিচুকীয়া আৰক্ষীৰ লগত থকা সন্তোষ লামা নামৰ যুৱকজন আলফাৰ সদস্য নহয়। আলফাই কৈছে, সংযুক্ত মুক্তি বাহিনী , অসম (স্বাধীন)ৰ পবিত্ৰ সংবিধানৰ দফা-৫ অনুসৰি সদস্য পদ প্ৰাপ্তিৰ যিসমূহ যোগ্যতা থকাটো বুনিয়াদি চৰ্ত হিচাপে হৈ আহিছে তাৰ ভিতৰত অন্যতম- অসমৰ স্বাধীনতাৰ প্ৰতি আনুগত্যশীল আৰু উৎসৰ্গিত মানসিকতাৰে স্বদেশ-স্বজাতিক সেৱা আগবঢ়োৱাৰ যি অকুণ্ঠ সংকল্প।

সন্তোষ লামাই একমাত্ৰ ধনৰ তাগিদাত ব্যক্তিগত স্বাৰ্থ সিদ্ধিৰ উদ্দেশ্যে সংগঠনত যোগদানৰ বাবে অহাৰ কথা প্ৰাৰম্ভিকঅৱস্থাতে দ্বিধাহীনভাৱে নিজ মুখে স্বীকাৰ কৰি লোৱাৰ পৰিপ্ৰেক্ষিতত সদস্য পদ দিয়া হোৱা নাছিল। ইয়াৰ উপৰিও আলফাই কয়, ভাৰতীয় দখলদাৰী বাহিনী আৰু অসম আৰক্ষীয়ে সংগঠনৰ ভিতৰত চোৰাংচোৱাৰ অনুপ্ৰৱেশ ঘটোৱা বা বিপ্লৱী সৃষ্টি কৰাটো এক চলমান নিৰৱচ্ছিন্ন প্ৰক্ৰিয়া। তাক মুক্তি বিপ্লৱৰ ঐতিহাসিক দায়িত্ব আৰু কৰ্তব্যৰ পটভূমিৰ পৰা মষিমূৰ কৰাৰ প্ৰচেষ্টা অব্যাহত থাকিব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in