মাজনিশা আৰক্ষীৰ অভিযানঃ নিষিদ্ধ ড্ৰাগছ সহ ১জনক আটক…

মাজনিশা আৰক্ষীৰ অভিযানঃ নিষিদ্ধ ড্ৰাগছ সহ ১জনক আটক…

ডিজিটেল সংবাদ, চিৰাং : শনিবাৰে মাজনিশা এক গোপন সূত্ৰৰ পম খেদি চিৰাং জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰকাশ মেধীৰ নেতৃত্বত বিজনী মহকুমা আৰক্ষী বিষয়া আৰু বিজনী থানাৰ আৰক্ষীৰ এটা দলে গেৰুকাবাৰী এলেকাত অভিযান চলাই এজন নিষিদ্ধ ড্ৰাগছ্ সৰবৰাহকাৰীক আটক কৰে।

ধৃত ড্ৰাগছ্ সৰবৰাহকাৰী জনৰ পৰা অভিযানকাৰী দলটোয়ে সন্দেহযুক্ত ছাইকোট্ৰপিক ভৰ্তি ৫৪ টা প্লাষ্টিকৰ কন্টেইনা, ৯৩ টা খালি কন্টেইনাৰ, লাইটাৰ ৪১ টা, মোবাইল ফোন ৩ টা জব্দ কৰে। ধৃত ড্ৰাগছ্ সৰবৰাহকাৰী জনৰ নাম আবু বক্কৰ ছিদ্দিক। ঘৰ বঙাইগাওঁ জিলাৰ মানিকপুৰ থানাৰ অন্তৰ্গত পশ্চিম গেৰুকাবাৰীত বুলি আৰক্ষী সুত্ৰই জানিবলৈ দিয়ে। এই সংক্ৰান্তত বিজনী থানাত এখনি গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in