কোকৰাঝাৰত বিজুলী মহোৎসৱঃ অসমৰ হিতাধিকাৰীৰ সতে বাৰ্তালাপ নকৰিলে প্ৰধানমন্ত্ৰীয়ে…

কোকৰাঝাৰত বিজুলী মহোৎসৱঃ অসমৰ হিতাধিকাৰীৰ সতে বাৰ্তালাপ নকৰিলে প্ৰধানমন্ত্ৰীয়ে…

ডিজিটেল সংবাদ কোকৰাঝাৰঃ কোকৰাঝাৰ জিলা প্ৰশাসন আৰু বিদ্যুৎ বিভাগৰ যৌথ উদ্যোগত আজি কোকৰাঝাৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ত স্বাধীনতাৰ ৭৫ সংখ্যক অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি বিজুলী মহোৎসৱ উদযাপন কৰে। উল্লেখ্য যে এম এন আৰ ই মন্ত্ৰালয়ৰ নেতৃত্বত ২৫ জুলাইৰ পৰা ৩০ জুলাইলৈকে "উজ্জ্বল ভাৰত উজ্জ্বল ভৱিষ্যত – শক্তি @ ২০৪৭" উদযাপনৰ আয়োজন কৰা হৈছিল আৰু অসমৰ ৩৫ খন জিলাৰ ২ টাকৈ স্থানত উক্ত কাৰ্যসূচী ৰূপায়ন কৰা হৈছে।

আজি অৰ্থাৎ ৩০ জুলাইত সমগ্ৰ দেশৰ ১০০ টা স্থানত অনুষ্ঠিত হাইব্ৰিড মোডৰ জৰিয়তে ৰাষ্ট্ৰীয় পৰ্যায়ৰ উদযাপনৰ সৈতে সপ্তাহটোৰ সামৰণি পৰে। য'ত অসমৰ কোকৰাঝাৰ আৰু মঙলদৈকো অন্তৰ্ভুক্ত কৰা হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে কিছুমান স্থানত বিদ্যুৎকৰণ আঁচনিৰ হিতাধিকাৰীসকলৰ সৈতে মত বিনিময় কৰি নতুন আঁচনিসমূহ যথা পুনৰুজ্জীৱিত বিতৰণ খণ্ড আঁচনি (আৰ ডি এছ এছ) আৰু সৌৰ ছাদৰ বাবে ৰাষ্ট্ৰীয় পৰ্টেল কাৰ্যসূচী আৰম্ভ কৰে।

প্ৰধানমন্ত্ৰীয়ে নিজৰ ভাষণত ১৮ হাজাৰতকৈ অধিক সংখ্যক বৈদ্যুতিকৰণ নোহোৱা গাঁওক বিদ্যুৎ প্ৰবাহিত কৰাৰ ক্ষেত্ৰত শক্তি বিভাগৰ সাফল্যৰ ওপৰত আলোকপাত কৰে। প্ৰধানমন্ত্ৰীয়ে সাধাৰণ মানুহৰ জীৱনত বিদ্যুতৰ গুৰুত্ব আৰু গ্ৰীণ পাৱাৰ আৰু গ্ৰীণ হাইড্ৰ'জেন ভিত্তিক ইন্ধন কোষ ব্যৱহাৰ কৰাৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰে, যিয়ে দেশৰ আত্মনিৰ্ভৰশীলতা আৰু শক্তি সুৰক্ষা শক্তিশালী কৰিব বুলি মন্তব্য কৰে ।

তেওঁ লগতে কয় যে, উৎপাদন, সংবহন, বিতৰণ আৰু যোগানৰ ক্ষেত্ৰত চৰকাৰৰ সংস্কাৰমূলক কাৰ্য্যৰ বাবে দেশৰ সামগ্ৰিক শক্তি খণ্ডৰ উন্নতি হৈছে। আৰ ডি এছ এছ আৰম্ভ হোৱাৰ লগে লগে ঘৰত স্মাৰ্ট প্ৰি-পেইড মিটাৰ স্থাপন কৰা হ'ব আৰু বিতৰণৰ আন্তঃগাঁথনি শক্তিশালী কৰা হ'ব বুলি মন্তব্য কৰি ভৱিষ্যত প্ৰজন্মৰ বাবে বিদ্যুতৰ আন্তঃগাঁথনি উন্নীত হোৱাৰ স্বাৰ্থত দেশবাসীক বিদ্যুতৰ বিল সময়মতে পৰিশোধ কৰিবলৈ প্ৰধানমন্ত্ৰীয়ে আহ্বান জনাইছে ।

উল্লেখ্য যে বাচনিত উঠা দেশৰ ১০ খন ৰাজ্যৰ গ্ৰাহকৰ সতে আজি প্ৰধানমন্ত্ৰীয়ে বাৰ্তালাপ কৰাৰ কথা আছিল যদিও প্ৰধানমন্ত্ৰীয়ে দেশৰ ৫ খন ৰাজ্য ক্ৰমে উত্তৰপ্ৰদেশ , অন্ধ্ৰপ্ৰদেশ, হিমাচল, গুজৰাট,আৰু ত্ৰিপুৰাৰ হিতাধিকাৰীৰ সতে ভিডিঅ' কনফাৰেঞ্চ যোগে কথা পাতে। জিলা প্ৰশাসনে সম্পূৰ্ণভাৱে প্ৰস্তুত হোৱাৰ পিছত তথা মন্ত্ৰী আৰু বিদ্যুত গ্ৰাহকসকল অনুষ্ঠানত উপস্থিত থকাৰ পিছত অসমৰ পৰা বাচনিত উঠা কোকৰাঝাৰৰ হিতাধিকাৰীৰ সতে প্ৰধানমন্ত্ৰীয়ে কথা নাপাতিলে ।

ইপিনে আজি কোকৰাঝাৰত অনুষ্ঠিত হোৱা উজ্জ্বল ভাৰত উজ্জ্বল ভৱিষ্যত ' – শীৰ্ষক বিজুলী মহোৎসৱৰ অনুষ্ঠানত ৰাজ্যৰ শক্তিমন্ত্ৰী নন্দিতা গাৰ্লোচা , বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো, কোকৰাঝাৰ পূৱ সমষ্টিৰ বিধায়ক ল'ৰেন্স ইছলাৰী, বিধায়ক জিৰণ বসুমতাৰী , বিটিআৰৰ প্ৰধান সচিব অনুৰাগ গোৱেল, এপিডিচিএল সঞ্চালক ৰাকেশ কুমাৰ, কোকৰাঝাৰ জিলা উপায়ুক্ত বৰ্ণালী ডেকা, জিলা আৰক্ষী অধীক্ষক প্ৰতীক বিজয় কুমাৰ থুৱেৰ উপৰিও জিলা বিদ্যুৎ বিভাগৰ বিষয়া-কৰ্মচাৰী , জিলা ৰাজহ চক্ৰ বিষয়া আদিকে ধৰি বহু বিশিষ্টই অংশগ্ৰহণ কৰে।

আনহাতে অনুষ্ঠানত উপস্থিত থকা শক্তিমন্ত্ৰী নন্দিতা গাৰ্লোচাই সাংবাদিকৰ এক প্ৰশ্নোত্তোৰত বনাঞ্চলত বসৱাস কৰা লোকসকলক চলাৰ লাইট দিয়া হব বুলি সদৰি কৰিছে । উল্লেখ্য যে কোকৰাঝাৰত অনুষ্ঠিত হোৱা বিজুলী মহোৎসৱৰ আদৰণি ভাষণ দিয়ে জিলা উপায়ুক্ত বৰ্ণালী ডেকাই ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in