বিজয়া দশমীঃ মহানগৰীত দুৰ্গাৰ প্ৰতিমূৰ্তি বিসৰ্জনৰ বাবে সাজু প্ৰশাসন, VIDEO

বিজয়া দশমীঃ মহানগৰীত দুৰ্গাৰ প্ৰতিমূৰ্তি বিসৰ্জনৰ বাবে সাজু প্ৰশাসন, VIDEO

ডিজিটেল ডেস্কঃ হিন্দু ধৰ্মাৱলম্বী লোকসকলে পৰম্পৰাগতভাৱে ধৰ্মীয় ৰীতি-নীতিৰে উদযাপন কৰে বিজয়া দশমী। শুক্ল পক্ষৰ ষষ্ঠতম দিন তথা বিজয়া দশমীৰ দিনা বিসৰ্জন দিয়া হয় মা দুৰ্গাক।

উল্লেখযোগ্য যে, ষষ্ঠীৰ পৰা আৰম্ভ হৈ দশমী পৰ্যন্ত থাকে দুৰ্গোৎসৱ। এই ৫ দিন ক্ৰমে- ষষ্ঠী, মহাসপ্তমী, মহাষ্টমী, মহানৱমী আৰু দশমী। গুৱাহাটীতো বিজয়া দশমী উপলক্ষে দেৱীৰ প্ৰতিমূৰ্তি বিসৰ্জন দিবলৈ ব্যাপক প্ৰস্তুতি চলোৱা হৈছে। মহানগৰীৰ কেইবাস্থানত দুৰ্গাৰ প্ৰতিমূৰ্তি বিসৰ্জন বাবে সাজু কৰিছে প্ৰশাসনে।

এই বিসৰ্জনস্থলীসমূহত এন ডি আৰ এফকে ধৰি আৰক্ষীৰ নিৰাপত্তাবাহিনীৰ লোকো সাজু কৰি ৰখা হৈছে। স্থাপন কৰা হৈছে নিয়ন্ত্ৰণ কক্ষ আৰু চিচি টিভি। এইবাৰ মহানগৰীত প্ৰায় চাৰিশতাধিক পূজা অনুষ্ঠিত হৈছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in