কোৰোনাৰ প্ৰভাৱত জাক-জকমকতাহীন দুৰ্গোৎসৱ : নিষ্প্ৰভ দেৱী বিসৰ্জন পৰ্ব…

কোৰোনাৰ প্ৰভাৱত জাক-জকমকতাহীন দুৰ্গোৎসৱ : নিষ্প্ৰভ দেৱী বিসৰ্জন পৰ্ব…

ডিজিটেল ডেস্ক : সোমবাৰে বিজয়া দশমী, বিজয়া দশমী উপলক্ষে ৰাজ্যবাসীয়ে অশ্ৰুসিক্ত নয়নেৰে বিসৰ্জন দিছে মা দূৰ্গাক। ৰাজ্যৰ বিভিন্ন প্ৰান্তত দেৱী বিসৰ্জন কৰা হৈছে । দেৱী বিসৰ্জন বাবেও প্ৰশাসনে বান্ধি দিছিল বিভিন্ন নীতি নিয়ম ।

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মহানগৰীৰ কাছমাৰী ঘাট, পাণ্ডু ঘাট, চেক্টৰ ৱান আদিত প্ৰশাসনে দেৱী বিসৰ্জনৰ ব্যৱস্থা কৰে । নগাৱঁৰ কলং নদীৰ নেহেৰু বালি ঘাট,ডিফলু ঘাট,গোমঠা গাওঁ ঘাট,ৰহা চকী ঘাট,তেজপুৰৰ ব্ৰহ্মপুত্ৰৰ জাহাজ ঘাট,যোৰহাটৰ নিমাতী ঘাটৰ লগতে পাগলাদিয়া, আই নৈ, বেকী,কালদিয়া ইত্যাদি নৈ সমূহতো বিসৰ্জন কৰে মা দুৰ্গাক ।

বিসৰ্জনৰ স্থান সমূহত এছডিআৰএফ আৰু এনডিআৰ এফৰ,অসম আৰক্ষী,স্বেচ্ছাসেৱক উপস্থিত থাকি পৰিস্থিতি নিয়ন্ত্ৰণ কৰে । কোৰোনাৰ বাবে পূজা সমূহত এইবাৰ মৃন্ময় প্ৰতিমাৰ সলনি ঘট পূজা কৰা হৈছিল । যাৰ বাবে এইবাৰ দেৱী বিসৰ্জনস্থলী সমূহত পূৰ্বৰ দৰে ভিৰ নাই । গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ চহৰ নগৰ সমূহতো বিসৰ্জনৰ বাবে পূৰ্বৰ দৰে বিজয়া দশমীৰ সমদল এইবাৰ নাই বাবে যানযঁটও সীমিত ।

অৱশ্যে প্ৰশাসনে বান্ধি দিয়া কঠোৰ নীতি নিয়মৰ মাজত সম্পাদন হোৱা বিসৰ্জন পৰ্ব সন্ধিয়া পৰ্যন্ত চলিব বুলি ধাৰনা কৰা হৈছে যদিও যোৱা বছৰৰ দৰে এয়া পুৱতি নিশালৈ নাথাকে কিয়নো বহু পূজা স্থলীতে নাই মৃন্ময় প্ৰতিমা । সেয়েহে সিমিত সময়ৰ ভিতৰত ঘট বিসৰ্জন পৰ্ব শেষ হোৱাটো স্বাভাবিক ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in