বিজয়া দশমীৰ দিনা মহানগৰীত যান-বাহন চলাচলৰ বিশেষ নিৰ্দেশনা

বিজয়া দশমীৰ দিনা মহানগৰীত যান-বাহন চলাচলৰ বিশেষ নিৰ্দেশনা
  • মহানগৰীত দুৰ্গাৰ প্ৰতিমূৰ্তি বিসৰ্জনৰ বাবে সাজু প্ৰশাসন।
  • বিসৰ্জনৰ বাবে সাজু কৰা ঘাটসমূহ হৈছে- পাণ্ডু ঘাট, বশিষ্ঠ ঘাট, চূণশালি ঘাট, ফাচী বজাৰ ঘাট আৰু নুনমাটি ঘাট।
  • বিজয়া দশমী উপলক্ষে মহানগৰ যান-বাহন আৰক্ষীয়ে বিশেষ নিৰ্দেশনা জাৰি কৰিছে।
  • প্ৰতিমূৰ্তি কঢ়িওৱা গাড়ীবোৰ উলুবাৰীৰ পৰা ৰিজাৰ্ভ বেংকলৈ সোমাব নোৱাৰিব।
  • মূৰ্তি কঢ়িওৱা গাড়ীসমূহ চানমাৰিৰ পৰা এম চি ৰোড, পাণবজাৰ হৈ যাব পাৰিব বিসৰ্জনস্থলীলৈ।
  • ভৰলুমুখ আৰু ফটাশিলৰ প্ৰতিমূৰ্তি বিসৰ্জন দিব লাগিব পাণ্ডু ঘাটত।
  • এম টি ৰোড হৈ যাব লাগিব এইসমূহ বাহন।
  • বিষ্ণুপুৰ, লালগণেশৰ মূৰ্তি কঢ়িওৱা বাহন সমূহ বি কে কাকতি ৰোড হৈ ওলাব লাগিব উলুবাৰী।
  • গণেশগুৰি, দিশপুৰ, কাহিলীপাৰাৰ মূৰ্তি কঢ়িওৱা বাহনসমূহ আৰ জি বৰুৱা ৰোড হৈ এম চি ৰোডেৰে যাব লাগিব।
  • বিসৰ্জন চাবলৈ অহা লোকসকলৰ বাবে বিশেষ পাৰ্কিঙৰ ব্যৱস্থা কৰা হৈছে।
  • ভৰলুমুখ, শান্তিপুৰ দিশৰ পৰা অহা সকলে গাড়ী পাৰ্ক কৰিব লাগিব এম জি ৰোডত।
  • প্ৰতিমূৰ্তি কঢ়িওৱা গাড়ীসমূহ বি বৰুৱা পথেৰে সোমাবলৈ দিয়া নহয়।
  • জিলা পুথিভঁৰালৰ সমীপত প্ৰতিমূৰ্তি কঢ়িওৱা বাহনৰ বাবে কোনো বাহনকে সোঁ দিশে ঘূৰিবলৈ দিয়া নহয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in