শেহতীয়া খবৰ
বৰ্তমানলৈ সৰ্বাধিক ধন উপাৰ্জন কৰা বলিউদৰ ৫খন ছবি...  •  NIAৰ আদালতত ছাত্ৰ মুক্তিৰ কাৰ্যকৰী সভাপতি মানস কোঁৱৰৰ জামিন...  •  বলিউদৰ মোহময়ী অভিনেত্ৰীৰ অকাল মৃত্যু...  •  অসম-নগালেণ্ড সীমান্তত নগাৰ দপদপনিঃ নগা আৰক্ষীয়ে প্ৰহাৰ কৰিলে অসমৰ যুৱকক...  •  দিল্লীত থাকি কংগ্ৰেছৰ পাইলটে চলাইছে বিজেপি গমনৰ যো জা!...  •  ৰাজ্যত পুনৰ ৭৩৫জনৰ দেহত ধৰা পৰিছে কোভিড-১৯ পজিটিভ...  •  বিহপুৰীয়াৰ ৫ শতাধিক পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী বিতৰণ বিজেপি নেতা অমিয় ভূঞাৰ...  •  দিশপুৰ মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৱেব সন্মিলন অনুষ্ঠিত...  •  ছিকিমৰ মংগনত খহি পৰিল ৪ মহলীয়া অট্টালিকা... VIDEO  •  জু-ৰোডৰ আকাশী পথৰ এটা বাসগৃহত অগ্নি সংযোগ দুৰ্বৃত্তৰ...

নগাঁৱৰ বিজয় বিশ্বাসক কলকতাৰ “সুৰ নন্দন” বটাঁ প্ৰদান…

83

ডিজিটেল সংবাদ, চামগুৰিঃ নগাঁও জিলাৰ শিৱস্থান বৰবালীটুপ গাঁৱৰ ধৰনী বিশ্বাস আৰু শুবাশিনী বিশ্বাসৰ পুত্ৰ বিজয় বিশ্বাসে সংগীতৰ ক্ষেত্ৰখনত সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।নগাঁও জিলাৰ লগতে অসমৰ বিভিন্ন মঞ্চত সুধাকন্ঠ ড:ভূপেন হাজৰিকাৰ গীত পৰিবেশন কৰি সুনাম অৰ্জন কৰাৰ লগতে কলকতাৰ বহু কেইটা চেনেলত গীত পৰিবেশন কৰি কলকতা বাসীৰ মাজত জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছে।

সংগীতৰ ক্ষেত্ৰখনত নিজৰ পৰিচয় জিলিকাই তোলা এইগৰাকী শিল্পীক যোৱা ২৫ ডিচেম্বৰত কলকতাৰ আগশাৰীৰ প্ৰেক্ষাগৃহ জ্ঞান মঞ্চত অনুষ্ঠিত হোৱা সুৰ নন্দন ভাৰতীৰ ২৬ তম বাৰ্ষিক অধিবেশনত কলকতা বাসীৰ ফালৰ পৰা “সুৰ নন্দন” বটাঁৰে সন্মানিত কৰে।নগাঁও জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ এজন বিষয়া হিচাপে ব্যস্ত থকাৰ পিছতো আজৰি সময়ত সংগীত চৰ্চা কৰি এজন সংগীত শিল্পী হিছাপে পৰিচয় দিয়া বিজয় বিশ্বাসৰ এই সফলতাই নগাঁৱলৈ গৌৰৱ কঢ়িয়াই আনিছে।

বৰ্তমান নগাঁও চহৰৰ ইটাচালী তিলক ডেকা পথৰ বাসিন্দা বিজয় বিশ্বাসে কলকতা বাসীৰ পৰা লাভ কৰা এই সন্মানে তেওঁক উৎফুল্লিত কৰিছে বুলি মত প্ৰকাশ কৰাৰ লগতে নিজৰ স্ব ৰচিত গীত সমূহৰ উপৰিও ভূপেন্দ্ৰ সংগীতৰ চৰ্চা কৰি যাব বুলি জানিবলৈ দিছে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি