আজি উৰুকা, ৰঙালীক আদৰিবলৈ উখল-মাখল ঢকুৱাখনা…

আজি উৰুকা, ৰঙালীক আদৰিবলৈ উখল-মাখল ঢকুৱাখনা…

ডিজিটেল সংবাদ, ঢকুৱাখনাঃ এটা বছৰৰ অপেক্ষাৰ অন্ত পৰিল। পুনৰ আহিল হেঁপাহৰ ৰঙালী বিহুটি। শনিবাৰে উৰুকা। ৰাজ্যৰ ইমূৰৰ পৰা সিমুৰলৈ এতিয়া উখল মাখল পৰিৱেশ। এফালে যদি ঘৰৰ জীয়ৰী বোৱাৰী পিঠা পনা প্ৰস্তুত কৰাত ব্যস্ত আনফালে আকৌ ঘৰৰ একাংশ বজাৰ সমাৰ কৰাত ব্যস্ত। মুঠতে হেঁপাহৰ ৰঙালীক আদৰাত অকনো যাতে খুঁত নাথাকে তাৰ প্ৰতি প্ৰতিজন সচেতন। ইতিমধ্যে প্ৰতিগৰাকী শিপিনীয়ে তাত শালৰ পৰা বিহুৱান কাটি সাজু কৰিছে আপোন জনৰ বাবে। ঘৰৰ ভিতৰ বাহিৰ চাফ-চিকুনাই পৰিস্কাৰ কৰি ৰখা প্ৰতিঘৰ মানুহেই বিহুটি তথা নতুন বছৰটিত যাতে ঘৰলৈ অহা প্ৰতিগৰাকী আলহী অতিথি সুন্দৰকৈ আপ্যায়ন কৰিব পাৰে তাক লৈ ব্যস্ত।

ইফালে দেওবাৰৰ গৰুবিহুক লৈও এতিয়া অসমীয়া চহা কৃষিজীৱী ৰাইজৰ মাজত ব্যাপক উৎসাহ পৰিলক্ষিত হৈছে। কৃষি সংস্কৃতিকেই জীৱিকাৰ প্ৰধান উৎস হিচাপে গণ্য কৰা অধিকাংশ অসমীয়াই এতিয়া কাইলৈৰ গৰু বিহুটিৰ বাবেও সীমাহীন ব্যস্ত হোৱা দেখা গৈছে।এতিয়া প্ৰতিখন বজাৰত গ্ৰাহকৰ ব্যাপক ভিৰ। ইয়াৰ ব্যক্তিক্ৰম নহয় ঢকুৱাখনা।

এতিয়া ঢকুৱাখনাৰ মূল চাৰিআলিৰ লগতে ঢকুৱাখনা মহকুমাৰ অন্তৰ্গত ঘিলামৰা, বেবেজীয়া, সোনাৰিচাপৰি আদি বজাৰত পুৱাৰ পৰা এতিয়ালৈ গ্ৰাহকৰ সীমাহীন ভীৰ হোৱা পৰিলক্ষিত হৈছে। গ্ৰামাঞ্চলত উৎপাদিত বিহুৰ চিৰা, পিঠা পনাকে ধৰি দৈ, বৰা চাউল আদি উভৈনদী হৈছে প্ৰতিখন বজাৰত। মাজুলীৰ পৰা আকৌ আহিছে হালত পেৰা গুৰ। ব্ৰহ্মপুত্ৰ চাপৰিৰ মিঠা দৈও তেনেই সুলভ হৈছে বজাৰত।

ইফালে অন্যান্য সামগ্ৰীৰ লগতে গৰুবিহুত প্ৰয়োজনীয় মাহ হালধি, লাও, বেঙেনা, থেকেৰা, মাখিলতী, দিগলতী আৰু গৰুপঘা সকলো বজাৰত উভৈনদী হৈছে। একোজোৰ পঘাত ৮০ টকা হোৱা লগতে মাজুলীৰ গুৰ প্ৰতিকিলোত ৬০ টকা, গাখীৰ টেকেলী ১৫০-২০০ টকা, চিৰা কিলো-৪০ টকা, থেকেৰা প্ৰতিটোত ১০ টকা, লাও ২০ টকা আদি বিভিন্ন দৰত সামগ্ৰী বোৰ বিক্ৰী কৰিছে প্ৰতিজন কৃষকে। ইয়াৰ লগতে আকৌ বস্ত্ৰ বিপনী সমূহতো একেই ভিৰ হোৱা পৰিলক্ষিত হৈছে। মুঠতে এইদৰেই এতিয়া উখল মাখল ঢকুৱাখনাৰ উৰুকাৰ বজাৰ।।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in