চৌদিশে কেৱল আনন্দ-উল্লাস, গীত-মাত! ৰাজ্যবাসীৰ বিহু বিহু লাগিছে গাত…

চৌদিশে কেৱল আনন্দ-উল্লাস, গীত-মাত! ৰাজ্যবাসীৰ বিহু বিহু লাগিছে গাত…

ডিজিটেল ডেস্কঃ ৰঙালী বিহুক লৈ এতিয়া ৰাজ্যৰ চৌদিশে উখল মাখল পৰিৱেশ। ৰঙালীৰ ৰঙত মতলীয়া হৈছে ৰাজ্যবাসী। গৰুৰ গা ধোৱাৰ পৰা ঘৰে ঘৰে হুঁচৰি গোৱালৈকে সকলো ক্ষেত্ৰতে দেখা গৈছে ৰাজ্যবাসীৰ ব্যস্ততা। এফালে লোকসভা নিৰ্বাচন আৰু আনফালে অসমবাসীৰ ৰঙালীক লৈ আনন্দ। নিৰ্বাচনৰ ধামখুমীয়াই পিছ পেলাই ৰাখিব পৰা নাই ৰাজ্যবাসীক। সকলো লোক ওলাই আহিছে ৰঙালী বিহু উদযাপনৰ বাবে। শদিয়াৰ পৰা ধুবুৰীলৈকে সকলো লোকে উপভোগ কৰিছে ৰঙালীৰ আনন্দ।

"চ'তে গৈ গৈ বহাগী পালেহি

ফুলিলে ভেবেলি লতা,

কৈনো কৈ থাকিলে ওৰকে নপৰে

ৰঙালী বিহুৰে কথা…"

শিৱসাগৰৰ ঐতিহাসিক ৰংঘৰৰ বাকৰিত সোমবাৰে অনুষ্ঠিত হয় ৰঙালী বিহু সন্মিলন। ঐতিহাসিক তলাতল ঘৰৰ পৰা প্ৰতীকি স্বৰ্গদেউক এক বৃহৎ সাংস্কৃতিক শোভাযাত্ৰাৰে ৰংঘৰৰ বাকৰিলৈ আনি পৰম্পৰা ৰক্ষা কৰা ৰংঘৰৰ বাকৰিৰ বিহুৰ আছে ইতিহাসৰ বুকুত এক অন্যতম মাত্ৰা। বৃহত্তৰ ৰংপুৰ ৰঙালী বিহু উদযাপন সমিতিয়ে বিগত আঠটা বছৰে ৰংঘৰৰ বাকৰিত অনুষ্ঠিত কৰি আহিছে মুকলি বিহু। এই বিহু চাবলৈ সোমবাৰে ভিৰ কৰেহি বহুলোকে। হুঁচৰি পৰিবেশন কৰাৰ লগতে অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীয় নৃত্য যেনে- তাই আহোম, মিচিং, মেছ কছাৰী নৃত্যই ৰংঘৰৰ বাকৰি জীপাল কৰি তোলে। অসমৰ লগতে দেশ-বিদেশৰ পৰ্যটকে উপভোগ কৰে ৰংঘৰৰ এই ঐতিহাসিক বিহু।

দেওবাৰে মহানগৰীৰ জজ খেলপথাৰত অনুষ্ঠিত হয় সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ মুকলি বিহু। সহস্ৰাধিক লোকৰ উপস্থিতিত বহুকেইটা বিহু দলৰ লগতে কেইবাজনো সংগীত শিল্পীয়ে অনুষ্ঠান পৰিৱেশন কৰে জজ খেলপথাৰত। বিশিষ্ট শিল্পী কুল বৰুৱাই বিহুৰ পতাকা উত্তোলনেৰে শুভাৰম্ভ কৰা অনুষ্ঠানত অন্যতম আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হৈ পৰে চৰাইদেউৰ বিহু হুঁচৰি দল।

অনুষ্ঠানত অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ বিহু নৃত্য, দৰঙৰ ওজাপালি আৰু ভালেকেইটা বিহু হুঁচৰিৰ দলে অংশ গ্ৰহণ কৰে। সদ্যপ্ৰয়াত বিশিষ্ট কণ্ঠশিল্পী দিপালী বৰঠাকুৰৰ সোঁৱৰণত সংগীত অনুষ্ঠানো আয়োজন কৰে উদ্যোক্তা সকলে। ইফালে এই অনুষ্ঠানতে সম্বৰ্ধনা জনোৱা হয় ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন বঁটা প্ৰাপক ভূপেন হাজৰিকাৰ পৰিয়ালবৰ্গ, পদ্মশ্ৰী বঁটা বিজয়ী ডাঃ ইলিয়াছ আলী আৰু উদ্ভাৱক উদ্ধৱ কুমাৰ ভৰালী, সংগীত নাটক অকাডেমি বঁটাপ্ৰাপক জগন্নাথ বায়ন, নুৰুদ্দিন আহমেদ, ৰামকৃষ্ণ তালুকদাৰ, সাহিত্য অকাডেমি বঁটাপ্ৰাপক সনন্ত তাঁতি, লোকনাথ উপাধ্যায় চাপাগেই, ঋতুৰাজ বসুমতাৰী, নবীন ব্ৰহ্ম, পাৰ্থপ্ৰতিম হাজৰিকা, যুগল লোচন দাস, সীতাৰাম বসুমতাৰী, সাহিত্য অকাডেমি যুৱ বঁটাপ্ৰাপ্ত পূৰ্ণ ব্ৰহ্ম, বিপাশা বৰা, অৰ্জুন পুৰস্কাৰ বিজয়ী দৌৰ ৰাণী হিমা দাসক।

ইফালে দেওবাৰে গৰুবিহুৰ দিনা গুৱাহাটীৰ লতাশিল খেলপথাৰত আয়োজন কৰা ঐতিহ্যমণ্ডিত গুৱাহাটী বিহু সন্মিলনীতো উপস্থিত থাকে বহু লোক। অসমৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্ত আৰু বিদেশৰো বহুলোকে লতাশিলত বিহু উপভোগ কৰে। এই অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ, গুৱাহাটী লোকসভা সমষ্টিৰ কংগ্ৰেছ আৰু বিজেপিৰ প্ৰাৰ্থী ববিতা শৰ্মা আৰু কুইন ওজাৰ লগতে অন্যান্য বহু অতিথি।

গুৱাহাটীৰ বিহু সন্মিলনী বুলিলে সকলোৰে আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হৈ পৰা লতাশিলৰ ঐতিহ্যমণ্ডিত বিহু তলীত ৰঙালীক আদৰাৰ বৰ্ণাঢ্য কাৰ্যসূচী দেখিবলৈ পোৱা যায়। দেওবাৰে ৰাজ্যৰ বিভিন্ন ক্ষেত্ৰলৈ বৰঙণি আগবঢ়োৱা বহু বিশিষ্ট লোক তথা অনুষ্ঠান-প্ৰতিষ্ঠানক লতাশিল খেলপথাৰত গুৱাহাটী বিহু সন্মিলনীয়ে প্ৰদান কৰে 'শ্ৰীময়ী অসমী বঁটা'। অভিনয়ৰ ক্ষেত্ৰলৈ বিশেষ অৱদান আগবঢ়োৱা বিশিষ্ট নাট্যকাৰ-অভিনেতা নীলু চক্ৰৱৰ্তীৰ লগতে অসমৰ সংবাদ জগতলৈ বিশেষ অৱদান আগবঢ়োৱা আৰু জাতীয় সন্ধিক্ষণত জাতিটোক দৃঢ়তাৰে আগুৱাই নিয়াৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰা 'সাদিন-প্ৰতিদিন' গোষ্ঠীলৈও এই বঁটা আগবঢ়োৱা হয়।

১৪ এপ্ৰিলৰ পৰা চানমাৰীৰ আভিযান্ত্ৰিক প্ৰতিস্থানৰ খেলপথাৰত আৰম্ভ হৈছে পূব-গুৱাহাটী বিহু সন্মিলনীৰ ৫৮সংখ্যক সমাৰোহ৷
কাৰ্যসূচী অনুসৰি দেওবাৰৰ পুৱা ৯.৩০ বজাত পতাকা উত্তোলন কৰে বিশিষ্ট সাহিত্যিক হৰেকৃষ্ণ ডেকাই৷ নিশা ৮ বজাৰ পৰা 'বিহু হুঁচৰি, বিহু নাচনী আৰু অসম বিহুৱা' প্ৰতিযোগিতা অনুষ্ঠিত হয়৷ সোমবাৰে নিশা ৮ বজাৰ পৰা 'অসম বিহুৱতী, বিহু ঢুলীয়া আৰু পেঁপা বাদন' প্ৰতিযোগিতা আৰম্ভ হৈছে।

ইফালে মঙলবাৰৰ দুপৰীয়া ২ বজাৰ পৰা 'জেং বিহু' প্ৰতিযোগিতা আৰম্ভ হ'ব৷ বৃহৎ পৰিমাণৰ ধন ব্যয় কৰি আয়োজন কৰা এই বিহুত দেওবাৰৰ লগতে সোমবাৰে দেখিবলৈ পোৱা যায় বহুলোকৰ ভিৰ। উল্লেখ্য যে, পূব গুৱাহাটী বিহু সন্মিলনীয়ে এইবৰ্ষত লৈছে এক বিশেষ পদক্ষেপ। মহানগৰৰ নৱ প্ৰজন্মক গৰু বিহুৰ সৈতে চিনাকী কৰাই দিয়াৰ বাবে পূব গুৱাহাটী বিহু সন্মীলনীয়ে বিহুৰ বাকৰিত গৰুৰ বিহু দিনা গৰু গা ধুৱাই।

তাতঁশাল অথবা ঢেকীশাল নাথাকিলেও গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্তত দেখিবলৈ পোৱা গৈছে ৰঙালী বিহুৰ আনন্দ। দেওবাৰৰ পৰা
গীতানগৰ খেলপথাৰত আৰম্ভ হৈছে ৪০ তম বিহু সন্মিলন। সোমবাৰে গীতানগৰত দেখিবলৈ পোৱা যায়। দেওবাৰে আৰম্ভ হোৱা এই বিহু বুধবাৰে সামৰণি পৰিব। গীতানগৰ বিহু সন্মিলনৰ মঞ্চ সজোৱা হৈছে আটক ধুনীয়াকৈ।

ঠিক তেনেদৰে নুনমাতি বিহু সন্মিলন, উলুবাৰী বিহু সন্মিলন, ৫৮ সংখ্যক পাণ্ডু বিহু সন্মিলন ইত্যাদিটো দেখিবলৈ পোৱা গৈছে বহুলোকৰ ভিৰ। উল্লেখ্য যে, বিগত বৰ্ষ সমূহৰ দৰে এই বৰ্ষত ৰাজ্যৰ বহু প্ৰান্তত দেখিবলৈ পোৱা নাই বিহু মঞ্চত ৰাজনৈতিক নেতাৰ প্ৰয়োভৰ। পূৰ্বে বিহু মঞ্চত দেখিবলৈ পোৱা ৰাজনৈতিক নেতাৰ আধিপত্য দেখিবলৈ পোৱা নাই বিহুমঞ্চত। লোকসভা নিৰ্বাচন আৰু বিহু একে সময়তে হোৱাৰ বাবে এই বৰ্ষত পূৰ্বৰ তুলনাত ৰাজনৈতিক নেতাসকলৰ প্ৰভাৱ বিহুথলীত কমকৈ দেখিবলৈ পোৱা গৈছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in