খুলিলি শিক্ষানুষ্ঠান, নহ’ল পাঠদানঃ কোভিড কেয়াৰ চেণ্টাৰ হিচাপে ব্যৱহাৰ কৰা বিহপুৰীয়া মহাবিদ্যালয়ৰ শিক্ষাৰ্থী হতাশ…

খুলিলি শিক্ষানুষ্ঠান, নহ’ল পাঠদানঃ কোভিড কেয়াৰ চেণ্টাৰ হিচাপে ব্যৱহাৰ কৰা বিহপুৰীয়া মহাবিদ্যালয়ৰ শিক্ষাৰ্থী হতাশ…

ডিজিটেল সংবাদ বিহপুৰীয়া: দীৰ্ঘবিৰতীৰ অন্তত সোমবাৰৰ পৰা শিক্ষানুষ্ঠানসমূহত পাঠদান আৰম্ভ হ'ল যদিও ব্যতিক্ৰম হৈ ৰ'ল বিহপুৰীয়া মহাবিদ্যালয় ৷ মহাবিদ্যালয়খনলৈ ছাত্ৰ-ছাত্ৰী আহিল যদিও শিক্ষাগ্ৰহণ নকৰাকৈয়ে উভটি যাব লগা হ'ল ৷ বিগত সময় ছোৱাত কোভিড কেয়াৰ চেন্টাৰ হিচাবে ব্যৱহৃত মহাবিদ্যালয় খনৰ চৌহদ তথা কোঠাসমূহ পৰিস্কাৰ নকৰা বাবেই শিক্ষাগ্ৰহণৰ পৰা বঞ্চিত হ'ব লগা হ'ল ছাত্ৰছাত্ৰীসকল ৷

উল্লেখযোগ্য যে যোৱা ২৪ আগষ্টতেই মহাবিদ্যালয়খনৰ পৰা কোভিড কেয়াৰ চেন্টাৰটো স্থানান্তৰ কৰাৰ পাছতো প্ৰশাসনে চেন্টাৰটোৰ আবৰ্জনা সমূহৰ লগতে শৌচাগাৰ আদি পৰিস্কাৰ নকৰাৰ পৰিপ্ৰেক্ষিততে সোমবাৰে শিক্ষাগ্ৰহণৰ পৰা বঞ্চিত হ'ব লগা হয় ছাত্ৰ ছাত্ৰী সকল৷ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° অমুল্য হাজৰিকাই জানিবলৈ দিয়া মতে ইতিমধ্যে তেওঁ এই সম্পৰ্কত স্থানীয় চক্ৰ বিষয়াৰ লগতে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মুৰব্বীৰে যোগাযোগ কৰিছিল যদিও তেওঁলোকে এইক্ষেত্ৰত আজি পৰ্যন্ত কোনোধৰণৰ পদক্ষেপ গ্ৰহণ নকৰিলে ৷ মহাবিদ্যালয় কৰ্তৃপক্ষই মহাবিদ্যালয় সম্পূৰ্ণ ৰুপে চেনিটাইজ নকৰা পৰ্যন্ত মহাবিদ্যালয়ৰ শ্ৰেণীসমূহ আৰম্ভ কৰিব পৰা নাযাব বুলি মন্তব্য কৰিছে ৷

উল্লেখ্য যে দীৰ্ঘদিনৰ মূৰত মহাবিদ্যালয়লৈ অহা ছাত্ৰ-ছাত্ৰীসকল সোমবাৰে শিক্ষাগ্ৰহণ অবিহনেই উভটিব লগা হোৱাত হতাশ হৈ পৰাৰ লগতে এইক্ষেত্ৰত প্ৰশাসনৰ অৱহেলাত ক্ষুব্ধ হৈ পৰিছে৷ ছাত্ৰ ছাত্ৰীসকলে শীঘ্ৰে মহাবিদ্যালয়খনত পাঠদানৰ পৰিবেশ ঘুৰাই আনিবৰ বাবে দাবী জনাইছে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in