বিহপুৰীয়াৰ বাঁহগড়া দেউৰী গাঁৱৰ মহিলা সন্ধানহীন…

বিহপুৰীয়াৰ বাঁহগড়া দেউৰী গাঁৱৰ মহিলা সন্ধানহীন…

ডিজিটেল সংবাদ, বিহপুৰীয়াঃ বিহপুৰীয়া আৰক্ষী থানাৰ অন্তৰ্গত বাহঁগড়া দেউৰী গাৱঁৰ এগৰাকী মহিলা ১৮ জুলাইৰ বিয়লিৰ পৰা সন্ধানহীন হৈ থকাত অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে৷ গাওঁখনৰ ইন্দ্ৰজিৎ দেউৰীৰ পত্নী তথা এটি এঘাৰ বছৰীয়া সন্তানৰ মাতৃ আশা দেউৰী (৩৫) পিতৃ গৃহলৈ বুলি ঘৰৰ পৰা ওলাই যোৱাৰ পাছৰে পৰা নিৰুদ্দিষ্ট হৈ আছে ৷

মহিলা গৰাকীৰ সন্ধানত বিভিন্ন স্থানত খবৰ কৰি বিমুখ হোৱা আত্মীয়ই আজি বিয়লি বিহপুৰীয়া আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে৷ ইপিনে বন্ধনকে আদি কৰি কেইবাটাও বিত্তীয় প্ৰতিষ্ঠানৰ পৰা প্ৰায় এক লাখ ৮০ হেজাৰ টকাৰ ঋণ লৈ মহিলা গৰাকীয়ে কোনোবা প্ৰেমিকৰ লগত পলাই যোৱা বুলি সন্দেহ কৰিছে স্থানীয় ৰাইজে৷ মহিলা গৰাকীয়ে স্বামীৰ অজ্ঞাতে চাৰিটা বিত্তীয় প্ৰতিষ্ঠানৰ পৰা ঋণ লোৱা বুলি স্বামী ইন্দ্ৰজিতে অভিযোগ কৰিছে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in