বিহপুৰীয়াত অবৈধ সুৰাৰ মুক্ত বেহা…

বিহপুৰীয়াত অবৈধ সুৰাৰ মুক্ত বেহা…

ডিজিটেল সংবাদ,বিহপুৰীয়া: বিহপুৰীয়াৰ ভিন্ন প্ৰান্তত অব্যাহত থকা অবৈধ সুৰাৰ বেহা ৰোধ কৰিবৰ বাবে আবকাৰী বিভাগক দাবী জনাইছে বিহপুৰীয়াৰ দুটাকৈ জাতীয় সংগঠনে ৷ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু টাই আহোম ছাত্ৰ সন্থাৰ বিহপুৰীয়া আঞ্চলিক সমিতিয়ে আজি বিহপুৰীয়াৰ আবকাৰী পৰিদৰ্শকক সাক্ষাৎ কৰি শীঘ্ৰে চুলাই আৰু অৰুণাচলী সুৰাৰ অবৈধ বেহা ৰোধ কৰিবৰ বাবে দাবী জনাইছে ৷

সংগঠন দুটাৰ সম্পাদকদ্বয় ক্ৰমে পংকজ বৰা আৰু হিৰকজ্যোতি ফুকন স্বাক্ষৰিত স্মাৰক পত্ৰৰ জড়িয়তে বিহপুৰীয়াৰ বিভিন্ন প্ৰান্তত দীৰ্ঘদিনৰ পৰাই চলি থকা সুৰাৰ অবৈধ বেহা ৰোধ নকৰিলে আবকাৰী বিভাগৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ৰুপায়ণৰ ভাবুকি দিছে সংগঠনদুটাই

৷ উল্লেখযোগ্য যে মাজে সময়ে আবকাৰী বিভাগে সুৰাৰ অবৈধ বেহা ৰোধ কৰিবৰ বাবে অভিযান চলাই আহিছে যদিও সুৰাৰ বেহা ৰোধ কৰিবলৈ সক্ষম হোৱা নাই আৰু তাকে লৈ তীব্ৰ অসন্তোষ্টি প্ৰকাশ কৰিছে বিহপুৰীয়াৰ ভুক্তভোগী ৰাইজে। ৷

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in