দুৰ্বিষহ যাতায়ত ব্যৱস্থাৰ মাজেৰে বিহপুৰীয়াৰ বন্যাৰ্তৰ কাষত লেখিকা সমাৰোহ

দুৰ্বিষহ যাতায়ত ব্যৱস্থাৰ মাজেৰে বিহপুৰীয়াৰ বন্যাৰ্তৰ কাষত লেখিকা সমাৰোহ

ডিজিটেল সংবাদ, বিহপুৰীয়াঃ সোৱণশিৰিৰ বানে গৰকা বিহপুৰীয়াৰ গন্ধসৰৈআটি গাৱঁলৈ আজিও অব্যাহত আছে মানৱদৰদী লোকৰ সোত৷ সোৱণশিৰী নদীৰ বানত ককবকাই দিশহাৰা হৈ পৰা গাৱঁখনৰ উনত্ৰিশটা পৰিয়ালক বিপদৰ সময়ত এষাৰ মাত দিয়াৰ উদ্দেশ্যে শনিবাৰে গাওঁখনত উপস্থিত হয় সৃজনী শাখা লেখিকা সমাৰোহ সমিতি।

সমিতিৰ বিষয়ববীয়া সকলে তুলুঙা নাৱৰে অত্যন্ত বিপদসংকুল ভাৱে যাত্ৰা কৰে গাওঁখনলৈ৷ সমিতিৰ সভানেত্ৰী কাঞ্চন হাজৰিকা আৰু সম্পাদিকা মানসি শইকীয়াৰ লগতে জ্যোতি শইকীয়া দত্ত, নিৰ্মালী বৰা, ৰিজু বৰুৱা, জোনমনি বৰুৱা, ৰেনু হাজৰিকা, নিৰু নেওগ, কিৰণ শইকীয়ৰ, মামনি ভূঞা, চুল শইকীয়া, ৰীনা দত্ত শইকীয়া, মোহিনী বৰা, গীতামনি শইকীয়া, কল্পনা হাজৰিকা, বিবী হাজৰিকা, জিন্তু ভুঞা, গুনমনি ঠাকুৰ, ৰানু বৰা আদি সদস্যা সকলে আৰ্তজনৰ ওচৰত উপস্থিত হৈ কাপোৰ আৰু খাদ্য সামগ্ৰী প্ৰদান কৰে।

"মানুহে মানুহৰ বাবে" শীৰ্ষক কাৰ্যসূচীৰ আধাৰত সমিতিয়ে এইদৰে বানত সৰ্বস্বান্ত লোক সকলৰ কাষত উপস্থিত হোৱাত ৰাইজে সমিতিৰ প্ৰশংসা কৰে৷ ইপিনে গাওঁখনলৈ যাতায়তৰ ক্ষেত্ৰত ৰাইজে সন্মুখীন হোৱা সমস্যা সমূহ দুৰ কৰিবৰ বাবে সমিতিয়ে চৰকাৰৰ প্ৰতি আহ্বান জনাই৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in