সৰ্প দংশনত বিহপুৰীয়াত কণমানি শিশুৰ মৃত্যু, চিকিৎসকৰ অৱহেলাৰ অভিযোগ, VIDEO

সৰ্প দংশনত বিহপুৰীয়াত কণমানি শিশুৰ মৃত্যু, চিকিৎসকৰ অৱহেলাৰ অভিযোগ, VIDEO

ডিজিটেল সংবাদ, বিহপুৰীয়াঃ ৰাজ্যৰ বিভাগত এতিয়া কি চলিছে। কিছুদিন পূৰ্বে সৰ্প দংশনৰ চিকিৎসা উপলব্ধ হোৱা কেইখনমান চিকিৎসালয়ৰ নাম ৰাজহুৱা কৰি বিজ্ঞাপন দিছিল ৰাজ্যৰ স্বাস্থ্য বিভাগে। পিছে পৰিতাপৰ কথা চিকিৎসালয়কৰ্মীৰ কামৰ অৱহেলাৰ বাবে প্ৰশ্ন উত্থাপিত হৈছে চৰকাৰে ৰাজহুৱা কৰা বিজ্ঞাপনক লৈ।

বিহপুৰীয়া স্বাস্থ্য কেন্দ্ৰত সৰ্প দংশনৰ চিকিৎসা উপলব্ধ বুলি বিজ্ঞাপন দিয়াৰ পাছতো চিকিৎসালয়খনত সৰ্প দংশনৰ চিকিৎসা বৰ্তমান উপলব্ধ নহয়। যাৰ বাবে এগৰাকী কণমানিয়ে প্ৰাণ হেৰুৱাবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। সোমবাৰে পোহৰলৈ আহিছে এই ঘটনা। যাক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। বিশেষকৈ সোমবাৰে চিকিৎসালয়খনত দায়িত্বত থকা সোণোৱাল উপাধিধাৰী চিকিৎসক গৰাকীৰ দায়িত্বহীনতাৰ বাবেই বিনাচিকিৎসাই মৃত্যুক সাৱটি লয় এগৰাকী কণমানিয়ে৷

বিহপুৰীয়াৰ সমীপৰ খ'ৰাত সৰ্প দংশনত সোমবাৰে এগৰাকী কণমানি শিশুৰ মৃত্যু হয়। স্থানীয় প্ৰাঞ্জল বৰুৱাৰ একমাত্ৰ কন্যা তথা বিহপুৰীয়া দিক্ষা বিদ্যা ভৱনৰ ছাত্ৰী স্বস্তিকা (৬)ক সোমবাৰে আবেলি মাকৰ লগত দুৱাৰ খুলি ঘৰৰ ভিতৰ সোমোৱা মুহুৰ্ততে বিষাক্ত সৰ্পই দংশন কৰে৷ পৰিয়ালৰ লোকে কণমানিজনীক ততাতৈয়াকৈ বিহপুৰীয়াৰ ত্ৰিশ খন বিচঁনাযুক্ত চিকিৎসালয়ত ভৰ্তি কৰে যদিও চিকিৎসকে লখিমপুৰ অসামৰিক চিকিৎসালয়লে প্ৰেৰণ কৰে।

ইপিনে পৰিয়ালৰ লোকে কেইগৰাকীমান চিকিৎসা কৰ্মীৰ পৰামৰ্শত স্বস্তিকাক ৪৫ কিলোমিটাৰ দুৰত্বৰ লখিমপুৰ চিকিৎসালয়লৈ নিয়াৰ বিপৰীতে প্ৰায় ৯০ কিলোমিটাৰ দুৰত্বৰ বৰগাং কেথলিক হাস্পতাললৈ লৈ যায় যদিও চিকিৎসালয় পোৱাৰ পূৰ্বেই কণমানিজনীয়ে মৃত্যুক সাবটি লয়। ইপিনে সোমবাৰৰে পৰা কণমানিজনীৰ মৃতদেহ সৎকাৰ কৰাৰ বিপৰীতে বেজৰ দ্বাৰা জৰা ফুকা কৰাই মৃতদেহত প্ৰাণসঞ্চাৰ কৰাৰ প্ৰয়াস চলাই পৰিয়াল তথা একাংশ গাওঁবাসীয়ে।

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সাতগৰাকী বেজে মঙলবাৰে দিনটো কণমানিজনীৰ মৃতদেহ জৰা ফুকা কৰাৰ অন্তত স্থানীয় ৰাইজে বিয়লি মৃতদেহ সৎকাৰ কৰে৷ উল্লেখযোগ্য যে, বিহপুৰীয়াৰ ত্ৰিশখন বিচঁনাযুক্ত চিকিৎসালয়ত সৰ্প দংশনত আক্ৰান্ত সকলৰ চিকিৎসা সম্ভৱ নোহোৱা বাবেই মৃত্যুক সাৱটি লয় কণমানিজনীয়ে৷

জানিব পৰামতে বিহপুৰীয়াৰ চিকিৎসালয়খনত সৰ্প দংশনৰ চিকিৎসাৰ সকলো ব্যৱস্থাই উপলব্ধ আৰু কিছুদিন পূৰ্বে বহুকেইগৰাকী সৰ্প দংশনত আক্ৰান্ত ৰোগীক উপযুক্ত চিকিৎসা প্ৰদান কৰা হৈছে৷ ইফালে সৰ্প দংশনৰ চিকিৎসা উপলব্ধ বুলি চৰকাৰেও দিছিল এক বিজ্ঞাপন। তেনেক্ষেত্ৰত সোমবাৰে কণমানিজনীক কোনোধৰণৰ চিকিৎসা নকৰাকৈয়ে লখিমপুৰলৈ প্ৰেৰণ কৰা কাণ্ডই সৃষ্টি কৰিছে গভীৰ ৰহস্যৰ৷ প্ৰকৃততে কাৰ গাফিলতিত এগৰাকী কণমানিয়ে অকালতে মৃত্যুক সাৱটি ললে তাৰ এক নিৰপেক্ষ তদন্তৰ দাবী কৰিছে স্থানীয় একাংশ সংগঠনৰ লগতে সচেতন মহলে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in