বিহপুৰীয়াত ট্ৰেন্সফৰ্মাৰত বিদ্যুৎস্পৃষ্ট হৈ পশুধনৰ মৃত্যু

বিহপুৰীয়াত ট্ৰেন্সফৰ্মাৰত বিদ্যুৎস্পৃষ্ট হৈ পশুধনৰ মৃত্যু

ডিজিটেল সংবাদ, শিমলুগুৰিঃ লখিমপুৰ জিলাৰ বিহপুৰীয়া বিদ্যুৎ উপ-সংমণ্ডলৰ অধীনৰ ৰাজবাৰীস্থিত এটি ট্ৰেন্সফৰ্মাৰত বিদ্যুৎস্পৃষ্ট হৈ এটি পশুধনৰ মৃত্যু হোৱাৰ লগতে ঘৰৰ গৰাকীজনৰ কথমপি প্ৰাণ ৰক্ষা পৰা ঘটনাই অঞ্চলটোৰ ৰাইজক শংকিত কৰি তুলিছে৷ প্ৰাপ্ত তথ্য মতে, ৰাজবাৰীৰ নিবাসী শিক্ষক প্ৰদীপ ভূঞাৰ তিনিমহীয়া পোৱালি থকা গাই গৰুজনীক উল্লেখিত ৬৩ কেভি ট্ৰেন্সফৰ্মাৰটোৰ সমীপত এৰাল দি থৈছিল৷ শনিবাৰে বিয়লি তলত সম্পূৰ্ণ পানীৰে ভৰি থকা ট্ৰেন্সফৰ্মাৰটোৰ ওচৰত আকস্মিকতে গৰুজনী যোৱাৰ পিছতে উন্মুক্ত ট্ৰেন্সফৰ্মাৰটোত বিদ্যুৎস্পৃষ্ট হৈ থিতাতে মৃত্যু ঘটে।

উল্লেখ্য যে, গৰুটো ধপধপাই থকা দেখা পাই কি হৈছে বুলি চাবলৈ যাওঁতেই ঘৰৰ গৰাকী প্ৰদীপ ভূঞাও বিদ্যুৎস্পৃষ্ট হয় যদিও নিজৰ বুদ্ধিমত্তাৰে কথমপি প্ৰাণ ৰক্ষা পৰে৷ ৰাইজৰ অভিযোগ অনুসৰি বিহপুৰীয়াৰ পৰা ইণ্ডাষ্টিৰ পথলৈ যোৱা ৰাজবাৰীৰ পথৰ নিচেই কাষতে স্থাপন কৰা ট্ৰেন্সফৰ্মাৰটোত পূৰ্বেই বেৰা দি সুৰক্ষিত কৰি ৰাখিবলৈ ঠিকাদাৰক বাৰম্বাৰ অনুৰোধ জনাইছিল যদিও ঠিকাদাৰে কোনো গুৰুত্বই প্ৰদান নকৰিলে৷ বিদ্যুৎ বিভাগক স্থানীয় ৰাইজে উন্মুক্ত ট্ৰেন্সফৰ্মাৰটোৰ পৰা যাতে পুনৰ ইয়াতকৈ ভয়ংকৰ ঘটনা সংঘটিত নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি বেৰা দিবৰ বাবে দাবী জনাইছে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in