বিহপুৰীয়াত কাৰ জিন্দাবাদ…

বিহপুৰীয়াত কাৰ জিন্দাবাদ…

ডিজিটেল সংবাদ,নাৰায়ণপুৰ : দেওবাৰৰ দিনটো বিহপুৰীয়া সমষ্টিৰ চৌদিশে কেৱল জিন্দাবাদ জিন্দাবাদ ধ্বনি । একাংশই যদি অমীয় কুমাৰ ভূঞা জিন্দাবাদ,বিজেপি জিন্দাবাদ ধ্বনি দিছে,একাংশই অচ্যুত শইকীয়া জিন্দাবাদ ধ্বনি,অসম জাতীয় পৰিষদ জিন্দাবাদ ধ্বনি,আন একাংশই আকৌ অনুপ শইকীয়া জিন্দাবাদ,ৰাইজৰ দল জিন্দাবাদ ধ্বনিৰে মুখৰ কৰি তুলিছে সমগ্ৰ পৰিবেশ । এক কথাত ক'বলৈ গ'লে চৌদিশে জিন্দাবাদ ধ্বনিৰে মুখৰ কৰি তুলিলে সমগ্ৰ বিহপুৰীয়া সমষ্টিৰ চৌদিশ ।

২৭ মাৰ্চত অনুষ্ঠিত হ'ব লগা নিৰ্বাচনৰ বাবে ৰাজনৈতিক দল সমূহে প্ৰাৰ্থী তালিকা ঘোষণা কৰাৰ পিছতে দেওবাৰে সমষ্টিলৈ আগমন ঘটে প্ৰাৰ্থী সকল । প্ৰথমে আহি সমষ্টিটোত প্ৰবেশ কৰে অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী অচ্যুত শইকীয়া । প্ৰাৰ্থীত্ব লাভৰ পিছতে নিজ সমষ্টিত প্ৰদাৰ্পণ কৰা প্ৰাৰ্থী গৰাকীক সমষ্টিলৈ উষ্ম আদৰণি জনায় সমৰ্থক সকলে ৷ সমষ্টি অভিমুখে আহি থকাৰ পথত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ হাৱাজানৰ পৰা বিপুল সংখ্যক সমৰ্থকে আদৰণি জনায় প্ৰাৰ্থীগৰাকীক ৷ সমষ্টিত উপস্থিত হৈয়ে অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী অচ্যুৎ শইকীয়াই বিহপুৰীয়া সমষ্টিত এইবাৰ স্থানীয় আৰু বহিৰাগতৰ মাজত যুঁজ হ'ব বুলি সংবাদ মাধ্যমৰ আগত সজোৰে ঘোষণা কৰে ৷

ৰাষ্ট্ৰীয়তাবাদ উৎখাৎ কৰি এইবাৰ ৰাজ্যত জাতীয়তাবাদৰ চৰকাৰ প্ৰতিষ্ঠা হ'ব বুলিও মন্তব্য কৰে নেতা গৰাকীয়ে ৷ কেবাশতাধিক দলীয় সমৰ্থকে লুৰিণজ্যোতি গগৈ জিন্দাবাদ,অচ্যুত শইকীয়া জিন্দাবাদ,অসম জাতীয় পৰিষদ জিন্দাবাদ শ্লোগানেৰে মৰমৰ প্ৰাৰ্থী গৰাকীক সমুখত লৈ বাইক আৰু সৰু-বৰ বাহনেৰে ৰেলী কৰি ধলপুৰ,শিমলুগুৰি,ৰঙতি,নাৰায়ণপুৰ,ভোগপুৰ হৈ মহাপুৰুষ মাধৱদেৱৰ জন্মস্থান লেটেকুপুখুৰীত সেৱা লৈ বিহপুৰীয়া নগৰ অভিমুখে আদৰি নিয়ে ।

আনহাতে দুপৰীয়াৰ ভাগত সমষ্টি অভিমুখে আগমন ঘটে বিজেপি দলৰ মনোনীত প্ৰাৰ্থী ড.অমীয় কুমাৰ ভূঞাৰ ৷ প্ৰাৰ্থীত্ব লাভৰ পিছতে সমষ্টি অভিমুখে আহি থকাৰ পথত বিশ্বনাথ আৰু লখিমপুৰ জিলাৰ সীমান্তৱৰ্তী অঞ্চল হাৱাজানত উপস্থিত হোৱাৰ পিছতে হাজাৰ হাজাৰ সমৰ্থকে বিপুল আদৰণি জনায় প্ৰাৰ্থীগৰাকীক ৷ প্ৰাৰ্থীত্ব লাভৰ পিছত প্ৰথমবাৰৰ বাবে সমষ্টিত পদাৰ্পণ কৰা প্ৰাৰ্থী গৰাকী আনন্দত আত্মহাৰা হৈ পৰে সমৰ্থক সকলৰ উল্লাহ দেখি ৷

ঢোলে-দগৰে,বিহু আৰু বিভিন্ন জনগোষ্ঠীয় নৃত্যৰে উষ্ম আদৰণি জনোৱা হয় প্ৰাৰ্থীগৰাকীক ৷ সমষ্টিত উপস্থিত হৈয়েই বিকাশ আৰু উন্নয়নৰ কথা কোৱাৰ লগতে বিহপুৰীয়া সমষ্টিক অসমৰ ভিতৰতে শ্ৰেষ্ঠ সমষ্টিৰূপে গঢ় দিয়াৰ সংকল্প গ্ৰহণৰ কথা ঘোষণা কৰে বিজেপি প্ৰাৰ্থী ড. অমিয় কুমাৰ ভূঞাই । পৰৱৰ্তী সময়ত বিজেপি জিন্দাবাদ,অমীয় কুমাৰ ভূঞা জিন্দাবাদ,সৰ্বানন্দ সোনোৱাল জিন্দাবাদ শ্লোগানেৰে হাজাৰ হাজাৰ দলীয় সমৰ্থকে বাইক,সৰু-বৰ বাহনেৰে ৰেলী কৰি ধলপুৰৰ পৰা শিমলুগুৰি, ৰঙতি, পিছলাগুৰি, মাধৱপুৰ,নাৰায়ণপুৰ,জৰাবাৰী,ভোগপুৰ হৈ মহাপুৰুষ মাধৱদেৱৰ জন্মস্থানত লেটেকুপুখুৰীত সেৱা লৈ বিহপুৰীয়া নগৰ অভিমুখে আদৰি নিয়ে ।

বিয়লি আহি সমষ্টিটোত উপস্থিত হয় ৰাইজৰ দলৰ প্ৰাৰ্থী অনুপ শইকীয়া ৷ প্ৰাৰ্থীত্ব লাভৰ পিছতে সমষ্টি অভিমুখে আহি থকাৰ পথত বিশ্বনাথ আৰু লখিমপুৰ জিলাৰ সীমান্তৱৰ্তী অঞ্চল ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ হাৱাজানৰ পৰা বিপুল সংখ্যক সমৰ্থকে আদৰণি জনায় প্ৰাৰ্থীগৰাকীক ৷

সমষ্টিত উপস্থিত হৈয়ে অনুপ শইকীয়াই সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে যে, বিহপুৰীয়া সমষ্টিত এইবাৰ ৰাইজৰ দলৰ প্ৰাৰ্থীৰ জয়লাভ নিশ্চিত ৷ ৰাষ্ট্ৰীয়তাবাদক উৎখাত কৰি এইবাৰ ৰাজ্যত জাতীয়তাবাদৰ চৰকাৰ প্ৰতিষ্ঠা হ'ব বুলিও মন্তব্য কৰে প্ৰাৰ্থীগৰাকীয়ে ৷ আৰু এনেদৰেই দেওবাৰৰ দিনটো বিহপুৰীয়া সমষ্টিৰ চৌদিশে কেৱল জিন্দাবাদ জিন্দাবাদ ধ্বনিৰে মুখৰ হৈ পৰিল ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in