বিজেপিয়ে নিষ্ঠা আৰু সততাৰে কাম কৰাৰ বাবে অসমে প্ৰাণ পায় উঠিছে : সৰ্বানন্দ সোণোৱাল

বিজেপিয়ে নিষ্ঠা আৰু সততাৰে কাম কৰাৰ বাবে অসমে প্ৰাণ পায় উঠিছে : সৰ্বানন্দ সোণোৱাল

ডিজিটেল সংবাদ,শিমলুগুৰি : সমাগত বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন ।ইতিমধ্যে ৰাজ্যৰ চৌদিশে নিৰ্বাচনী প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে বিভিন্ন ৰাজনৈতিক দল সমূহে। ইয়াৰ সমান্তৰালকৈ ১০৯ নং বিহপুৰীয়া বিধানসভা সমষ্টিটো নিৰ্বাচনী প্ৰচাৰ অভিযান তুংগত উঠা পৰিলক্ষিত হৈছে ।

ৰাজ্যৰ বিভিন্ন প্ৰান্তত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মাৰাথান নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ সমান্তৰালভাবে আজি ১০৯ বিহপুৰীয়া বিধান সভা সমষ্টিৰ বিজেপিৰ প্ৰক্ষেপিত প্ৰাৰ্থী ড' অমিয় কুমাৰ ভূ়ঞাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় ৷ সমষ্টিটোৰ অন্তৰ্গত শিমলুগুৰি ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত হোৱা বিশাল নিৰ্বাচনী সভাত মুখ্যমন্ত্ৰীগৰাকীয়ে অংশগ্ৰহণ কৰি ভাষণত কয় যে কংগ্ৰেছ এ আই ইউ ডি এফ অসমীয়া জাতিৰ শত্ৰু ৷

এই দুয়োটা বিষাক্ত ৰাজনৈতিক দলক অসমৰ ৰাইজে নিঃশেষ কৰিব লাগিব অন্যথা দুয়োটা শক্তি একগোটহৈ অসমীয়া জাতিক শেষ কৰিব পেলাব ৷ কোনে কাৰণতে এই বিষাক্ত ৰাজনৈতিক দলক অসমত ৰাজত্ব কৰিবলৈ দিয়া নহ'ব ৷

কংগ্ৰেছৰ দূৰ্নীতি ভ্ৰষ্টাচাৰ আৰু অপশাসন নিঃশেষ কৰি দূৰ্নীতিমুক্ত, প্ৰদুষণমুক্ত, সন্ত্ৰাসবাদমুক্ত, উন্নয়নৰ আধাৰে অসম আৰু অসমীয়াক আগুৱাই নিয়াৰ সংকল্পৰে ২০১৬ চনত আমি চৰকাৰ গঠন কৰিছিলো আৰু আমি আমাৰ ৰাইজ দিয়া প্ৰতিশ্ৰুতিসমূহ আখৰে আখৰে পালন কৰিছো ৷ অসমৰ সুৰক্ষাৰ স্বাৰ্থত বদৰুদ্দিন আজমলক অসমৰ ভাগ্য নিয়ন্তা হ'বলৈ নিদিও, নিদিও,নিদিও ৷

লগতে কয় যে অসমীয়া জাতি মাটি ভেটি, কৃষ্টি, সংস্কৃতি, ভাষা সাহিত্য, ঐতিহ্য-সভ্যতা বিনষ্ট কৰাৰ ষড়যন্ত্ৰত কংগ্ৰেছ লিপ্ত হৈছিল ৷বিজেপি চৰকাৰৰ দিনত আজি এইসকলোবোৰ সুৰক্ষিত ৷ ভোট বেংকৰ স্বাৰ্থত অবৈধ বাংলাদেশী অসমলৈ আনি কংগ্ৰেছে জাতীয় অপৰাধ কৰিছিল ৷ বিজেপি মিত্ৰজোঁটৰ চৰকাৰ দিনত ভাৰত বাংলা সীমান্তত অনুপ্ৰৱেশ বন্ধ কৰি দিয়া হৈছে ৷

কংগ্ৰেছৰ দিনত নিকৃষ্ট ৰাজনীতিৰ যোগেদি শাসন যন্ত্ৰটো নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে ব্যৱহাৰ কৰিছিল ৷ আমি অসমৰ সৰ্বস্তৰতে দূৰ্নীতি অনিয়ম উৎখাত কৰিছো ৷ বহু দূৰ্নীতিপৰায়ণ বিষয়া-কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰি জে'লত পঠোৱা হৈছে ৷ নিকা হৈছে প্ৰত্যেকটো পৰীক্ষা ৷ ক্ষমতাৰ স্বাৰ্থত বিজেপিয়ে কোনোদিন ৰাজনীতি কৰা নাই ৷

নিৰ্বাচনী সভাখনিত মুখ্যমন্ত্ৰীগৰাকীয়ে ইয়াৰ উপৰিও কয় যে–৩ লাখ ৬৫ হাজাৰ ভূমিহীন লোকক ভূমিপত্তা,ৰাজ্যৰ নামঘৰ,মঠ মন্দিৰ, সত্ৰ, গিৰ্জা, মছজিদলৈ চৰকাৰে আৰ্থিক অনুদান আগবঢ়োৱাৰ কথাও অৱগত কৰে ৷ বিজেপি মানে বিশ্বাস, সমন্বয় ৷ সকলো ৰাইজক বিশ্বাস আৰু আশ্বাসতলৈ কাম কৰিছে বিজেপিয়ে ৷ সম্প্ৰাদায় সমূহৰ মাজত সদভাৱনা গঢ়লৈ উঠিছে ৷ কংগ্ৰেছৰ দিনত সাম্প্ৰদায়িক সংঘৰ্ষ সৃষ্টি হৈছিল ৷

বিহপুৰীয়াৰ সমাজখন সাংস্কৃতিক, শৈক্ষিকভাবে আগৰণুৱা ৷ বিজেপিয়ে নিষ্ঠা আৰু সততাৰে কাম কৰাৰ বাবে অসমে প্ৰাণ পায় উঠিছে ৷কংগ্ৰেছৰ দিনত সন্ত্ৰাস, হিংসাই ৰাইজক জীয়াতু ভূগাইছিল ৷ আমাৰ দিনত ৮ হাজাৰতকৈ অধিক উগ্ৰপন্থীয়ে আত্মসমৰ্পন কৰিছে ৷বিজেপিয়ে সন্ত্ৰাসবাদ মুক্ত অসম গঢ়িছে ৷এক দীঘলীয়া ভাষণৰ অন্তত মুখ্যমন্ত্ৰীগৰাকীয়ে বিজেপি মিত্ৰজোঁটৰ ১০০ + মিছন সফল কৰিবলৈ আহ্বান জনায় ৷ 'আপোনালোকে যি বিচাৰে মই তাকে দিম'– কেৱল বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ড' অমিয় কুমাৰ ভূঞাক ভোট দি জয়যুক্ত কৰিবলৈ আহ্বান জনায় ৷ লগতে বিহপুৰীয়া সমষ্টিবাসীৰ হৈ ভূঞাক এখন গামোছাও প্ৰদান কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

ইফালে মুখ্যমন্ত্ৰীগৰাকীৰ উপস্থিতিত আছুৰ বহুকেইগৰাকীৰ লগতে বিভিন্ন দলৰ বহু সংখ্যক লোকে বিজেপি দলত যোগদান কৰে৷ইফালে ৰাইজৰ আদৰ সন্মান লাভ কৰি আগন্তুক নিৰ্বাচনত লক্ষাধিক ভোটত জয়লাভ কৰাৰ আশা প্ৰকাশ কৰিছে ড' অমিয় কুমাৰ ভূঞাই ৷

সভাত তেজপুৰ লোকসভাৰ সাংসদ পল্লৱলোচন দাসে অংশগ্ৰহণ কৰি ভাষণত কয় যে–কংগ্ৰেছৰ দিনত অসমত উগ্ৰপন্থীৰ সমস্যা, গড় হত্যা হৈছিল, এতিযা বিজেপিয়ে এইবোৰ সমস্যা নাইকীয়া হৈছে ৷ শিশুৰ পৰা বৃদ্ধলৈকে উন্নয়ন হৈছে ৷সবকা চাথ চবকা বিকাশ মুল মন্ত্ৰ লৈ বিজেপি মিত্ৰজোঁট চৰকাৰে কাম কৰিছে ৷বদৰুদ্দিন আজমলক লগত লৈ ভূপেন কমাৰ বৰাই জিকিব বিচাৰিছে ৷ স্বাভিমান থকা লোকে কংগ্ৰেছক ভোট নিদিয়ে ৷ছাত্ৰ সন্থাত থকাৰ পৰাই আমি অমিয় দা অমিয় দা বুলি আমি মাতো ৷ ভাল মানুহ ৷

নিৰ্বাচনত ভোট অসমীয়া সভ্যতা আৰু সংস্কৃতিৰ বাবে বিজেপিক দিবলৈ আহ্বান জনায় ৷ বিজেপি প্ৰাৰ্থী ড' অমিয় কুমাৰ ভূঞাই আদৰণি ভাষণত সকলোৰে পৰা আৰ্শীবাদ গ্ৰহণ কৰাৰ লগতে সমষ্টিবাসী ৰাইজে বিশাল ভোটৰ ব্যৱধানত তেওঁক জয়ী কৰোৱাৰ সংকল্প গ্ৰহণ কৰিছে বুলিও কৰে ৷ সভাত বিজেপিৰ ৰাজ্যিক উপ-সভাপতি জয়ন্ত দাস, ৰাজ্যিক কৃষাণ মৰ্চাৰ সভাপতি প্ৰফুল্ল বৰা,লখিমপুৰ জিলা বিজেপিৰ ৰাজ্যিক সভাপতি ফনিধৰ বৰুৱা, বিহপুৰীয়া বিধান সভা সমষ্টিক প্ৰাক্তন বিধায়ক কেশৰাম বৰাকে প্ৰমুখ্য কৰি বহু সংখ্যক নেতাই অংশগ্ৰহণ কৰে ৷ সভাত অসমৰ বিভিন্ন কৃষ্টি সংস্কৃতি, গীত নৃত্য প্ৰদৰ্শন কৰি উপস্থিত সকলোকে আপ্লুত কৰে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in