মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ অসম বিজ্ঞান সমিতিৰ ৫৩সংখ্যক দ্বি-বাৰ্ষিক অধিৱেশনৰ তৰফৰ পৰা পঞ্চাশ হাজাৰ টকাৰ বৰঙণি

মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ অসম বিজ্ঞান সমিতিৰ ৫৩সংখ্যক দ্বি-বাৰ্ষিক অধিৱেশনৰ তৰফৰ পৰা পঞ্চাশ হাজাৰ টকাৰ বৰঙণি

ডিজিটেল সংবাদ, বিহপুৰীয়াঃ বৃহস্পতিবাৰে অসম বিজ্ঞান সমিতিৰ ৫৩সংখ্যক দ্বি-বাৰ্ষিক অধিৱেশন, বিহপুৰীয়াৰ হৈ লখিমপুৰ জিলাৰ উপায়ুক্ত জীৱন বিৰ জৰিয়তে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ৫০হাজাৰ টকাৰ আৰ্থিক সাহায্য বেংক ড্ৰাফট্ যোগে আগবঢ়োৱা হয়৷ আদৰণি সমিতিৰ হৈ উপদেষ্টা দুলাল চন্দ্ৰ বৰা, কাৰ্যকৰী সভাপতি দুলাল চন্দ্ৰ মহন্ত, সম্পাদকদ্বয় ত্ৰৈলোক্যনন্দন কাকতি আৰু ধীৰেন মহন্ত,স্মৃতিগ্ৰন্থৰ সম্পাদক সত্যজিত বৰা, সাস্কৃৃৃৃতিক উপ-সমিতিৰ সভাপতি বীৰেন শইকীয়াই মাধৱদেৱ কলাক্ষেত্ৰৰ প্ৰাংগণত উপায়ুক্তক সাক্ষাৎ কৰি বিহপুৰীয়া কলেজিয়েট উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ২০২০চনৰ ডিচেম্বৰ বা ২০২১চনৰ জানুৱাৰীত অনুষ্ঠিত হ'ব লগা অসম বিজ্ঞান সমিতিৰ দ্বি-বাৰ্ষিক অধিৱেশন সম্পৰ্কেও মত বিনিময় কৰে৷

উপায়ুক্ত গৰাকীয়ে সমিতিৰ এনে সমাজকল্যাণমূলক পদক্ষেপত অভিভূত হয় আৰু ভৱিষ্যতৰ কৰ্মসূচীত নিজেও অংশীদাৰ হ'বলৈ ইচ্ছা প্ৰকাশ কৰে৷ যি সকল ব্যক্তিয়ে দান-বৰঙণিৰে আদৰণি সমিতিৰ কাৰ্যসূচীত সহযোগিতা কৰিলে সেই সকলক আদৰণি সমিতিৰ তৰফৰ পৰা কৃতজ্ঞতা জনোৱা হৈছে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in