বিহদিয়া খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত ১৬ গৰাকী কোভিড পজিটিভ…

প্ৰতীকি ফটো
প্ৰতীকি ফটো

ডিজিটেল সংবাদ, দুমুনিচকী: কামৰূপ জিলাৰ বিহদিয়া খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ কোভিড পৰীক্ষা কেন্দ্ৰত শনিবাৰে পুৰুষ মহিলাকে ধৰি ৭৩ গৰাকী লোকৰ কোভিড পৰীক্ষা কৰা হয়। ইয়াৰে ভিতৰত ১৬ গৰাকীৰ পৰীক্ষাৰ প্ৰতিবেদন মৰ্মে কোভিড পজিটিভ বুলি চিনাক্ত কৰা হয়। আক্ৰান্ত সকলৰ ৪ গৰাকীক শিঙিমাৰি কভিড কেয়াৰ হাস্পতাললৈ প্ৰেৰণ কৰা বুলি জানিবলৈ দিয়াৰ লগতে ১২ গৰাকীক হোম আইচলেছনৰ ব্যৱস্থা গ্ৰহণ কৰা বুলি বিহদিয়া খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ ভাৰপ্ৰাপ্ত চিকিৎসক আবু কালামে জানিব দিয়ে।

আনহাতে, ঠিক তেনেদৰে কমলপুৰ খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ কভিড পৰীক্ষা কেন্দ্ৰত পুৰুষ মহিলাকে ধৰি শনিবাৰে ২০২ গৰাকী লোকৰ কভিড পৰীক্ষা কৰা হয়। ইয়াৰ ভিতৰত ৪০ গৰাকী লোকৰ পৰীক্ষা প্ৰতিবেদন মৰ্মে কোভিড পজিটিভ বুলি চিনাক্ত কৰা হয়। আক্ৰান্ত সকলৰ পৰা এগৰাকীক পটাঞ্জলী কোভিড কেয়াৰ কেন্দ্ৰলৈ প্ৰেৰণ কৰা হোৱা বুলি জানিবলৈ দিয়াৰ লগতে বাকী আটাই কেইজনকে হোম আইচলেছনৰ ব্যৱস্থা গ্ৰহণ কৰা হোৱা বুলি কমলপুৰ খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত চিকিৎসকে অবগত কৰে।

ইফালে, উত্তৰ গুৱাহাটী খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ অন্তৰ্গত বেজেৰা সামুহিক স্বাস্থ্যকেন্দ্ৰৰ কোভিড পৰীক্ষা কেন্দ্ৰত শনিবাৰে পুৰুষ মহিলাকে ধৰি ৩২ গৰাকী লোকৰ কোভিড পৰীক্ষা কৰা হয়। ইয়াৰ ভিতৰত ৮ গৰাকী লোকৰ কোভিড পৰীক্ষাৰ প্ৰতিবেদন মৰ্মে পজেটিভ বুলি চিনাক্ত হয়। আক্ৰান্ত আটাইকেইজনকে কলিতাকুছি মডেল হাস্পতাললৈ প্ৰেৰণ কৰা হোৱা বুলি স্বাস্থ্যকেন্দ্ৰখনৰ ভাৰপ্ৰাপ্ত চিকিৎসক ছবিন চন্দ্ৰ দাসে জানিবলৈ দিয়ে।

উল্লেখ যোগ্য যে শুকুৰবাৰে কমলপুৰ খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ কোভিড পৰীক্ষা কেন্দ্ৰত ২৯ গৰাকী, বিহদিয়া খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত ১৪ গৰাকী আৰু উত্তৰ গুৱাহাটী খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ অন্তৰ্গত বেজেৰা সামুহিক স্বাস্থ্যকেন্দ্ৰত ১২ গৰাকী লোকক কভিড পজিটিভ বুলি চিনাক্ত কৰা হয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in