LIVE UPDATE: বিহাৰ কাৰ? আজি ফলাফল...

কোনে দখল কৰিব বিহাৰ। অভিলেখ সৃষ্টি কৰি পঞ্চমবাৰৰ বাবে বিহাৰৰ মুখ্যমন্ত্ৰী হ'ব পাৰিবনে নীতিশ কুমাৰ। ২৪৩খন আসনত বিহাৰৰত ভোটদান হৈছিল ৬৭.১৩শতাংশ।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
bihar live AP

কোনে দখল কৰিব বিহাৰ। অভিলেখ সৃষ্টি কৰি পঞ্চমবাৰৰ বাবে বিহাৰৰ মুখ্যমন্ত্ৰী হ'ব পাৰিবনে নীতিশ কুমাৰ। ২৪৩খন আসনত বিহাৰৰত ভোটদান হৈছিল ৬৭.১৩শতাংশ। 

  • Nov 14, 2025 10:52 IST

    বিহাৰত অব্যাহত নীতিশ কুমাৰৰ যাদু...

    বিহাৰত অব্যাহত নীতিশ কুমাৰৰ যাদু। বিজেপিৰ সৈতে মিত্ৰতাত থাকিলেও এইবাৰৰ নিৰ্বাচনত নিজৰ শক্তি প্ৰদৰ্শন কৰিছে নীতিশ কুমাৰৰ জে ডি ইউ দলে। পুৱা ১০.৩০বজালৈকে নীতিশ কুমাৰৰ দলে অকলেই লাভ কৰিছে ৮০আসন। ইয়াৰ বিপৰীতে বিজেপিয়ে লাভ কৰিছে ৭৭খন আসন। উল্লেখ কৰা প্ৰয়োজন যে, এন ডি এ মিত্ৰজোঁটে বৰ্তমানলৈকে ১৮১খন আসনত অগ্ৰগতি লাভ কৰি আছে। ২০২০ৰ নিৰ্বাচনতকৈ নীতিশ কুমাৰ দলে এতিয়ালৈকে প্ৰায় ৩৭খন আসনত অগ্ৰগতি লাভ কৰি আছে।



  • Nov 14, 2025 10:37 IST

    প্ৰথম ৰাউণ্ডত ৮শতাধিক ভোটত আগবাঢ়ি আছে তেজস্বী যাদৱ...

    বিহাৰ নিৰ্বাচনৰ অন্যতম এখন মুখ্য মুখ হৈছে আৰ জে ডিৰ তেজস্বী যাদৱ। লালু প্ৰসাদৰ যাদৱৰ পুত্ৰ এই তেজস্বীৰ কান্ধতে এতিয়া দলটোৰ গধুৰ দায়িত্ব। পুৱা ১০.৩০বজালৈকে তেজস্বীয়ে প্ৰতিদ্বন্দ্বিতা কৰা ৰাঘাপুৰ সমষ্টিত ৮৯৩টা ভোটত আগবাঢ়ি আছে ।

    বৰ্তমানলৈকে তেজস্বীয়ে ভোট লাভ কৰিছে ৪,৪৬৩টা।  সমষ্টিটোত মুঠ ৩০টা ৰাউণ্ডত ভোট গণনা সম্পন্ন হ'ব যদিও এতিয়ালৈকে প্ৰথম ৰাউণ্ডৰ ভোটগণনাহে সম্পন্ন হৈছে। প্ৰথম ৰাউণ্ডতে এই অগ্ৰগতি লাভ কৰিছে তেজস্বীয়ে।  সমষ্টিটোত দ্বিতীয় স্থানত আছে বিজেপিৰ প্ৰাৰ্থী সতীশ কুমাৰ। সতীশ কুমাৰে প্ৰথম ৰাউণ্ডত লাভ কৰিছে ৩৫৭০টা ভোট।



  • Nov 14, 2025 10:04 IST

    কোন দল কিমানখন আসনত অগ্ৰগতি...

    seats AP (1)



  • Nov 14, 2025 09:52 IST

    বিৰোধীৰ কি হ'ব? ২০২০তকৈ বিহাৰত আসন বাঢ়িব বিজেপিৰ!

    পুৱাৰে পৰা অগ্ৰগতিলৈ চাই অভিলেখ সৃষ্টি কৰি বিহাৰত পুনৰ এন ডি এনৰ নেতৃত্বতেই চৰকাৰ গঠন হ'ব বুলি ৰাজনৈতিক বিশ্লেষকসকলে মতপোষন কৰিছে। পুৱাৰে পৰা হোৱা টেণ্ডিঙলৈ চাই ৰাজনৈতিক বিশ্লেষকসকলে এইবাৰ বিহাৰত এন ডি এৰ আসনৰ সংখ্যা প্ৰায় ৪০খন বৃদ্ধি পাব বুলি আগজাননী প্ৰদান কৰিছে। 

    উল্লেখ কৰা প্ৰয়োজন যে, পুৱা ৯.৩০বজালৈকে হোৱা ভোটগণনাত বিজেপি নেতৃত্বাধীন এন ডি এয়ে পূৰ্বতকৈ ৩৭আসনত আগবাঢ়ি আছ। আনহাতে অগগতিলৈ চাই বিৰোধী মিত্ৰজোঁটৰ আসনৰ সংখ্যা পূৰ্বতকৈ প্ৰায় ৩৪খন হ্ৰাস পাইছে।

    ২০২০ৰ নিৰ্বাচনত পুৱা ৯.৩০বজালৈকে এন ডি এ আগবাঢ়ি আছিল ১২২খন আসনত। কিন্তু এইবাৰ এন ডি এ আগবাঢ়ি আছে ১৫৬খন আসনত। 

    ২০২০ৰ নিৰ্বাচনত পুৱা ৯.৩০বজালৈকে বিৰোধী মহাজোঁট আগবাঢ়ি আছিল ১১৪খন আসনত। কিন্তু এইবাৰ তেওঁলোক আগবাঢ়ি আছে মাত্ৰ ৮৬খন আসনত।

    এইসমূহ পৰিসংখ্যালৈ চাই বিহাৰত এইবাৰ বিৰোধী মহাজোঁটৰ আসনৰ সংখ্যা হ্ৰাস পাব বুলি ধাৰণা কৰা হৈছে। 



  • Nov 14, 2025 09:38 IST

    বিহাৰত পুৱাৰে পৰাই আনন্দৰ মুখত হাঁহি...

    • বিহাৰৰ বক্সাৰ সমষ্টিত আগবাঢ়ি আছে বিজেপিৰ প্ৰাৰ্থী আনন্দ মিশ্ৰ।
    • প্ৰাক্তন আই পি এছ বিষয়াগৰাকী কংগ্ৰেছৰ প্ৰাৰ্থী গৰাকীতকৈ কেইবা শতাধিক ভোটত আগবাঢ়ি আছে।
    • কংগ্ৰেছৰ প্ৰাৰ্থী সঞ্জয় কুমাৰ তিৱাৰীৰ সৈতে তুমূল প্ৰতিদ্বন্দ্বিতা হৈছে মিশ্ৰৰ।
    • বৰ্তমানলৈ দ্বিতীয় স্থানত আছে কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকী।
    • অগ্ৰগতিৰ ক্ষেত্ৰত তৃতীয় স্থানত আছে বি এছ পি দলৰ অভিমূন্য মায়াৰী। 
    • উল্লেখ কৰা প্ৰয়োজন যে, বিজেপিত যোগদান কৰিয়েই টিকট লাভ কৰিছে আনন্দ মিশ্ৰই।
    • তাকে লৈ দলৰ ভিতৰত সূত্ৰপাত হৈছিল বিসম্বাদৰো।
    • কিন্তু সকলোবোৰ বিসম্বাদ অতিক্ৰমী অগ্ৰগতি লাভ কৰি আছে আনন্দ মিশ্ৰই। 



  • Nov 14, 2025 09:27 IST

    বেকফুটত কংগ্ৰেছ! মেজিক নম্বৰ পাৰ কৰিলে বিজেপি নেতৃত্বাধীন এন ডি এ মিত্ৰজোঁটে...

    বিহাৰত নিৰ্বাচন অনুষ্ঠিত হোৱা ২৪৩খন আসনত চলি আছে ভোটগণনা। পুৱা ৯.২০বজালৈকে প্ৰায় ১৩৫খন আসনত অগ্ৰগতি লাভ কৰি আছে বিজেপি নেতৃত্বাধীন এন ডি এন য়ে। ক'ব পাৰি যে, বৰ্তমানলৈ অগ্ৰগতিৰ ক্ষেত্ৰত পুৱাতেই মেজিক নম্বৰ পাৰ কৰিছে এন ডি এ মিত্ৰজোঁটে।

    এই ১৩৫খন আসনৰ ভিতৰত বিজেপিয়ে অকলেই অগ্ৰগতি লাভ কৰি আছে ৬৫খন আসনত। নীতিশ কুমাৰৰ জে ডি ইউ আগবাঢ়ি আছে ৬৫খন আসনত। ইয়াৰ বিপৰীতে বিৰোধীৰ মহাজোঁট বন্ধন ৭২খন আসনত আগবাঢ়ি আছে।  ৭২খন আসনৰ ভিতৰত আৰ জে ডি অকলেই ৬৩খন আসনত আগবাঢ়ি আছে। কংগ্ৰেছ মাত্ৰ ৭খন আসনত এতিয়ালৈকে অগ্ৰগতি লাভ কৰি আছে। 



  • Nov 14, 2025 09:10 IST

    ফলাফল ঘোষণাৰ এদিনৰ পূৰ্বেই নীতিশ কুমাৰে বিলাইছিল মিঠাই...

    পুৱা ৮বজাৰ পৰা আৰম্ভ হৈছে বিহাৰ নিৰ্বাচনৰ ভোটগণনা। পঞ্চমবাৰৰ বাবে অভিলেখ সৃষ্টি কৰি নীতিশ কুমাৰ পুনৰ বিহাৰ দখল কৰি মুখ্যমন্ত্ৰী হ'ব পাৰিবনে নাই তাক লৈ সকলো মনত উতকন্ঠা। দুটা পৰ্যায়ত অনুষ্ঠিত হোৱা এইবাৰৰ বিহাৰ নিৰ্বাচনত ২,৬১৬গৰাকী প্ৰাৰ্থী অৱৰ্তীণ হৈছিল। দুটা পৰ্যায়ত ভোটদানৰ হাৰ আছিল ৬৭.১৩শতাংশ। 

    উল্লেখ কৰা প্ৰয়োজন যে, বিহাৰৰ প্ৰায় ৭.৪৫কোটি ভোটাৰে এইবাৰ ভোটদান সাব্যস্ত কৰিছিল। ইতিমধ্যে ভিন্ন সংবাদ প্ৰতিষ্ঠানে প্ৰকাশ কৰা এগজিট প'লত এন ডি এ পুনৰ শাসনলৈ আহিব বুলি আগজাননী দিছে। এনে পৰিপ্ৰেক্ষিতেই হয়তো ফলাফলৰ এদিনৰ পূৰ্বেই বৰ্তমানৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে আগতীয়াকৈ মিঠাই বিতৰণ কৰিলে সমৰ্থকসকলৰ মাজত।

    যোৱা ১৩নৱেম্বৰ, ২০২৫ৰ দিনাই নীতিশ কুমাৰে সমৰ্থক আৰু অনুৰাগীসকলৰ মাজত মিঠাই বিতৰণ কৰা দেখা গ'ল। এগজিট প'ল দেখিয়েই হয়তো নীতিশ কুমাৰে অত্যাধিক আত্মবিশ্বাসী হৈ ফলাফল ঘোষণাৰ পূৰ্বেই এনেদৰে জয় উদযাপন কৰিলে। আনহাতে বিৰোধীয়ে নীতিশ কুমাৰৰ এই আগতীয়া আনন্দৰ সংজ্ঞা দিছে আনধৰণে।

    বিৰোধীয়ে নীতিশ কুমাৰৰ এই কাৰ্যক লৈ কটাক্ষ কৰি কৈছে যে, বেলট বাকচ মেনেজ কৰি সমাপ্ত হোৱাৰ বাবেই হয়তো নীতিশ কুমাৰে এনেদৰে আগতীয়াকৈ জয় উদযাপন কৰিছে। আনফালে নীতিশ কুমাৰৰ সমৰ্থকে বিৰোধীক কটাক্ষ কৰিছে যে, জনতাৰ ওপৰত থকা বিশ্বাসৰ বাবেই নীতিশ কুমাৰে এনে আত্মবিশ্বাস প্ৰদৰ্শন কৰিব পাৰিছে। 



  • Nov 14, 2025 08:58 IST

    বিজেপিয়ে অকেলেই আগবাঢ়ি আছে ৪৯খন আসনত...

    বিহাৰ নিৰ্বাচনৰ বৰ্তমানলৈকে ভোটগণনাত বিজেপি অকলেই আগবাঢ়ি আছে ৪৯খন আসনত। মিত্ৰদল জে ডি ইউ আগবাঢ়ি আছে ৩৬খন আসনত। ইয়াৰ বিপৰীতে বিৰোধী মহাজোঁট বন্ধনৰ আৰ জে ডিয়ে  ৪৭খন আৰু কংগ্ৰেছ দল আগবাঢ়ি আছে মাত্ৰ ৭খনত আসনত। 



  • Nov 14, 2025 08:56 IST

    পুৱা ৮ বজাৰ পৰা ভোট গণনা আৰম্ভ...

    পুৱা ৮বজাৰ পৰা আৰম্ভ ভোটগণনা। বৰ্তমানলৈ এন ডি এ ৮৬খন আগবাঢ়ি আছে আৰু আৰু মহাজোঁট বন্ধন ৫৮খন আসনত আগবাঢ়ি আছে। 



  • Nov 11, 2025 20:15 IST

    দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ পৰ্ব সমাপ্ত : অন্ত পৰিল বিহাৰ বিধানসভা নিৰ্বাচন

    বিহাৰ বিধানসভা নিৰ্বাচনৰ আজি অন্তিম তথা দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ পৰ্ব অন্ত পৰিছে। শান্তিপূৰ্ণভাৱে অন্ত পৰিছে এই নিৰ্বাচন। 

    আজিৰ এই দ্বিতীয় তথা অন্তিম পৰ্যায়ত ১২২টা সমষ্টিত অনুষ্ঠিত হৈছিল ভোটগ্ৰহণ পৰ্ব। মুঠ ৪৫,৩৯৯টা কেন্দ্ৰত ভোটগ্ৰহণ অনুষ্ঠিত কৰা হয়। ইয়াৰ ভিতৰত ৪০,০৭৩টা কেন্দ্ৰ গ্ৰাম্য অঞ্চলৰ। 

    ভোটগ্ৰহণ অনুষ্ঠিত হোৱা জিলাসমূহ হৈছে— পশ্চিম চম্পাৰণ, পূব চম্পাৰণ, সীতামড়ী, মধুবনী, সুপৌল, অৰৰিয়া, আৰু কিছানগঞ্জ। দ্বিতীয় পৰ্যায়ত ১৩০২ জন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। 

    প্ৰণিধানযোগ্য যে, প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈছিল ৬ নৱেম্বৰত। প্ৰথম পৰ্যায়ত অভিলেখ সংখ্যক ৬৫.০৮ শতাংশ ভোটদানৰ হাৰ পোৱা গৈছিল।



  • Nov 11, 2025 12:11 IST

    দিনৰ ১১ বজালৈ সম্পন্ন ৩১.৩৮ শতাংশ ভোটদান...

    আজি বিহাৰ বিধানসভা নিৰ্বাচনৰ অন্তিম পৰ্যায়ৰ  ভোট গ্ৰহণ । পুৱাৰে পৰা চলি আছে  ভোটগ্ৰহণ  প্ৰক্ৰিয়া । দিনৰ ১১ বজালৈ সম্পন্ন ৩১.৩৮ ভোটদান  ।  তাৰোপৰি  কিষাণগঞ্জ  সৰ্বাধিক ভোটদান হোৱা জিলা হোৱাৰ লগতে ৪ লাখৰো অধিক নিৰাপত্তাৰক্ষী নিয়োগ কৰিছে নিৰ্বাচনত । মুঠ ৪৫,৩৯৯টা কেন্দ্ৰত ভোটগ্ৰহণ ,যাৰ ভিতৰত ৪০,০৭৩টা কেন্দ্ৰ গ্ৰাম্য অঞ্চলৰ। শান্তিপূৰ্ণভাৱে চলি আছে নিৰ্বাচন প্ৰক্ৰিয়া ।

     এই চূড়ান্ত পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে নিৰ্বাচন আয়োগে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিছে।ইয়াৰ লগতে অৰৰিয়া  ৩১.৮৮ ভোটদান, অৰৱালত   ৩১.০৭, ঔৰংগবাদত  ৩২.৮৮ , বাংকা  ৩২.৯১ , বাগালপুৰত ২৯.০৮, গায়া ৩৪.০৭ , জাহাানাাবাদত ৩০.৩৬ , জামুইত ৩৩.৬৯,কাইমুৰত ৩১.৯৮, কাটিহাৰত ৩০.৮৩, মধুবনী ২৮.৬৬, নাৱাদা২৯.০২, পাচিম চম্পাৰন ৩২.৩৯, পুৰনিয়াত ৩২.৯৪, পুৰ্বি চম্পাৰন ৩১.১৬, ৰোহটাছ ২৯.৮০, চিৱোহৰ ৩১.৫৮, চিতামৰহিত ২৯.৮১, চোৰাওল ৩১.৬৯ ।



  • Nov 06, 2025 20:52 IST

    ৯ বজাত প্ৰকাশ পাব প্ৰথম পৰ্যায়ৰ ভোটদানৰ চূড়ান্ত তথ্য

    নিৰ্বাচন আয়োগে প্ৰকাশ কৰা অনুসৰি বিহাৰৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ৬৪.৪৬ শতাংশ ভোটগ্ৰহণ সম্পূৰ্ণ হৈছে । এঘণ্টাৰ পিছত প্ৰকাশ পাব চূড়ান্ত তথ্য। পাটনাত অনুষ্ঠিত এক সংবাদমেলত নিৰ্বাচন আয়োগে জনায় যে, বাক্সাৰ, ফাতুহা আৰু লক্ষীচৰাইত ভোট বৰ্জনৰ ঘটনাও সংঘটিত হৈছে।



  • Nov 06, 2025 19:45 IST

    ৫ বজালৈকে ভোটদানৰ হাৰ ৬০.১৩ শতাংশ...

    অন্ত পৰা দিশে বিহাৰ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটদান প্ৰক্ৰিয়া। সন্ধিয়া ৫ বজালৈকে ভোটদানৰ হাৰ ৬০.১৩ শতাংশ। প্ৰথম পৰ্যায়ৰ ১২১খন আসনত অনন্ত সিং, সুৰজ ভান সিং, ঋতলাল যাদৱ, হুলাছ পাণ্ডে, ওছামা, শিৱানী শুক্লা আদি নামকে ধৰি কেইবাগৰাকীও শক্তিশালী ব্যক্তিয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে।

    শক্তিশালী লোকসকলৰ ভিতৰত অনন্ত সিঙৰ মকামা আসনত সন্ধিয়া ৫ বজাৰ ভিতৰত সৰ্বাধিক ভোটাৰ হাৰ ৬২.১৬ শতাংশ। ইফালে, সন্ধিয়া ৫ বজালৈকে ৬০.১৭ শতাংশ ভোট লাভ কৰা লালগঞ্জৰ পৰা ষ্ট্ৰংমেন মুন্না শুক্লাৰ কন্যা শিৱানী শুক্লা।



  • Nov 06, 2025 19:40 IST

    বিয়লি ৩ বজালৈকে ভোটদানৰ হাৰ ৫৩.৭৭ শতাংশ

    বিয়লি ৩ বজালৈকে বিহাৰত প্ৰথম পৰ্যায়ৰ ভোটদানৰ হাৰ ৫৩.৭৭ শতাংশ। বেগুচৰাইত সৰ্বাধিক ভোটদান ৫৯.৮২ শতাংশ। ২০২০ চনৰ নিৰ্বাচনৰ তুলনাত ভোটদানৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে। একে সময়তে ২০২০ চনত ভোটদানৰ হাৰ আছিল ৪৬.৩%।



  • Nov 06, 2025 13:33 IST

    বেগুছৰাই জিলাত সৰ্বাধিক ভোটদানৰ হাৰ ৩০.৩৭%

    পুৱা ৭ বজাৰ পৰা আৰম্ভ হৈছে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ।

    ৪৫,৩৪১টা ভোটকেন্দ্ৰত বিয়লি ৫ বজালৈ চলিব ভোটগ্ৰহণ। 

    বিহাৰৰ মুখ্য নিৰ্বাচনী বিষয়াৰ মতে, পুৱা ১১ বজাত ভোটদানৰ হাৰ ২৫.১১%। 

    বেগুছৰাই জিলাত সৰ্বাধিক ভোটদান ৩০.৩৭% ।

    বাতৰি লিখা পৰলৈকে পাটনা জিলাত এতিয়ালৈকে সৰ্বনিম্ন ভোটদানৰ হাৰ 

    জিলাখনত ভোটদানৰ হাৰ মাত্ৰ ২৩.৭১%।



  • Nov 06, 2025 12:12 IST

    বিহাৰৰ নিৰ্বাচন : দিনৰ ১১ বজালৈকে ২৭.৬৫ শতাংশ ভোটাৰে কৰিলে ভোটদান

    আজি পুৱা ৭-০০ বজাৰ পৰা অনুষ্ঠিত হৈছে বিহাৰৰ নিৰ্বাচন।

    দুটা পৰ্যায়াত অনুষ্ঠিত হোৱা নিৰ্বাচনৰ আজি প্ৰথম পৰ্যায়ৰ নিৰ্বাচন।

    প্ৰথম পৰ্যায়ত দিনৰ ১১ বজালৈকে ২৭.৬৫ শতাংশ ভোটাৰে কৰিছে ভোটদান।

    ইতিমধ্যে ভোটাধিকাৰ সাৱ্যস্ত কৰিছে কেইবাগৰাকী নেতাই।

    উপ-মুখ্যমন্ত্ৰী, তেজস্বী যাদৱৰ পাছতে মুখ্যমন্ত্ৰী নিতীশ কুমাৰে সাৱ্যস্ত কৰে ভোটাধিকাৰ।



  • Nov 06, 2025 11:05 IST

    ভোটাধিকাৰ সাৱ্যস্ত কৰিলে মুখ্যমন্ত্ৰী নিতীশ কুমাৰে

    প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ভোটাধিকাৰ সাৱ্যস্ত কৰিলে মুখ্যমন্ত্ৰী নিতীশ কুমাৰে।

    আজি পুৱা ৭-০০ বজাৰ পৰা অনুষ্ঠিত হৈছে বিহাৰৰ নিৰ্বাচন।

    দুটা পৰ্যায়ত অনুষ্ঠিত হোৱা নিৰ্বাচনৰ আজি প্ৰথম পৰ্যায়ৰ নিৰ্বাচন।

    ইতিমধ্যে ভোটাধিকাৰ সাৱ্যস্ত কৰিছে কেইবাগৰাকী নেতাই।

    উপ-মুখ্যমন্ত্ৰী, তেজস্বী যাদৱৰ পাছতে মুখ্যমন্ত্ৰী নিতীশ কুমাৰে সাৱ্যস্ত কৰে ভোটাধিকাৰ।



  • Nov 06, 2025 10:06 IST

    আজি ভোটাৰে নিৰ্ণয় কৰিব আনন্দ মিশ্ৰৰো ভাগ্য...

    বিহাৰৰ প্ৰথম প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ভাগ্য নিৰ্ণয় হ’ব বিজেপিৰ প্ৰাৰ্থী তথা প্ৰাক্তন আই পি এছ আনন্দ মিশ্ৰৰো।  বিহাৰৰ বাক্সাৰ বিধানসভা সমষ্টিত এইবাৰ নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থী আনন্দ মিশ্ৰ। বহুদিনৰ জল্পনা-কল্পনাৰ অন্ত পেলাই চাকৰি জীৱন আধাতে এৰি যোৱা আনন্দ মিশ্ৰই অৱশেষত গেৰুৱা বসন পিন্ধিছিল। বিজেপিত যোগদান কৰিয়ে বাক্সাৰ সমষ্টিৰ পৰা টিকট লাভ কৰিছিল আনন্দ মিশ্ৰই।

    আনন্দ মিশ্ৰই নিৰ্বাচনক লৈ বাক্সাৰ অলি-গলিয়ে আৰম্ভ কৰিছে প্ৰচাৰ অভিযান। কিন্তু তাৰ মাজতে শেহতীয়াকৈ খবৰ আহিছে যে, দলৰ ভিতৰতে সৃষ্টি হোৱা বিসম্বাদৰ বাবে আনন্দ মিশ্ৰই বিধায়ক হোৱা আনন্দ হয়তো লাভ নকৰিব। কিয়নো অইন দলৰ পৰা আহি বিজেপিত যোগদান কৰিয়েই টিকট লাভ কৰাৰ বাবে সমষ্টিটোত পুৰণি বিজেপি কাৰ্যকতাসকল যথেষ্ট ক্ষোভিত হৈ আছে।

    ইতিমধ্যে কেইবাটাও ভাগত বিভক্ত হৈছে বাক্সাৰ বিজেপি। ন-পুৰণি কৰ্মকতা সকলৰ মাজত চলিছে এখন শীতল যুদ্ধ। এনে পৰিস্থিতিত নিৰ্বাচনী বৈতৰণী পাৰ হোৱাত যথেষ্ট প্ৰত্যাহ্বান আহিছে আনন্দ মিশ্ৰৰ।  তথাপিও হাঁহিমুখে প্ৰচাৰ চলাই গৈছে মিশ্ৰই। দল হাইকামাণ্ডেও মিশ্ৰক দিছে বিশেষ গুৰুত্ব। অমিত শ্বাহ আহি মিশ্ৰৰ সৈতে জনসভা সম্বোধন কৰিছিল। 

    কিন্তু এই সকলোবোৰৰ মাজতো যেন কিছু শংকাত আছে আনন্দ মিশ্ৰ। ২০২৫চনৰে পৰা কংগ্ৰেছৰ দখলত থকা সমষ্টিটো বিজেপিৰ আনন্দ মিশ্ৰই কেনেকৈ উদ্ধাৰ কৰিব তাক লৈও যথেষ্ট চৰ্চা হৈছে। বৰ্তমান সমষ্টিটো কংগ্ৰেছ বিধায়ক সঞ্জয় কুমাৰ তিৱাৰীৰ দখলত আছে। ২০১৫চনৰ পৰা তিৱাৰীৰ দখলতে আছে সমষ্টিটো।

    অৱশ্যে ২০১০চনৰ নিৰ্বাচনত বিজেপিৰ সুখণ্ডা পাণ্ডে জয়ী হৈছিল সমষ্টিটোত। বৰ্তমান সমষ্টিটোত কংগ্ৰেছৰ স্থিতি যথেষ্ট সবল। তেনে ক্ষেত্ৰত কিদৰে আনন্দ মিশ্ৰই সমষ্টিটো কংগ্ৰেছৰ হাতৰ পৰা কাঢ়ি আনে, সেয়া লক্ষ্যণীয় হ'ব। অৱশ্যে বিগত দিনবোৰত সমষ্টিটোত জোৰদাৰ প্ৰচাৰ চলাইছিল আনন্দ মিশ্ৰই।



  • Nov 06, 2025 09:40 IST

    নিতীশ কুমাৰেই হ’ব মুখ্যমন্ত্ৰী : ভোটাধিকাৰ সাৱ্যস্ত কৰি উপ মুখ্যমন্ত্ৰীৰ দাবী

    নিতীশ কুমাৰেই হ’ব মুখ্যমন্ত্ৰী : ভোটাধিকাৰ সাৱ্যস্ত কৰি উপ মুখ্যমন্ত্ৰীৰ দাবী

    আজি বিহাৰৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন।

    পুৱা ৭-০০ বজাৰ পৰা আৰম্ভ হৈছে ভোটগ্ৰহণ পৰ্ব।

    পুৱাই বিহাৰৰ উপ- মুখ্যমন্ত্ৰীয়ে কৰিলে ভোটাধিকাৰ সাব্যস্ত।

    ভোটদান কৰি তেওঁ ক’লে- নিতীশ কুমাৰ আমাৰ মুখ্য। গতিকে পুনৰ তেঁৱেই হ’ব মুখ্যমন্ত্ৰী।

    আৰ জে ডি নেতা তেজস্বী যাদৱৰো ভোটাধিকাৰ সাৱ্যস্ত।

    যাদৱে ক’লে- উন্নয়নৰ বাবে সকলোৱে ওলাই আহিছে ভোট দিবলৈ।



  • Nov 06, 2025 08:09 IST

    আৰম্ভ হ’ল বিহাৰৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া

    আৰম্ভ হ’ল বিহাৰৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া।

    পুৱা ৭-০০ বজাৰ লগে লগে আৰম্ভ ভোটগ্ৰহণ।

    নিৰ্বাচনী প্ৰক্ৰিয়াত যাতে কোনো অপ্ৰীতিকৰ পৰিস্থিতি নহয় তাৰ বাবে কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা।

    প্ৰথম পৰ্যায়ত ভাগ্য নিৰ্ণয় কৰিব ১৩১৪গৰাকী প্ৰাৰ্থীৰ।

    এই প্ৰাৰ্থীৰ সকলৰ ভিতৰত আছে লালু প্ৰসাদ যাদৱৰ দুই পুত্ৰ।



  • Nov 05, 2025 22:27 IST

    প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত মহিলাৰ প্ৰতিনিধিত্ব...

     প্ৰথম পৰ্যায়ত মহিলা প্ৰাৰ্থীৰ অংশ মাত্ৰ ৯%, যিয়ে ৰাজ্যখনৰ ৰাজনীতিত মহিলাৰ দুৰ্বল প্ৰতিনিধিত্বৰ ইংগিত দিয়ে।



  • Nov 05, 2025 22:27 IST

    কিমান শিক্ষিত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত নমা প্ৰাৰ্থী...

    প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত অৱতীৰ্ণ হোৱা ৬৫১ জন প্ৰাৰ্থী (৫০%) স্নাতক বা তাতোকৈ অধিক শিক্ষিত, আনহাতে ৫১৯ জন প্ৰাৰ্থী পঞ্চমৰ পৰা দ্বাদশ শ্ৰেণীলৈকে পঢ়া-শুনা কৰা।



  • Nov 05, 2025 22:26 IST

    প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ ৪০% প্ৰাৰ্থী কোটিপতি...

    এছ’চিয়েশ্যন ফৰ ডেম’ক্ৰেটিক ৰিফৰ্মছ (ADR) আৰু বিহাৰ ইলেকচন ৱাটচৰ এক প্ৰতিবেদনত  কোৱা হৈছে যে মুঠ ১৩০৩ জন প্ৰাৰ্থীৰ ভিতৰত ৫১৯ জন (৪০%) কোটিপতি।

    প্ৰায় প্ৰতিটো ডাঙৰ ৰাজনৈতিক দলেই ধনী প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিছে, যাৰ ফলত ৰাজনীতিত পুঁজিৰ আধিপত্য বিস্তাৰ হৈছে।



  • Nov 05, 2025 22:24 IST

    প্ৰথম পৰ্যায়ৰ প্ৰাৰ্থীৰ ৪২% ৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ...

    প্ৰথম পৰ্যায়ৰ মুঠ ১৩০০৩ জন প্ৰাৰ্থীৰ ভিতৰত ৪২৩ জন (৩২%) প্ৰাৰ্থীৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ আছে।

    ইয়াৰ ভিতৰত ৩৫৪ জন (২৭%) প্ৰাৰ্থীৰ বিৰুদ্ধে হত্যা (৩৩ টা), হত্যাৰ চেষ্টা (৮৬ টা), মহিলাৰ বিৰুদ্ধে অপৰাধ (৪২ টা), আৰু ধৰ্ষণ (২ টা)ৰ দৰে গুৰুতৰ অপৰাধমূলক গোচৰ চলি আছে।

    ৰাষ্ট্ৰীয় জনতা দল (RJD)ৰ ৭০ জনৰ ভিতৰত ৪২ জন (৬০%), ভাৰতীয় জনতা পাৰ্টী (BJP)ৰ ৪৮ জনৰ ভিতৰত ২৭ জন (৫৬%), আৰু কংগ্ৰেছৰ ২৩ জনৰ ভিতৰত ১২ জন (৫২%) প্ৰাৰ্থী গুৰুতৰ অপৰাধমূলক গোচৰত অভিযুক্ত। চি পি আই (এম এল)ৰ ৬৪% আৰু চি পি আইৰ ৮০% প্ৰাৰ্থীৰ বিৰুদ্ধেও অপৰাধমূলক গোচৰ আছে।



বিহাৰ বিহাৰ দিৱস