গৰু চুৰিৰ সন্দেহত ৩০০জনে মৰিয়াই মৰিয়াই হত্যা কৰিলে বৃদ্ধক!

গৰু চুৰিৰ সন্দেহত ৩০০জনে মৰিয়াই মৰিয়াই হত্যা কৰিলে বৃদ্ধক!

ডিজিটেল ডেস্কঃ বিহাৰত সংঘটিত হ'ল মৰেল পুলিচিঙৰ ঘটনা। বিহাৰৰ অৰৰিয়া জিলাত এজন বৃদ্ধক মৰিয়াই মৰিয়াই হত্যা কৰাৰ ঘটনা পোহৰলৈ আহিছে। জিলাখনৰ ছিকটী থানাৰ অন্তৰ্গত সিমৰবণী গাঁৱত শনিবাৰে সংঘটিত হয় এই নাৰকীয় ঘটনা। প্ৰায় ৩০০জন লোকে এজন বৃদ্ধক পশু চুৰি কৰাৰ সন্দেহত নিৰ্মমভাৱে প্ৰহাৰ কৰে। যাৰফলত অৱশেষত মৃত্যুক সাৱটি লয় বৃদ্ধগৰাকীয়ে। কাবুল নামৰ এই বৃদ্ধগৰাকীয়ে ঘটনা সংঘটিত হোৱা স্থানৰ চুবুৰীয়া গাঁওখনৰ নিবাসী বুলি জানিব পৰা গৈছে। ৩০০জনকৈ লোকে প্ৰহাৰ কৰা সময়ত বৃদ্ধগৰাকীয়ে বাৰম্বাৰ জীৱন ভীক্ষাও খুজিছিল। কিন্তু এই পাষাণ হৃদয়ৰ লোকসকলে বৃদ্ধগৰাকীৰ কথা আওকাণ কৰি নিৰ্মাণভাৱে প্ৰহাৰ কৰিলে তেওঁক।

বৃদ্ধগৰাকীক প্ৰথমে দুডাল লাঠীৰে প্ৰহাৰ কৰে আৰু চোৰ চোৰ বুলি চিঞৰে। প্ৰহাৰ কৰা সকলৰ ভিতৰত মুছলিম মিঞা নামৰ এজনে হাঁহি হাঁহি প্ৰহাৰৰ বাবে সকলোকে উচুতাই দিছিল। ইফালে, বৃদ্ধগৰাকীয়ে পৰিধান কৰি থকা কাপোৰবোৰো খুলি দিছিল উদণ্ড যুৱকসকলে। ইফালে, এই সমগ্ৰ ঘটনাৰ এটা ভিডিঅ' ইতিমধ্যে ভাইৰেল হৈ পৰিছে। য'ত বহু কেইজন আক্ৰমণকাৰীৰ মুখমণ্ডলো দেখা পোৱা গৈছে. কিন্তু আৰক্ষীয়ে বৰ্তমানলৈ ইয়াৰে কোনো এজনক গ্ৰেপ্তাৰ কৰা নাই।

প্ৰহাৰ কৰি থকা সময়ত কাবুলে ভঙা ভঙা মাতেৰে পশু চোৰ নহয় বুলিও কয় কিন্তু কোনেও সেই কথাত মন নিদিয়ে। তাৰোপৰি মুছলিম মিঞা নামৰ লোকজনে পূৰ্বেয়ে কাবুল নামৰ বৃদ্ধগৰাকীৰ বিৰুদ্ধে পশুধন চুৰি কৰা বুলি এজাহাৰ দাখিল কৰিছিল। ইফালে, আৰক্ষীয়ে কাবুলক মৰিয়াই মৰিয়াই হত্যা কৰাৰ বিষয়ে দুদিন পাছতহে খবৰ পায়। বৰ্তমান অৰৰিয়াৰ এছডিপিঅ কে পি সিঙে কয় যে- 'প্ৰহাৰ কৰা আটাইকেইজন মৃত লোকজনৰ চিনাকি আৰু অচিনাকী বহু কেইজন লোকৰ বিৰুদ্ধে এফ আই আৰ জাৰি কৰা হৈছে। আমি মুখ্য অভিযুক্তক বিচাৰি তদন্ত অব্যাহত ৰাখিছো।'

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in