অচিন ৰোগত আক্ৰান্ত হৈ বিহাৰত ৭৩ শিশুৰ মৃত্যু…

অচিন ৰোগত আক্ৰান্ত হৈ বিহাৰত ৭৩ শিশুৰ মৃত্যু…

ডিজিটেল ডেস্কঃ বিহাৰৰ মুজাফৰপুৰত হাইপ'গ্লাইছিমিয়া ৰোগত আক্ৰান্ত হৈ বৰ্তমানলৈ ৭৩টি শিশুৱে সাৱটিছে মৃত্যুক। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে মৃত্যু হোৱা প্ৰতিটো শিশুৰ পৰিয়ালৰ লোকক ৪লাখ টকাকৈ সাহায্য প্ৰদানৰ ঘোষণা কৰে। জানিব পৰা মতে, চলিত মাহত বৰ্তমানলৈ ৭৩টি শিশুৰ মৃত্যু হৈছে। মৃত্যু হোৱা শিশু কেইটিৰ দেহত হাইপ'গ্লাইছিমিয়াৰ লক্ষণ দেখা পোৱা গৈছে।এই অৱস্থাত ব্লাড ছুগাৰ অধিক হাৰত হ্ৰাস পোৱাৰ লগতে ইলেক্ট্ৰলাইটৰ পৰিমানো অসন্তুলিত হয়। মৃত্যু হোৱা শিশু কেইটিৰ বয়স ১ৰ পৰা ১০বছৰ ভিতৰত।

উল্লেখ্য যে, মুজফৰপুৰৰ দুখন চৰকাৰী হাস্পতালত ক্ৰমে শ্ৰী কৃষ্ণ মেডিকেল কলেজ হাস্পতাল(এছকেএমচিএইচ) আৰু কেজৰিৱাল হাস্পতালত মৃত্যু হয় এই শিশু কেইটিৰ। মুজফৰপুৰ জিলা প্ৰশাসনে জাৰি কৰা এক বিজ্ঞপ্তি অনুসৰি, এছ কে এম চি এইচ হাস্পতালত শনিবাৰৰ দিনটোত ৪টি শিশুৱে প্ৰাণ হেৰুৱাই।

ইফালে, ১ জুনৰ পৰা ১৯৭টি শিশুক এছ কে এম চি এইচত ভৰ্তি কৰোৱা হৈছিল। আৰু কেজৰিৱাল হাস্পতালত ভৰ্তি কৰোৱা হৈছিল ৯১টি শিশুক। শিশু কেইটিক একিউট ইনকেফেলাইটিছ ৰোগত আক্ৰান্ত হোৱাৰ সন্দেহত প্ৰথমে হাস্পতালত ভৰ্তি কৰোৱা হৈছিল যদিও, সৰহ ভাগ শিশুৰ দেহত হাইপ'গ্লাইছিমিয়াৰ লক্ষণ দেখা পোৱা গৈছে বুলি চিকিৎসকে জনায়। ইফালে, দুয়োখন হাস্পতালত বৰ্তমান ৬টা শিশুৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।

আনহাতে, কেন্দ্ৰীয় মন্ত্ৰী তথা প্ৰদেশ বিজেপি অধ্যক্ষ নিত্যানন্দ ৰায়ে গৃহ ৰাজ্যিক মন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰাৰ পাছত সকলো অভিনন্দন কাৰ্যসূচী বাতিল কৰি পটনা বিমান বন্দৰৰ পৰা পোনে পোনে মুজফৰপুৰত উপস্থিত হয়। তেওঁ হাস্পতালত উপস্থিত হোৱাৰ পাছত সংবাদমাধ্যমৰ আগত কয় যে- এয়া আমাৰ বাবে এক দুখজনক ঘটনা। এই অচিন ৰোগে এই বছৰত বহু কেইজনৰ প্ৰাণ কাঢ়িলে।

গৃহ ৰাজ্যিক মন্ত্ৰী গৰাকীয়ে লগতেকয়- ন'ৰৱেৰ পৰা চিকিৎসকলৰ এটা দলক শিশু সকলৰ মৃত্যুৰ প্ৰকৃত কাৰণ কি তাৰ পৰীক্ষাৰবাবে পুণেৰ এটা গৱেষণাগাৰলৈ প্ৰেৰণ কৰা হৈছে। তদুপৰি মুখ্যমন্ত্ৰী নীতিশ কুমাৰেইয়াৰ পূৰ্বে পৰিয়ালৰ লোকে সন্তানক খালী পেটত বা লিচু খাই নিশা নুশুবলৈ পৰামৰ্শদিছিল।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in