আলকাতৰা কেলেংকাৰীত জড়িত বিহাৰৰ প্ৰাক্তন মন্ত্ৰীক ৪ বছৰৰ জেইল

আলকাতৰা কেলেংকাৰীত জড়িত বিহাৰৰ প্ৰাক্তন মন্ত্ৰীক ৪ বছৰৰ জেইল

পাটনাঃ বিহাৰৰ প্ৰাক্তন মন্ত্ৰী তথা বৰ্তমানৰ আৰজেডিৰ বিধায়ক ইলিয়াছ হুছেইনক আলকতৰা কেলেংকাৰীত দোষী সাব্যস্ত কৰিছে চিবিআইৰ বিশেষ আদালতে।

বিধায়কজনক চাৰিবছৰৰ কাৰাদণ্ডৰ লগতে দুই লাখ টকাৰ জৰিমনাও বিহিছে ৰাঁচীৰ চিবিআইৰ বিশেষ আদালতে। ১৯৯২ চনত প্ৰায় ৩৭৫ মেট্ৰিকটন আলকতৰা কেলেংকাৰী সংঘটিত হৈছিল বিহাৰত।

সেই সময়ত বিহাৰ চৰকাৰে ১৮ লাখ টকাৰ ৰাজহ হেৰুৱাইছিল। এই কেলেংকাৰীতে বিধায়কজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছিল যদিও সুৰ্দীঘ বিৰতিত মুৰত আদালতে আজি এই ৰায়দান কৰে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in