বিহাৰত মধ্যহ্ন ভোজনৰ খাদ্যত বিষক্ৰিয়া, চিকিৎসাধীন অৰ্ধশতাধিক ছাত্র-ছাত্ৰী

বিহাৰত মধ্যহ্ন ভোজনৰ খাদ্যত বিষক্ৰিয়া, চিকিৎসাধীন অৰ্ধশতাধিক ছাত্র-ছাত্ৰী

ডিজিটেল ডেস্কঃ বিহাৰৰ উত্তৰ চম্পাৰণ জিলাত খাদ্যত বিষক্ৰিয়া ঘটি শনিবাৰে অসুস্থ হৈ পৰে অৰ্ধশতাধিক ছাত্ৰ-ছাত্ৰী। জিলাখনৰ পূৰণহিয়া নামৰ গাওঁখনত সংঘটিত হৈছে এই ঘটনা। মাধ্যাহ্ন ভোজনৰ আহাৰ গ্ৰহণৰ পাছতে ছাত্র-ছাত্ৰী সকলৰ স্বাস্থ্যৰ অৱনতি ঘটে।

খাদ্য খোৱাৰ পাছতে কেবাগৰাকী ছাত্ৰ-ছাত্ৰী পেটৰ বিষত আক্ৰান্ত হোৱাৰ লগতে আন কেবাগৰাকীৰ বমি আৰম্ভ হয়। ইফালে একাংশ ছাত্র ছাত্ৰীয়ে খোৱা পাতত জেঠীৰ টুকুৰাও প্ৰত্যক্ষ কৰে।

ঘটনাৰ পাছতে অতিকমেও ৪০গৰাকী ছাত্র-ছাত্ৰীক চিকিৎসালয়ত ভৰ্তি কৰা হয়। উল্লেখ্য যে, বিহাৰত প্ৰতিদিনে ১৬ মিলিয়ন ছাত্র-ছাত্ৰীয়ে ৭২,০০০খন বিদ্যালয়ত মাধ্যাহ্ন ভোজনৰ আহাৰ গ্ৰহণ কৰে।

তেনেস্থলত এখন চৰকাৰী বিদ্যালয়ত ঘটা এনে ঘটনাক লৈ সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়া। ঘটনাৰ এক উচ্চ পৰ্যায়ৰ তদন্তৰ অন্তত দোষীক শাস্তি প্ৰদানৰ দাবী তুলিছে অভিভাৱকসকলে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in