বিহাৰৰ শিক্ষামন্ত্ৰীয়ে গাব নাজানে ৰাষ্ট্ৰীয় সংগীত,ভিডিঅ’ শ্বেয়াৰ কৰিলে আৰজেডিয়ে…

বিহাৰৰ শিক্ষামন্ত্ৰীয়ে গাব নাজানে ৰাষ্ট্ৰীয় সংগীত,ভিডিঅ’ শ্বেয়াৰ কৰিলে আৰজেডিয়ে…

ডিজিটেল ডেস্ক : বিহাৰৰ নতুন শিক্ষামন্ত্ৰীয়ে ৰাষ্ট্ৰীয় সংগীত গাব নজনা বিষয়ক লৈ বিহাৰত সৃষ্টি হৈছে নতুন বিতৰ্ক । নীতিশ কুমাৰৰ মন্ত্ৰীসভাৰ শিক্ষা মন্ত্ৰী মেৱালালে ৰাষ্ট্ৰীয় সংগীত গাব নজনা এটা ভিডিঅ' বৰ্তমান চৰ্চিত হৈ পৰিছে ছচিয়েল মিডিয়াত ।

এই ভিডিঅ'টো মুখ্য বিৰোধী দল আৰজেডিয়ে ৰাষ্ট্ৰীয় সংগীত গাব নাজানে বুলি কৈ টুইটাৰত শ্বেয়াৰ কৰিছে ।"কেইবাটাও দুৰ্নীতিৰ অভিযোগত অভিযুক্ত বিহাৰৰ শিক্ষা মন্ত্ৰী মেৱালাল চৌধুৰীয়ে ৰাষ্ট্ৰীয় সংগীত গাব নাজানে। নীতিশ কুমাৰ লজ্জিত নেকি ? বিবেক ক'ত ডুব গ'ল?" বুলি আৰজেডিয়ে টুইট যোগে প্ৰকাশ কৰে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in